peepl-small

আজি বটদ্রৱা থানলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাঃ পৰিদর্শন কৰিব বটদ্রৱা প্রকল্পস্থলী

PUBLISHED:

গুৱাহাটী: নির্বাচনত জয়লাভ কৰি মুখ্যমন্ত্রী ৰূপে শপত গ্রহণৰ পিছত প্রথমবাৰৰ বাবে গুৰুজনাৰ জন্মস্থান বটদ্রৱাত আজি পুৱা উপস্থিত হ’ব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ পুৱাৰ ভাগতে বটদ্রৱা থানত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই বটদ্রৱা থানৰ বৃহৎ প্রকল্পভাগৰ নির্মাণকার্যৰ বুজ ল’ব৷ এই সন্দর্ভত শুকুৰবাৰে বিয়লিৰ ভাগত নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভনে শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱগোস্বামী আৰু সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱা প্রমুখ্যে বিষয়ববীয়াসকলৰ লগত এক বৈঠকত মিলিত হয়৷

‘বটদ্রৱা প্রকল্প’ৰ নির্মাণস্থলীত বটদ্রৱা থান পৰিচালনা সমিতিৰ হৈ পাঁচজন লোক উপস্থিত থাকি মুখ্যমন্ত্রীগৰাকীক আদৰণি জনাব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ বটদ্রৱা আগমনৰ খবৰ লাভ কৰি বটদ্রৱা থান পৰিচালনা সমিতিয়ে স্বাগতম জনাইছে৷

RELATED ARTICLES