peepl-small

অসমত হোৰাহোৰে বাঢ়িছে ক’ভিড পজিটিভ

PUBLISHED:

গুৱাহাটীঃ ক’ভিডৰ দ্বিতীয় লহৰে নগাঁও জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ প্রতিদিনে জিলাখনৰ বিভিন্ন প্রান্তত ক’ভিডত আক্রান্তৰ সংখ্যা বৃদ্ধি হৈছে৷ মঙলবাৰেও জিলাখনত ৭২গৰাকী লোক ক’ভিড–১৯ত নতুনকৈ আক্রান্ত হৈছে৷ মঙলবাৰে জিলাখনৰ বিভিন্ন প্রান্তত ৩,৮৯৬গৰাকী লোকৰ RAT টেষ্ট আৰু ৯৮গৰাকী আৰ টি পি চি আৰ টেষ্ট কৰা হয়৷ ইয়াৰ ভিতৰত ৭২গৰাকী লোক ক’ভিডত আক্রান্ত হোৱাটো নিশ্চিত হয়৷ ইয়াৰে ৬৭গৰাকীRAT টেষ্টত আৰু ৫গৰাকী আৰ টি পি চি আৰ টেষ্টত কভিড–১৯ত আক্রান্ত হোৱাটো নিশ্চিত হৈছে৷ ইয়াৰে ৯গৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত চিকিৎসাধীন কৰা হৈছে৷

আন ৬৩জনক নিজ নিজ গৃহতে আছুতীয়াভাৱে পর্যবেক্ষণত ৰখাৰ ব্যৱস্থা কৰিছে৷ ইফালে, মৰিগাঁৱত প্রতিদিনে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড ৰোগীৰ সংখ্যা৷ দ্বিতীয় পর্যায়ত আৰম্ভ হোৱা ক’ভিড–১৯ত আজিৰ তাৰিখলৈকে জিলাখনত ৮৮গৰাকীলৈ বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা৷ জিলাখনৰ বিভিন্ন প্রান্তত আজি ২৪ ঘণ্টাত নতুনকৈ ১১জনৰ দেহত ধৰা পৰিছে ক’ভিড৷

ইয়াৰে জিলাখনৰ চৰাইবাহী ছোৱালী মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্রী নতুনকৈ ক’ৰোনাত আক্রান্ত হোৱাত শংকিত হৈ পৰিছে সমগ্র চৰাইবাহীবাসী৷ অৱশ্যে শিক্ষয়িত্রীগৰাকী চিনাক্ত হোৱাৰ লগে লগে বিদ্যালয়খনৰ সকলো শিক্ষক–কর্মচাৰী আৰু ছাত্রীসকলক চৰাইবাহী ৰাজ্যিক চিকিৎসালয়ত ক’ভিড পৰীক্ষা কৰা হয় যদিও সকলোৰে নিগেটিভ বুলি চিকিৎসকে জানিবলৈ দিয়ে৷

আনহাতে বিদ্যালয়খনৰ শিক্ষকে জানিবলৈ দিয়া মতে, মৰিগাঁও জিলাৰ উপায়ুক্তৰ নির্দেশমর্মে বিদ্যালয়খনৰ পাঠদান আৰু সকলো কাম–কাজ ৭ দিনৰ বাবে বন্ধ ৰাখিছে আৰু এই বন্ধৰ সময়ছোৱাত বিদ্যালয়খনত সম্পূর্ণৰূপে ছেনিটাইজ কৰা হ’ব বুলি প্রকাশ কৰে৷

RELATED ARTICLES