peepl-small

এম্বুলেঞ্চ ৰখাই ঘৰত ভাত খাইহে চিকিৎসালয়লৈ আহে পজিটিভ ৰোগী

PUBLISHED:

গুৱাহাটী: বাৰে বাৰে নির্দেশ দিয়াৰ পাছতো গা লৰা নাই গোলাঘাটৰ স্বাস্থ্য বিভাগ আৰু কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় কর্তৃপক্ষৰ৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত গোলাঘাটত উপস্থিত হৈ স্বাস্থ্য বিভাগ আৰু চিকিৎসালয়খনৰ কর্তৃপক্ষক ক’ভিড ৰোগীক চিনাক্ত কৰাৰ পাছতে চিকিৎসালয়লৈ  আনিবলৈ আৰু নিগেটিভ ৰোগীক নিজা নিজা ঘৰত থৈ আহিবলৈ চৰকাৰী এম্বুলেঞ্চ যোগান ধৰাৰ নির্দেশ দিয়াৰ পাছতো নাই চৰকাৰী এম্বুলেঞ্চ৷ যাৰ বাবে ক’ভিড ৰোগীয়ে উপায়হীন হৈ সহায় বিচাৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ৷

বিধায়কগৰাকীয়েও বিলম্ব নকৰি এম্বুলেঞ্চত উঠাই ক’ভিড চিকিৎসালয়লৈ লৈ আহিল ক’ভিড আক্রান্ত মাতৃ–পুত্রক৷ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে গোলাঘাট জিলাৰ নৰাগাঁৱৰ দুই ক’ভিড আক্রান্ত মাতৃ তথা বৃদ্ধা ৰূপেশ্বৰী লাহন আৰু পুত্র গুণ লাহনৰ ক’ভিড পজিটিভ হোৱাত তেওঁলোকে চৰকাৰী এম্বুলেঞ্চ বিচাৰি নাপাই বিধায়কগৰকীক ফোনযোগে সহায় বিচাৰে৷ তেতিয়া বিধায়কগৰাকীয়ে গাড়ী প্রেৰণৰ যো–জা কৰাত ৰোগীয়ে ভাত খাবলৈ সময় বিচাৰি খন্তেক পলমকৈ গাড়ী পঠিয়াবলৈ অনুৰোধ কৰে৷ এই কথাত বিধায়কগৰাকী হতভম্ব হৈ পৰে, কাৰণ ক’ভিড পৰীক্ষা কেন্দ্রত পজিটিভ বুলি চিনাক্ত হোৱাৰ পাছত কেনেকৈ নিজা ঘৰলৈ আহিবলৈ সুবিধা পালে বুলি প্রশ্ন কৰে৷ বিধায়কগৰাকীক ফোন কৰাৰ সময়ত বিধায়ক মৃণাল শইকীয়া অন্য কামত ব্যস্ত থকাত বিধায়কগৰাকীয়ে তেওঁৰ ভাতৃ সাদৃশ যুৱক ৰক্তিম কোঁৱৰক এম্বুলেঞ্চত ততাতৈয়াকৈ দুই ক’ভিড আক্রান্তক চিকিৎসালয়লৈ লৈ যাৱলৈ দায়িত্ব দিয়ে৷

বিধায়কগৰাকীৰ নির্দেশত ভ্রাম্যমাণ বাহনখন চলাই আহে ৰক্তিম কোঁৱৰ নামৰ ১৮ বছৰীয়া যুৱকজনে৷ প্রথমবাৰৰ বাবে ক’ভিড ৰোগীক গাডীত চিকিৎসালয়লৈ অনা ৰক্তিমৰ অলপো ভয় লগা নাছিল৷ বিধায়কগৰাকীয়ে এই সমগ্র বিষয়টো ৰাইজৰ স্বার্থত টুইটযোগে ৰাজহুৱা কৰাত বিষয়টো মুখ্যমন্ত্রীৰ দৃষ্টি আকর্ষণ হোৱাত মুখ্যমন্ত্রীয়ে স্বাস্থ্যমন্ত্রীক তদন্তৰ নির্দেশ দিয়ে বুলিও বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে৷

বিধায়কগৰাকীয়ে লগতে জিলাখনৰ চিকিৎসা বিভাগৰ বিষয়াসকলৰ অমনোযোগিতাৰ বাবে ক’ভিড চিকিৎসাত বেমেজালি সৃষ্টি হৈছে বুলি অভিযোগ কৰি কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ ৭২টা অক্সিজেন চিলিণ্ডাৰৰ এক খেলিমেলি হৈছিল বুলিও প্রকাশ কৰে৷ এনে সময়ত এক উচ্চস্তৰৰ তদন্ত হ’লে নিশ্চয় একাংশ বিষয়া জালত যে পৰিব সেয়া নিশ্চিত৷ আনহাতে অক্সিজেন চিলিণ্ডাৰ অন্তর্ধান হোৱা ঘটনা সন্দর্ভত জিলা উপায়ুক্তই এখন তদন্ত সমিতি গঠন কৰি তদন্তৰ নির্দেশ দিছিল যদিও কেনে প্রতিবেদন দাখিল কৰিলে তদন্ত সমিতিয়ে সেয়াও অন্ধকাৰত৷ আনহাতে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰত সমগ্র ঘটনা সন্দর্ভত স্বাস্থ্যমন্ত্রীক তদন্ত কৰিবলৈ নির্দেশ দিয়ে৷

RELATED ARTICLES