peepl-small

বিটিআৰত বিজেপি চৰকাৰ হ’লে নোহোৱা হ’ব দুর্নীতি

PUBLISHED:

গুৱাহাটী : বিগত সোতৰ বছৰে বিটিচিত ব্যাপক দুর্নীতি–নিয়ম সংঘটিত হৈছে৷ কিন্তু বিজেপি দলে দুর্নীতি নকৰে৷ এইবাৰ বিটিচিত বিজেপি চৰকাৰ হ’ব৷ বিটিচিত বিজেপি চৰকাৰ হ’লে ইয়াৰ পৰা নোহোৱা হ’ব দুর্নীতি৷– এই ভাষ্য বটদ্রৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ৷

আজি তামুলপুৰ মহকুমাৰ অধীনস্থ ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ বিজেপি প্রার্থী হেমন্ত কুমাৰ ৰাভাৰ হৈ প্রচাৰ চলাবলৈ আহি এই মন্তব্য কৰে বিধায়িকাগৰাকীয়ে৷ সমষ্টিটোৰ অন্তর্গত কালাকুছিত সন্ধিয়া ৭ বজাত অনুষ্ঠিত এই সভাখনত বিধায়িকা আঙুৰলতা ডেকাই পুনৰ কয়– এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ হ’ব৷

বিজেপিক কোনেও ৰখাব নোৱাৰে৷ এই ১৭ বছৰে বিটিচিত বিপিএফ দলে কেৱল দুর্নীতি কৰিছে৷ উন্নয়নৰ নামত একো কামেই নকৰিলে৷ সেয়েহে আমি এইবাৰ ওলাই আহিছেছা বিটিআৰত দুর্নীতিমুক্ত এখন বিজেপি চৰকাৰ গঠন কৰিবলৈ৷

সভাত তেওঁ বিয়ানাম, বিহুগীত আদি গাই সকলোকে আপ্লুত কৰে৷ বিধায়িকাগৰাকীয়ে প্রার্থী হেমন্ত কুমাৰ ৰাভাক দুর্নীতিৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনায়৷ প্রার্থী হেমন্ত কুমাৰ ৰাভাই দুর্নীতিৰ পৰা আঁতৰত থকাৰ বাবে ৰাইজৰ ওচৰত অংগীকাৰবদ্ধ হয়৷ ৰাভাই সমষ্টিটোৰ পৰিৱর্তনৰ স্বার্থত তেওঁক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়৷

RELATED ARTICLES