peepl-small

স্বাস্থ্য বিভাগৰ সৈতে ক’ভিড পৰিস্থিতিৰ পর্যালোচনা মুখ্যমন্ত্রীৰ

PUBLISHED:

গুৱাহাটীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে জনতা ভৱনত স্বাস্থ্য বিভাগৰ সৈতে ৰাজ্যৰ ক’ভিড পৰিস্থিতি পর্যালোচনা কৰে৷ এই পর্যালোচনা বৈঠকত ৰাজ্যখনত মৃত্যুৰ হাৰ আৰু ক’ভিড সংক্রমণৰ হাৰ সন্দর্ভত বিভিন্ন দিশ আলোচনা কৰাৰ লগতে ব্যক্তিগত চিকিৎসালয়ৰ মাচুলৰ হাৰ নির্ধাৰণৰ বিষয়টোও আলোচিত হয়৷

বৈঠকত মুখ্যমন্ত্রীয়ে ৰাজ্যখনক কেন্দ্রীয় চৰকাৰে প্রদান কৰা ৬টা অক্সিজেন প্রকল্প স্থাপনৰ স্থিতিৰ বিষয়ে আলোচনা কৰাৰ লগতে বিভিন্ন চৰকাৰী চিকিৎসালয়ত স্থাপন কৰা পেডিয়াট্রিক আই চি ইউসমূহৰ স্থিতিৰ কথা ৰাজ্যখনৰ ১৩টা অক্সিজেন প্রকল্পৰ কাম–কাজো পর্যালোচনা কৰে৷

মুখ্যমন্ত্রীয়ে কালিৰ বৈঠকতে অতি সোনকালে সর্বাধিকসংখ্যক লোকক টিকাকৰণৰ জৰিয়তে সামৰি লোৱাৰ বাবে দৈনিক টিকাকৰণৰ সংখ্যা বৃদ্ধি কৰিবলৈ নির্দেশ দিয়ে৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই স্বাস্থ্য বিভাগক নির্দেশ দি কয় যে অহা কেইদিনমানৰ ভিতৰত ৰাজ্যখনলৈ ভেকচিনৰ নতুন যোগান আহি পোৱাৰ লগে লগে যিমান সম্ভৱ, সিমান লোকক সামৰি টিকাকৰণ দ্রুততৰ কৰি তুলিব লাগিব৷

এই বৈঠকত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হা, স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, ৰাষ্ট্রীয় স্বাস্থ্য মিছন, অসমৰ অভিযান সঞ্চালক লক্ষ্মণন এছৰ লগতে অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

RELATED ARTICLES