peepl-small

বহু বিধায়কৰ শৰীৰটোহে বিৰোধীত আছে, আত্মাটো মোৰ লগত

PUBLISHED:

ইজনৰ পাছত সিজন বিৰোধী বিধায়কৰ বিজেপি গমনৰ লগতে আন একাংশক লৈ চলা চর্চা সম্পর্কত বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– বর্তমান বিৰোধীত যিকেইজন আছে, উপায় নাই বাবেহে আছে৷ তেওঁলোকৰ শৰীৰটোহে তাত আছে, আত্মাটো মোৰ লগত আছে৷ বিৰোধীৰ সকলো বিজেপিলৈ আহিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– মনেৰে সকলো আমাৰ লগত আছে৷ বিজেপিলৈ আহি উপ–নির্বাচনত জিকিব নোৱাৰিব বুলিয়েই একাংশই আহিব পৰা নাই৷ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাইজে যেতিয়াই বিজেপিক ভোট দিবলৈ আৰম্ভ কৰিব, তেতিয়া বিৰোধীত কোনো নাথাকে৷

ইপিনে, আসন্ন উপ–নির্বাচনত বিৰোধীয়ে উমৈহতীয়া প্রার্থী থিয় কৰোৱা সম্পর্কত চলোৱা চিন্তা–চর্চাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয়– আমাৰ কথা হৈছে অসমৰ সাধাৰণ ৰাইজৰ উন্নতি হ’ব লাগে৷ অসমত সাধাৰণ নির্বাচন ২০২৬ চনতহে অনুষ্ঠিত হ’ব৷ সেয়ে এতিয়া ৫টা বছৰ সকলোৱে মিলিজুলি ৰাজ্যখনৰ উন্নতিৰ বাবে কাম কৰিব লাগে৷

ইফালে, আসন্ন উপ–নির্বাচনত বিৰোধীক ঐক্যবদ্ধ হৈ উমৈহতীয়াভাৱে প্রতিটো সমষ্টিত এজনকৈ প্রার্থী প্রক্ষেপৰ আহ্বান জনাইছে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে৷ প্রতিটো সমষ্টিতে বাস্তৱ পৰিস্থিতি অধ্যয়ন কৰি প্রার্থী দিয়াৰ আহ্বান জনাই কয় যে কংগ্রেছ বাস্তৱলৈ ঘূৰি আহিব লাগিব, নহ’লে বিজেপিক উপকৃত কৰা হ’ব৷ ২০২১ চনত বিধানসভা নির্বাচনৰ সময়ত ৰাইজৰ দলে কংগ্রেছৰে মিত্রতা কৰিবৰ বাবে দলটোৰ কেন্দ্রীয় আৰু ৰাজ্যিক নেতৃত্বৰে আলোচনাত মিলিত হৈছিল৷ কিন্তু পাছত কংগ্রেছে বিশ্বাসঘাতকতা কৰে৷

RELATED ARTICLES