peepl-small

মাত্র দুটা সপ্তাহৰ বাবেহে গুৱাহাটীত মজুত আছে ক’ভিড বিছনা

PUBLISHED:

গুৱাহাটী: ক্রমাৎ জটিল হৈ পৰিছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি৷ প্রতিদিনে ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে সংক্রমিত হোৱা লোকৰ সংখ্যাও৷ সেয়ে পৰিস্থিতিৰ প্রতি চাই জনসাধাৰণক অধিক সচেতন হোৱাৰ লগতে সাৱধানতা অৱলম্বন কৰিবলৈ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আহ্বান জনায়৷ মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ভিড পৰিস্থিতি পর্যালোচনা কৰি সাংবাদিকৰ আগত ড০ শর্মাই কয় যে সোমবাৰে ৰাজ্যখনত ২৯জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ আক্রান্তৰ সংখ্যাও প্রায় ৪,৫০০লৈ বৃদ্ধি পাইছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পুৰণি বিল্ডিঙত বর্তমান ৬০০জন ক’ভিড ৰোগী আছে৷ অৱশ্যে আজিৰে পৰা জি এম চি এইচৰ নতুন ছুপাৰ স্পেচিয়েলিটী ব্লকত ২৭০খন অক্সিজেনযুক্ত বিছনা লাভ কৰিব পৰা যাব৷ তেওঁ আৰু কয় যে প্রত্যেক সপ্তাহতে ক’ভিডত আক্রান্ত ৰোগীৰ হাৰ বৃদ্ধি পাই আছে৷

এহেজাৰৰ পৰা ডেৰ হাজাৰলৈ নতুন ৰোগী সপ্তাহত বৃদ্ধি পাই আছে৷ এনেদৰে ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাই থাকিলে দুটা সপ্তাহ পিছত গুৱাহাটীৰ চিকিৎসালয়ত ক’ভিড ৰোগীৰ বাবে বিছনাৰ সংখ্যা কমি আহিব৷ একেদৰে আই চি ইউ বিছনাৰ সংখ্যাও ক্রমাৎ কমি অহাৰ বিষয়ে জানিবলৈ দি তেওঁ কয় যে এই মুহূর্তত জি এম চি এইচত ৬খন আই চি ইউ বিছনা খালী আছে৷ অৱশ্যে আজিৰে পৰা ছুপাৰস্পেচিয়েলিটী ব্লকৰ পৰা আৰু ৬০খন নতুন আই চি ইউ বিছনা লাভ কৰা যাব৷ ইয়াৰ পৰিপ্রেক্ষিতত স্বাস্থ্য বিভাগে আজি কামৰূপ (মহানগৰ) জিলা প্রশাসনৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰাৰ বিষয়ে জানিবলৈ দি ড০ শর্মাই কয় যে জিলা উপায়ুক্তক মহানগৰীৰ কোনকেইটা ৱার্ডৰ পৰা অধিকসংখ্যক ক’ভিড ৰোগী আহিছে আৰু তাত সংক্রমণৰ সংখ্যা বৃদ্ধি হোৱাৰ কাৰণ কি সেই সম্পর্কে অধ্যয়ন কৰিবলৈ কোৱা হৈছে৷ ড০ শর্মাই কয় যে গুৱাহাটীত ক’ভিডত আক্রান্তৰ গড় হাৰতকৈ যিবোৰ ৱার্ডত অধিক লোক আক্রান্ত হৈছে প্রয়োজনত সেইসমূহ ৱার্ড কণ্টেইনমেণ্ট জ’ন কৰিব লাগিব৷ চিকিৎসালয়সমূহৰ ওপৰত ক’ভিড ৰোগীৰ হেঁচা যাতে অত্যধিক নপৰে, তাৰ বাবে তেনে পদক্ষেপ গ্রহণ কৰা হ’ব বুলি তেওঁ প্রকাশ কৰে৷

অৱশ্যে এই মুহূর্তলৈ লকডাউনৰ পৰিৱেশ অহা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে আন্তঃগাঁথনি নির্মাণকে ধৰি হাস্পতালত বিছনা আদি নির্মাণ কৰাৰ বাবেহে লকডাউনৰ প্রয়োজন আহি পৰে৷ আনহাতে ৰাজ্যৰ সাম্প্রতিক ক’ভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষাসমূহ ছেবা আৰু মাধ্যমিক শিক্ষা সংসদে স্থগিত ৰাখিছে বুলি জানিবলৈ দিয়ে৷ সাংবাদিকৰ আগত মন্ত্রী ড০ শর্মাই ক’ভিড ভেকচিন সম্পর্কত কয় যে এতিয়ালৈ ২৬,৭৩,৯২৮জন লোকে প্রথম ড’জ আৰু ৫,৭৮,০০০জন লোকে দ্বিতীয় ড’জ ভেকচিন গ্রহণ কৰিছে৷ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকক ভেকচিন দিয়াৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৬ কোটি টকা ট্রেন্সফাৰ কৰি দিছে৷ ভাৰত চৰকাৰে ৫ লাখ ভেকচিনৰ আবণ্টন দিছে৷ অৱশ্যে ভেকচিন কোম্পানীয়ে এতিয়াও সেই ভেকচিন পঠিওৱা নাই৷ ইপিনে আজি নিশাৰ ভাগত ক’ৰোনাৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতি পর্যালোচনা সন্দর্ভত জনতা ভৱনত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অনুষ্ঠিত এই উচ্চস্তৰীয় বৈঠকখনত ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ুষ হাজৰিকায়ো অংশগ্রহণ কৰে৷

RELATED ARTICLES