peepl-small

চুবুৰীয়া ৰাজ্যৰে সীমা সমস্যাৰ সমাধানঃ দিল্লীলৈ মুখ্যমন্ত্রী ড০ শর্মা

PUBLISHED:

চুবুৰীয়া ৰাজ্যৰে সীমা বিবাদ অসমৰ এক দীর্ঘদিনীয়া জ্বলন্ত সমস্যা৷ শেহতীয়াকৈ যোৱা মাহৰ শেষ সপ্তাহত অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰত এই সংঘাতে ভয়ানক ৰূপ ধাৰণ কৰে৷ অৱশ্যে পৰৱর্তী পর্যায়ত চুবুৰীয়া ৰাজ্যসমূহে অসমৰ সৈতে আলাপ–আলোচনাৰ মাধ্যমেৰে সেই সমস্যা সমাধানৰ বাবে অগ্রসৰ হয়৷ এই পৰিৱর্তিত পৰিস্থিতিৰ বিষয়ে কেন্দ্রীয় চৰকাৰক অৱগত কৰাৰ বাবে শনিবাৰে দুপৰীয়া হঠাৎ দিল্লীলৈ ৰাওনা হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷

ৰাজ্য চৰকাৰৰ এক সূত্রই জানিবলৈ দিয়া মতে, মুখ্যমন্ত্রী ড০ শর্মাৰ এই দিল্লী ভ্রমণৰ বিষয়ে চৰকাৰীভাৱে একো জনোৱা নাই যদিও সীমাক লৈ উদ্ভৱ হোৱা সমস্যা আন্তৰিকতাৰে চুবুৰীয়া ৰাজ্যসমূহে সমাধানৰ বাবে অগ্রসৰ হোৱা বিষয়টো কেন্দ্রক অৱগত কৰাবলৈকে তেওঁ দিল্লীলৈ গৈছে৷

উল্লেখ্য যে অসম–নাগালেণ্ডৰ দীর্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বিষয়টোৱে ইতিমধ্যে নতুন গতি লাভ কৰিছে৷ দুয়োখন ৰাজ্যই ইতিবাচক চিন্তাৰে এই সমস্যা সমাধান কৰিবলৈ অগ্রসৰ হৈছে৷

ইতিমধ্যে চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু অসমে দিচৈ সংৰক্ষিত বনাঞ্চলৰ পৰা দুয়ো ৰাজ্যৰ আৰক্ষী বাহিনী আঁতৰাই নিয়াৰ লগতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ নাগালেণ্ডৰ পাছতেই মিজোৰামেও আলোচনাৰ মাধ্যমেৰে অসমৰ সৈতে সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্রত আন্তৰিকতাৰে মনোনিৱেশ কৰিছে৷ লাইলাপুৰত সংঘটিত ঘটনাত নিহত অসম আৰক্ষীৰ জোৱানৰ প্রতি মিজোৰাম চৰকাৰে শোক প্রকাশ কৰাৰ লগতে অসম চৰকাৰৰ প্রতিনিধি হিচাপে যোৱা মন্ত্রী অতুল বৰা আৰু অশোক সিংঘলৰ সৈতে যোৱা ৫ আগষ্টত মিজোৰাম চৰকাৰ এখন বৈঠকত মিলিত হৈ আলাপ–আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাবে আগ্রহ ব্যক্ত কৰে৷

সেইদৰে কালি অসম–মেঘালয় সীমা সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা দ্বিতীয়খন বৈঠকত মিলিত হয়৷ ইয়াৰ পূর্বে যোৱা ২৩ জুলাইত শ্বিলঙত দুয়োগৰাকী মুখ্যমন্ত্রীয়ে সীমা সমস্যা সম্পর্কত প্রথমখন বৈঠকত মিলিত হৈছিল৷ এমাহ পাছতেই তেওঁলোক পুনৰ আন এখন বৈঠকত মিলিত হয়৷

RELATED ARTICLES