peepl-small

‘কটনত লাভ কৰা অভিজ্ঞতাৰ বাবে চিৰদিন ঋণী হৈ থাকিম’- ড০ শর্মা

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যৰ উচ্চ শিক্ষাৰ ক্ষেত্রখনৰ জোনাকী যাত্রাৰ প্রাণকেন্দ্র ঐতিহাসিক কটন কলেজে আজি ভৰি দিলে ১২১ বছৰত৷ বহু ঘটনা–পৰিঘটনাৰ সাক্ষী এই ঐতিহ্যমণ্ডিত শিক্ষা প্রতিষ্ঠানখনে পূর্ণ কৰিলে ১২০ বছৰীয়া গৰিমাময় যাত্রাৰ৷ আজি এই উপলক্ষে ক’ভিড প্রট’কল অনুসৰি অনুষ্ঠিত কৰা হয় অনাড়ম্বৰ অনুষ্ঠান৷ প্রতিষ্ঠা দিৱস উপলক্ষে প্রশাসনিক বিভাগৰ কর্মচাৰীসকলে কলেজখনৰ প্রতিষ্ঠাপক হেনৰী কটনৰ প্রতিমূর্তিত মাল্যার্পণ কৰে৷ তদুপৰি ইয়াৰ লগত সংগতি ৰাখি ভার্চুৱেল মাধ্যমেৰে এক বত্তৃণতানুষ্ঠানৰো আয়োজন কৰা হয়৷ এই বত্তৃণতানুষ্ঠানত সমল ব্যক্তি হিচাপে বত্তৃণতা আগবঢ়ায় আই আই টিৰ প্রাক্তন সঞ্চালক অধ্যাপক ডি এন বুঢ়াগোহাঞিয়ে৷ মুখ্য অতিথি হিচাপে অংশ লয় শিক্ষামন্ত্রী ড০ ৰণোজ পেগুৱে৷

উল্লেখ্য যে ১৯০১ চনৰ ২৭ মে’ত এই কটন কলেজখন স্থাপন কৰা হৈছিল৷ কটন কলেজৰ প্রথমগৰাকী অধ্যক্ষ আছিল ছাৰ ছুডমার্ছন৷ তেতিয়াৰ পৰাই এই গৰিমাময় শিক্ষা প্রতিষ্ঠানখন স্বীকৃত হৈ আহিছে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্রাণকেন্দ্র হিচাপে৷ অৱশ্যে পৰৱর্তী সময়ত এই কলেজখন বিশ্ববিদ্যালয় পর্যায়লৈ উন্নীত কৰা হয়৷ বৃহস্পতিবাৰে এই পৱিত্র ক্ষণত শুভকামনা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

ঐতিহ্যমণ্ডিত শিক্ষা প্রতিষ্ঠানখনৰ প্রাক্তন ছাত্র মুখ্যমন্ত্রী ড০ শর্মাই সামাজিক মাধ্যমত কয়– ‘১২০ বছৰীয়া তৰুণ মোৰ শিক্ষানুষ্ঠান কটন কলেজ, বর্তমানৰ কটন বিশ্ববিদ্যালয়৷ জ্ঞানৰ এই পৱিত্র মন্দিৰত জীৱন আৰু ৰাজনীতিৰ আদিপাঠ গ্রহণ কৰিছিলোঁ৷ ইয়াত লাভ কৰা সকলো অভিজ্ঞতাৰ বাবে চিৰদিন ঋণী হৈ থাকিম৷ বহু পুৰণি স্মৃতি আজিও জীপাল হৈ আছে, চিৰদিনৰ বাবে থাকিব৷’

RELATED ARTICLES