peepl-small

বনকর্মীৰ ৰেচন ভাট্টা ২ হাজাৰলৈ বৃদ্ধিৰ নির্দেশ ড০ শর্মাৰ

PUBLISHED:

গুৱাহাটীঃ আসন্ন বানপানী আৰু হয়াৰ ফলত কাজিৰঙা ৰাষ্ট্রীয় ডদ্যানৰ বন্যপ্রাণীৰ ওপৰত পৰিব পৰা প্রভাৱৰ পৰিপ্রেক্ষিতত ডদ্যানখনৰ বান ব্যৱস্থাপনা আৰু জীৱ–জন্তু সুৰক্ষাৰ দিশসমূহ পর্যালোচনাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ শুকুৰবাৰে গোলাঘাট, নগাঁও, শোণিতপুৰ, বিশ্বনাথ আৰু কার্বি আংলং জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বন তথা পশু চিকিৎসা বিভাগৰ বিষয়াবর্গৰে এক বৈঠকত মিলিত হয়৷ কাজিৰঙাৰ শিলডুবিস্থিত ব্যক্তিগত পর্যটন নিৱাস ‘বৰগছ’ত অনুষ্ঠিত এই বৈঠকত কৃষিমন্ত্রী অতুল বৰা, বনমন্ত্রী পৰিমল শুক্লবৈদ্য, বিত্তমন্ত্রী অজন্তা নেওগ, স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, অসম বিধানসভাৰ ডপাধ্যক্ষ ডাঃ নোমল মমিন, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ লগতে ডিফু, হাওৰাঘাট, বৈঠালাংছ’ আৰু সৰুপথাৰ সমষ্টিৰ বিধায়কসকল উপস্থিত থাকে৷

ৰাষ্ট্রীয় ডদ্যানখনত চোৰাং চিকাৰ প্রতিৰোধী অভিযান শক্তিশালী কৰি তোলাৰ বাবে এজন বিশেষ চৰকাৰী অধিবক্তা নিয়োগ কৰি ইতিমধ্যে গ্রেপ্তাৰ তথা চার্জশ্বিট দাখিল কৰা চোৰাং চিকাৰীসকলৰবিচাৰ প্রক্রিয়া ত্বৰান্বিত কৰি দোষী সাব্যস্তকৰণৰ বাবে জৰুৰী পদক্ষেপ গ্রহণ কৰিবলৈ আৰু এই প্রক্রিয়াটো প্রতিমাহে পর্যালোচনা কৰিবলৈ প্রধান মুখ্য বন সংৰক্ষকক নির্দেশ দিয়ে৷ তদুপৰি বন সুৰক্ষা বাহিনীক অধিক সবলীকৰণৰ বাবে চোৰাং চিকাৰ প্রতিৰোধী শিবিৰসমূহত ছেটেলাইট ফোন প্রদান কৰাৰ লগতে অসম বন সুৰক্ষা বাহিনীক আধুনিক অস্ত্র–শস্ত্রৰে সু–সজ্জিত কৰিবলৈ বন বিভাগক নির্দেশ দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷

তদুপৰি বনকর্মীসকলৰ প্রশিক্ষণৰ বাবে মান্দাকাটা কমাণ্ডো প্রশিক্ষণ কেন্দ্রত প্রশিক্ষণৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্রী ড০ শর্মাই প্রধান মুখ্য বন সংৰক্ষকক নির্দেশ দিয়ে৷ আনহাতে কাজিৰঙা ৰাষ্ট্রীয় ডদ্যানত বন্যপ্রাণীৰ সুৰক্ষা অধিক শক্তিশালী কৰি তুলিবলৈ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকৰ অধীনত এটা অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু এটা উপ–আৰক্ষী অধীক্ষকৰ পদ সৃষ্টিৰ পদক্ষেপ লোৱাৰ লগতে ডদ্যানখনৰ ডপ–আৰক্ষী অধীক্ষকৰ খালী পদ শীঘ্রে পূৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই গৃহ বিভাগক নির্দেশ দিয়ে৷ নতুন পদ সৃষ্টিৰ জৰিয়তে নিযুক্ত কৰিবলগীয়া এই দুই আৰক্ষী বিষয়াক সম্পূর্ণৰূপে ডদ্যানৰ বন্যপ্রাণীৰ সুৰক্ষাৰ কামত নিয়োজিত কৰাৰ কথা স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷ ৰাজ্যখনৰ বন সুৰক্ষা কর্মীসকলৰ জীৱন ধাৰণৰ মান ডন্নীতকৰণৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷

বন্যপ্রাণী সুৰক্ষাৰ কামত নিয়োজিত বনকর্মীসকলৰ খাদ্য–সামগ্রীৰ বাবদ প্রদান কৰা ৰেচন ভাট্টাৰ পৰিমাণ বর্তমানৰ ৮৪০ টকাৰ পৰা ২,০০০ টকালৈ বৃদ্ধি কৰিবলৈ তেওঁ নির্দেশ দিয়ে৷ বনকর্মীসকলৰ মনোবল বৃদ্ধিৰ বাবে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ভিতৰত থকা চোৰাং চিকাৰ প্রতিৰোধী শিবিৰসমূহৰ আধুনিকীকৰণৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্রী ড০ শর্মাই বন বিভাগক নির্দেশ দিয়ে৷ বন্যপ্রাণী সুৰক্ষাৰ বাবে সমন্বিত প্রয়াসৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এজন বিশেষ আৰক্ষী সঞ্চালকপ্রধানৰ অধ্যক্ষতাত তথা মাজুলী জিলাৰ বিষয়ববীয়াসকলকো অন্তর্ভুক্ত কৰি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বাবে তাৎক্ষণিকভাৱে বিশেষ কর্ম বাহিনী (স্পেচিয়েল টাস্ক ফ’চ) গঠনৰ অধিসূচনা জাৰি কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷

স্থানীয় জনসাধাৰণ আৰু বনকর্মীসকলৰ মাজৰ সম্পর্ক ডন্নীতকৰণৰ লগতে বন্যপ্রাণীৰ স্বাস্থ্য আৰু গৱেষণা প্রতিষ্ঠানটোক শীঘ্রে কার্যক্ষম কৰি তুলিবলৈও তেওঁ প্রধান মুখ্য বন সংৰক্ষকক নির্দেশ দিয়ে৷ কাজিৰঙা ৰাষ্ট্রীয় ডদ্যানৰ অধীনৰ ৰাজহ গাঁওসমূহৰ পৰা উচ্ছেদ কৰা পৰিয়ালসমূহক প্রদান কৰিবলগীয়া পুনৰ সংস্থাপন অনুদানৰ বিষয়টো সোনকালে মীমাংসা কৰাৰ উপৰি উদ্যানখনৰবন্যপ্র্ কৰিড’ৰসমূহ দ্রুতভাৱে চিনাক্তকৰণ কৰিবলৈও তেওঁ নির্দেশ দিয়ে৷ বানপানীৰ সময়ত জীৱ–জন্তুবোৰে আশ্রয় ল’ব পৰাকৈ ডদ্যানৰ ভিতৰত অতিৰিক্ত হাইলেণ্ড নির্মাণৰ বাবেও প্রস্তাৱ দাখিল কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই বন বিভাগক নির্দেশ দিয়ে৷

বানপানীৰ ফলত আবদ্ধ হৈ পৰা জীৱ–জন্তুসমূহৰ বাবে পর্যাপ্ত খাদ্য যোগান সুনিশ্চিত কৰিবলৈও তেওঁ ৰাষ্ট্রীয় উদ্যানখনৰ সঞ্চালকক নির্দেশ দিয়ে৷ প্রথম শাৰীৰ কর্মী হিচাপে কর্তব্যত নিয়োজিত সকলো বনকর্মীকে ক’ভিড টিকাকৰণৰ কাম সম্পূর্ণ কৰাটো সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই উপায়ুক্তসকলক নির্দেশ দিয়ে৷ নিহত বনকর্মীসকলৰ পৰিয়াললৈ প্রদান কৰিবলগীয়া এককালীন অনুদান তৎকালে মুকলি কৰাটো সুনিশ্চিত কৰিবলৈ তেওঁ বিত্ত আৰু বন বিভাগক নির্দেশ দিয়ে৷ বাৰিষা কাল আৰম্ভ হোৱাৰ আগেয়েই পোহনীয়া গৰু–ম’হৰ টিকাকৰণ সম্পূর্ণ কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্রীয় ডদ্যানৰ বাবে তাৎক্ষণিক সেৱাত নিয়োজিত কৰিব পৰাকৈ পশু চিকিৎসক উপলব্ধ কৰাৰ বাবেও মুখ্যমন্ত্রী ড০ শর্মাই পশু চিকিৎসা বিভাগক নির্দেশ দিয়ে৷ বৈঠকৰ আৰম্ভণিতে কাজিৰঙা ৰাষ্ট্রীয় ডদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে ডদ্যানখনৰ বন্যপ্রাণী সুৰক্ষাৰ স্থিতি সন্দর্ভত এক বিস্তৃত প্রেজেণ্টটেচন আগবঢ়ায়৷

বৈঠকত উপস্থিত থকা পাঁচোখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে নিজ নিজ জিলাত চোৰাং চিকাৰ প্রতিৰোধ আৰু বন্যপ্রাণী সুৰক্ষাৰ বাবে গ্রহণ কৰা পদক্ষেপৰ বিষয়ে মুখ্যমন্ত্রী ড০ শর্মাক অৱগত কৰে৷ বৈঠকত মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা, বন বিভাগৰ প্রধান সচিব অবিনাশ যোশী, গৃহ বিভাগৰ প্রধান সচিব নিৰজ বার্মা, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিং, প্রধান মুখ্য বন সংৰক্ষক তথা বন সুৰক্ষা বাহিনীসমূহৰ মুৰব্বী এ এম সিঙৰ লগতে অন্যান্য শীর্ষ বিষয়াসকল ডপস্থিত থাকে৷

RELATED ARTICLES