peepl-small

মুখ্যমন্ত্রী ড০ শর্মাৰ কঠোৰ নির্দেশত বৰবিহৰ বিৰুদ্ধে সর্বত্রই চলিছে অভিযানঃ ড্রাগ্ছৰ ক’লা সাম্রাজ্যত কঁপনি

PUBLISHED:

গুৱাহাটী: যুৱপ্রজন্মক নিশ্চিত ধ্বংসৰ মুখলৈ ঠেলি দিয়া বৰবিহ ড্রাগ্ছৰ অবাধ প্রচলন চলিছে ৰাজ্যত৷ চুবুৰীয়া মণিপুৰ আৰু নাগালেণ্ডৰ পৰা সৰবৰাহ হোৱা ড্রাগ্ছ এতিয়া ৰাজ্যৰ গাঁৱে–ভূঞে প্রায় প্রতিটো অঞ্চলতে বিয়পি পৰিছে৷ বিগত এটা সপ্তাহতে অসম আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰ’ইন, ব্রাউন ছুগাৰ, নিচাযুক্ত টেবলেট, গাঞ্জা আদি জব্দ কৰিছে৷ কোটি কোটি টকাৰ ড্রাগ্ছ ব্যৱসায়েৰে যুৱপ্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া দিয়া মাফিয়া চক্রৰ বিৰুদ্ধে সর্বত্র অব্যাহত আছে আৰক্ষীৰ অভিযান৷ উল্লেখ্য যে ক’ভিডকেন্দ্রিক পৰিৱেশৰ সুযোগ লৈ ড্রাগ্ছ মাফিয়া চক্রই ৰাজ্যত মেলি দিয়া বৰবিহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ সচেষ্ট হৈ পৰিছে৷

ইতিমধ্যে এনে ড্রাগ্ছ মাফিয়া চক্রক উৎখাত কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কঠোৰ নির্দেশ দিয়াৰ পাছতে সক্রিয় হৈ পৰিছে অসম আৰক্ষী৷ মুখ্যমন্ত্রীৰ নির্দেশৰ পাছতেই ৰাজ্যৰ ভিন্ন প্রান্তত চলা ড্রাগ্ছবিৰোধী অভিযানত কেৱল কালিৰ দিনটোতে ড্রাগ্ছ সৰবৰাহকাৰী ৪২জনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ লগতে ২২টা গোচৰ পঞ্জীয়ন কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই টুইটযোগে প্রকাশ কৰা অনুসৰি ২৫ মে’ৰ দিনটোত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ১১৪৪.৮৪৩ গ্রাম হেৰ’ইন, ২.২৫০ কিলোগ্রাম গাঞ্জা, ১৮৪টা কফ ছিৰাপৰ বটল আৰু ৭১,৭৩০টা নিচাযুক্ত টেবলেটৰ লগতে ৫২,২০০ নগদ ধন৷ আৰক্ষীৰ এই অভিযানে ড্রাগ্ছৰ ক’লা সাম্রাজ্যত কঁপনি তুলিছে৷

মন কৰিবলগীয়া যে এক বিশাল নেটৱর্কৰ জৰিয়তে নিচাযুক্ত সামগ্রীৰ সাম্রাজ্য গঢ়ি তোলা ড্রাগ্ছ মাফিয়া চক্রটোৱে বৃহৎ ধনৰ বিনিময়ত ৰাজ্যৰ ভিন্ন প্রান্তত নিয়োগ কৰিছে এজেণ্ট৷ বিভিন্ন স্থানত পাণ দোকানী, সাধাৰণভাৱে ব্যৱসায় কৰা লোক, শ্রমিক আদিৰ লগতে পদপথত চাহ–ভাতৰ দোকান দিয়া একাংশ লোককো এজেণ্ট সজাই এই মাফিয়া চক্রটোৱে প্রতিটো প্রান্ততে মেলি দিছে ভয়াৱহ ড্রাগ্ছ৷ মুখ্যমন্ত্রীৰ নির্দেশত ইতিমধ্যে প্রতিখন জিলাতে আৰম্ভ হোৱা ড্রাগ্ছবিৰোধী অভিযানত ধৰা পৰিছে ড্রাগ্ছ সৰবৰাহকাৰী এজেণ্ট, সেৱনকাৰী আৰু বৃহৎ পৰিমাণৰ ড্রাগ্ছ৷ আজিৰ দিনটোতেই বাক্সা জিলাত কেইবাটাও ড্রাগ্ছৰ কনটেইনাৰ জব্দ কৰাৰ লগতে গ্রেপ্তাৰ হৈছে দুজন ড্রাগ্ছ সৰবৰাহকাৰী৷ আনহাতে, নগাঁও জিলাত আজি পুনৰ আৰক্ষীয়ে অভিযান চলাই পিষ্টলসহ ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে ১৪ গ্রাম হেৰ’ইন৷ নামনি অসমৰ সর্থেবাৰীত কালি নিশা অভিযান চলাই আৰক্ষীয়ে দুজন ড্রাগ্ছ ব্যৱসায়ীক গ্রেপ্তাৰ কৰাৰ লগতে ১১টাকৈ চাবোনৰ বাকচত ভৰাই ৰখা অৱস্থাত উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ ব্রাউন ছুগাৰ৷ এই ব্রাউন ছুগাৰৰ মূল্য প্রায় তিনি লাখ টকা৷

ধুবুৰীৰ ফলিমাৰীত আৰক্ষীয়ে আজি অভিযান চলাই ব্রাউন ছুগাৰসহ দুজন ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ইফালে হাজোত আজি ইদুল আলী নামৰ এজন যুৱকক ঘৰৰ পৰা আৰক্ষীয়ে কিছু পৰিমাণৰ হেৰ’ইনৰ লগতে খালী কনটেইনাৰসহ নগদ ৪৫ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে৷ মৰিগাঁও জিলাৰ হাতীমূৰীয়াত আজি কুখ্যাত ড্রাগ্ছ ব্যৱসায়ী বাহাৰুদ্দিনৰ ঘৰত মাটিত পুতি থোৱা অৱস্থাত ৭৭ গ্রাম ড্রাগ্ছসহ ৫৯টা কনটেইনাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যৰ আন প্রান্তৰ লগতে ড্রাগ্ছ সৰবৰাহৰ মূল হাব হিচাপে পৰিগণিত হৈছে গুৱাহাটী মহানগৰ৷ যোৱা চাৰি দিনত গুৱাহাটীত আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে অভিযান চলাই ১৮জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্রাগ্ছ জব্দ কৰিবলৈ সক্ষম হৈছে৷ আজি পুনৰ মহানগৰীৰ নুনমাটিত আৰক্ষীৰ সহযোগত ক্রাইম ব্রাঞ্চে মঠঘৰীয়াত অশোক কুমাৰ দাস নামৰ ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ধৃত যুৱকজনৰ পৰা ড্রাগ্ছৰ কেইবাটাও খালী কনটেইনাৰ আৰু নগদ এক লাখ ৬ হাজাৰ টকা জব্দ কৰিছে৷

পৰিতাপৰ বিষয়টো হ’ল যে প্রায় প্রতিদিনে চুবুৰীয়া মণিপুৰ আৰু নাগালেণ্ডৰ পৰা মাফিয়া চক্রটোৱে ড্রাগ্ছ সৰবৰাহ কৰি আছে যদিও ইয়াক প্রতিৰোধৰ ক্ষেত্রত সীমামূৰীয়া জিলাসমূহত আৰক্ষীয়ে কঠোৰ অভিযান চলাবলৈ সক্ষম হোৱা নাই৷ ড্রাগ্ছ মাফিয়া চক্রটোৱে বিভিন্ন কৌশলেৰে ড্রাগ্ছ সৰবৰাহ কৰি প্রতিখন জিলাত থকা এজেণ্টক যোগান ধৰে আৰু এই এজেণ্টে ড্রাগ্ছ সেৱনকাৰীক বিভিন্ন মাধ্যমেৰে ড্রাগ্ছ যোগান ধৰি আহিছে৷ পৰিস্থিতি ক্রমাৎ এনে দিশলৈ গতি কৰিছে যে ড্রাগ্ছ ক্রয়ৰ বাবে আৱশ্যক হোৱা ধনৰ বাবে শেহতীয়াকৈ সংঘটিত হ’বলৈ লৈছে একাধিক অপৰাধজনিত ঘটনা৷
নগাঁৱত পিষ্টলসহ ড্রাগ্ছ সৰবৰাহকাৰী গ্রেপ্তাৰঃ ৰাইডাৰ স্কোৱাডৰ সফল অভিযান
বিশেষবার্তা, নগাঁও ঃ নগাঁও আৰক্ষীয়ে আজি পুৱা অভিযান চলাই হয়বৰগাঁও আৰক্ষী চকীৰ অন্তর্গত কাটিমাৰীৰ পৰা হেৰ’ইনসহ দুজন ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ নগাঁও আৰক্ষীৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া পুলক কুমাৰৰ সহযোগত আৰক্ষীৰ দলে এই অভিযান চলাইছিল৷ এই অভিযানত নগাঁও আৰক্ষীয়ে অপৰাধ নিয়ন্ত্রণৰ বাবে গঠন কৰা ৰাইডাৰ স্কোৱাডে সক্রিয় ভূমিকা পালন কৰে৷ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াই জনোৱা মতে, এক গোপন সূত্রৰ পম খেদি ৰাইডাৰ স্কোৱাডক লগত লৈ এই অভিযান চলাইছিল৷

অভিযানৰ সময়ত কাটিমাৰীৰ ইকবাল হুছেইন (১৯) আৰু চুনু ৰবিদাস (৩৩) নামৰ দুজন ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ১৪ গ্রাম হেৰ’ইন আৰু এটা হস্তনির্মিত পিষ্টল আৰু গুলী উদ্ধাৰ কৰা হয়৷ আৰক্ষী বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ নির্দেশমর্মে জিলাখনত অপৰাধমূলক কাম–কাজৰ বিৰুদ্ধে অভিযান তীব্র কৰি তোলা হৈছে৷ জিলা আৰক্ষীয়ে গঠন কৰা ৰাইডাৰ স্কোৱাডে এই অভিযান সফল কৰি তোলাত সক্রিয় ভূমিকা গ্রহণ কৰিছে৷ উল্লেখ্য যে নগাঁও আৰক্ষীয়ে জিলাখনত ড্রাগ্ছ আৰু অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে৷ নগাঁও আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্রই যোগদান কৰাৰ পাছৰে পৰা নগাঁও জিলাত আৰক্ষীয়ে ড্রাগ্ছ আৰু অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে৷ আজি ৯ দিনৰ ভিতৰত নগাঁও আৰক্ষীয়ে বুজন পৰিমাণৰ ড্রাগ্ছসহ বহুকেইজনক লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
হাজোত নিষিদ্ধ হেৰ’ইনসহ সৰবৰাহকাৰী গ্রেপ্তাৰ
নিয়মীয়া বার্তা, হাজো ঃ কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তর্গত দামপুৰত যোৱানিশা ডি এছ পি ফুলকণ নার্জাৰী আৰু হাজো থানাৰ ভাৰপ্রাপ্ত বিষয়া বাবুল কুমাৰ মেধিৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে এজন ড্রাগ্ছ সৰবৰহকাৰী যুৱকক গ্রেপ্তাৰ কৰাৰ লগতে চাৰিজন ড্রাগ্ছ আসক্ত যুৱকক সোধা–পোছাৰ বাবে আটক কৰে৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰী যুৱকজন হৈছে দামপুৰ মাজৰ চুবুৰিৰ ইদুল আলী (২৫)৷ গোপন সূত্রৰ ভিত্তিত চলোৱা অভিযানত আৰক্ষীয়ে দামপুৰৰ ইদুল আলীক ঘৰৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহজনক হেৰ’ইনৰ লগতে কেইবাটাও খালী কনটেইনাৰসহ নগদ ৪৫ হাজাৰ টকা জব্দ কৰে৷ হাজো আৰক্ষীয়ে অভিযুক্ত ইদুল আলীক গ্রেপ্তাৰ কৰাৰ লগতে আন চাৰিজন ড্রাগ্ছ আসক্ত যুৱকক সোধা–পোছাৰ বাবে আটক কৰি থানালৈ আনে৷ সম্প্রতি হাজো আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাই আছে৷

ধুবুৰীৰ ফলিমাৰীত ব্রাউন ছুগাৰভর্তি ১১টা সৰু কনটেইনাৰসহ দুই ড্রাগ্ছ সৰবৰাহকাৰী আটক
নিয়মীয়া বার্তা, ধুবুৰী ঃ ধুবুৰী আৰক্ষীৰ ড্রাগ্ছবিৰোধী অভিযান অব্যাহত আছে৷ কালি ধুবুৰী চহৰৰ পার্শ্বৱর্তী ফলিমাৰী দ্বিতীয় খণ্ড গাঁৱত অভিযান চলাই ব্রাউন ছুগাৰৰ ১১টা কনটেইনাৰসহ দুজনকৈ ড্রাগ্ছ সৰবৰাহকাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰে৷ গোপন এক তথ্যৰ ভিত্তিত ধুবুৰী সদৰ থানাৰ এটা আৰক্ষীৰ দলে অভিযোগ চলায়৷ জনৈক আব্দুল হামিদ (ফলিমাৰী দ্বিতীয় খণ্ড) আৰু ধুবুৰী চহৰৰ এম কে ৰোড অঞ্চলৰ মমিনুৰ ৰহমানক গ্রেপ্তাৰ কৰে৷

মৈৰাবাৰীত ড্রাগ্ছ সৰবৰাহকাৰীৰ আত্মগোপন
নিয়মীয়া বার্তা, মৈৰাবাৰী ঃ নগাঁও জিলাত আনন্দ মিশ্রই আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পাছৰে পৰা আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে অভিযান তীব্র কৰি তুলিছে৷ নগাঁৱৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্রই ড্রাগ্ছৰ বিৰুদ্বে ‘ৰাইডাৰ স্কোৱাড’ গঠন কৰাৰ পাছত অধিকাংশ ড্রাগ্ছ সৰবৰাহকাৰী নগাঁৱৰ পৰা পলায়ন কৰি সম্প্রতি মৈৰাবাৰী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত আত্মগোপন কৰি নিজৰ অবৈধ ব্যৱসায় চলোৱাৰ চেষ্টা কৰি আছে৷ আজি যেন তাৰেই উমান পোৱা গ’ল৷ মৈৰাবাৰী থানাৰ নৱনিযুক্ত ভাৰপ্রাপ্ত আৰক্ষী বিষয়া জীৱন পি মাৰাকৰ নেতৃত্বত যোৱা আৰক্ষীৰ অভিযানকাৰী দল এটাই আজি দিনৰ ১২মান বজাত নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়াৰ ছাগলতলাৰ কুখ্যাত ড্রাগ্ছ ব্যৱসায়ী বাহাৰ উদ্দিন ওৰফে বাহাৰ ড্রাইভাৰৰ ঘৰৰ পৰা মাটিত পুতি থোৱা অৱস্থাত ৭৭ গ্রাম ড্রাগ্ছসহ ৫৯টা কনটেইনাৰ আৰু ১৭০টা খালী কনটেইনাৰো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ অভিযানকাৰী দলটোৱে বাহাৰ উদ্দিনৰ পত্নী খুদেজা খাতুনক অধিক তথ্য আহৰণৰ খাটিৰত আটক কৰিছে৷ দুই স্বামী–স্ত্রীয়ে মিলি মৰিগাঁও আৰু নগাঁও জিলাৰ সীমামূৰীয়া হাতীমূৰীয়াৰ ছাগলতলাত বাহৰ পাতি নগাঁও আৰু মৰিগাঁৱৰ বিভিন্ন স্থানলৈ নির্বিঘ্ণে সৰবৰাহ কৰি আহিছিল ড্রাগ্ছকে আদি কৰি বিভিন্নধৰণৰ নিচাজাতীয় সামগ্রী৷ ড্রাগ্ছ মাফিয়া বাহাৰ উদ্দিনে ইয়াৰ পূর্বেও কেইবাবাৰো নিচাজাতীয় সামগ্রী সৰবৰাহৰ অপৰাধত জে’লৰ ভাত খাবলগীয়া হৈছিল৷
শালবাৰী মহকুমা আৰক্ষী বিষয়াৰ ড্রাগ্ছৰ বিৰুদ্ধে অভিযানত আটক দুই যুৱক
নিয়মীয়া বার্তা, আনন্দ বজাৰ ঃ ৰাজ্যত মাৰাত্মক ড্রাগ্ছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে৷ ইতিমধ্যে সমগ্র ৰাজ্যতে কেইবাজনো ড্রাগ্ছ মাফিয়াক গ্রেপ্তাৰ কৰাৰ উপৰি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমানৰ ড্রাগ্ছ৷ সমান্তৰালকৈ বাক্সা জিলাৰ শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত মহকুমাটোৰ ভিন্ন প্রান্তত অব্যাহত আছে ড্রাগ্ছবিৰোধী অভিযান৷ যোৱানিশা বিশেষ সূত্রৰ পম খেদি শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্য, গোৱর্ধনা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া নৱজিৎ তালুকদাৰ, শিমলাগুৰি আৰক্ষী চকীৰ বিষয়া আকাশ ৰয়ৰ নেতৃত্বত এটা বৃহৎ দলে অভিযান চলাই শালবাৰী মহকুমাৰ শিমলাগুৰি অঞ্চলৰ পৰা ড্রাগ্ছসহ আটক কৰে দুজনকৈ যুৱকক৷ ধৃত যুৱক দুজন হ’ল বিল্লাল হুছেইন আৰু মোহম্মদ আলী৷ যুৱক দুজনৰ পৰা ড্রাগ্ছ, কেইবাটাও কনটেইনাৰ, নগদ ধনসহ বহু আপত্তিজনক সামগ্রী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷
সৰুক্ষেত্রীৰ কুকাৰপাৰৰ পৰা জব্দ ড্রাগ্ছ
নিয়মীয়া বার্তা, সর্থেবাৰী ঃ সৰুক্ষেত্রীৰ ভিন্ন প্রান্তত গঢ় লৈ উঠিছে ড্রাগ্ছ আৰু নিচাযুক্ত টেবলেটৰ ৰমৰমীয়া ব্যৱসায়৷ সহজলভ্য ড্রাগ্ছৰ কবলত পৰি বিপথগামী হৈছে বহু যুৱক৷ এই ড্রাগ্ছৰ ঘাটি উচ্ছেদ কৰিবলৈ নতুন আৰক্ষী অধীক্ষক অমিতাভ সিন্হাৰ নির্দেশত তৎপৰ হ’ল সর্থেবাৰী আৰক্ষী৷ মাৰাত্মক ড্রাগ্ছৰ বিৰুদ্ধে সর্থেবাৰী আৰক্ষীয়ে কালি নিশা চলালে অভিযান৷ এই অভিযানত বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ আৰক্ষীৰ জালত পৰিল দুজন ড্রাগ্ছ ব্যৱসায়ী৷ গোপন খবৰৰ ভিত্তিত সর্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া অঞ্জন বডোৰ নেতৃত্বত যোৱানিশা চলা এই ড্রাগ্ছবিৰোধী অভিযানত সর্থেবাৰী আৰক্ষী থানাৰ অন্তর্গত কুকাৰপাৰৰ পৰা বৃহৎ পৰিমাণৰ ব্রাউন ছুগাৰসহ কুকাৰপাৰৰ দুজন ড্রাগ্ছ ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ জালত পৰা যুৱক দুজন হ’ল কুকাৰপাৰৰ চৰিফুদ্দিন (২৫) আৰু ফৰিদুল আলী (৩০)৷

সর্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া অঞ্জন বডোৱে জানিবলৈ দিয়া মতে ১১টাকৈ চাবোনৰ বাকচত গোপনে ভৰাই ৰখা অৱস্থাত চৰিফুদ্দিনৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ব্রাউন ছুগাৰখিনি জব্দ কৰে আৰক্ষীয়ে৷ জব্দ কৰা সন্দেহযুক্ত ব্রাউন ছুগাৰখিনিৰ আনুমানিক মূল্য ৩ লাখ টকা হ’ব বুলি আৰক্ষীৰ সূত্রত প্রকাশ৷ আজি পুৱা সর্থেবাৰী থানাত উপস্থিত হৈ বৰপেটা জিলাৰ নৱনিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ প্রদীপ শইকীয়াই ড্রাগ্ছব্যৱসায়ৰ লগত জডিত চৰিফুদ্দিন আলী আৰু ফৰিদুল আলীক মাৰাথন জেৰা চলায়৷ ড্রাগ্ছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত ধৃত দুয়োগৰাকী যুৱকৰ বিৰুদ্ধে ২০৯/২০২১ নম্বৰত গোচৰ ৰুজু কৰি আজি বৰপেটা আদালত হাজিৰ কৰায়৷ তদন্তৰ খাতিৰত আদালতে দুয়োগৰাকী ড্রাগ্ছ ব্যৱসায়ীক দুদিনৰ বাবে পুনৰ আৰক্ষীৰ জিম্মাত দিয়ে৷
ড্রাগ্ছ, সুৰা, জুৱাৰ বিৰুদ্ধে জয়সাগৰ আৰক্ষীৰ অভিযান ঃ বৃহৎ পৰিমাণৰ সুৰা–গাঞ্জাসহ এজনক গ্রেপ্তাৰ
নিয়মীয়া বার্তা, শিৱসাগৰ ঃ শিৱসাগৰত অব্যাহত থকা সুৰা, ড্রাগ্ছ, ভাং, জুৱাৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীয়ে জেহাদ ঘোষণা কৰিছে৷ ইতিমধ্যে উজনিৰ পৰা নামনিলৈকে ৰঘুমলাৰ দৰে বিয়পি পৰা মাৰাত্মক নিচাযুক্ত সামগ্রীৰ অবাধ প্রচলনত আগভাগ লোৱা কুখ্যাত চক্রসমূহৰ বিৰুদ্ধে অসমৰ প্রায়কেইখন জিলাৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই অহাৰ সংবাদে সর্বত্র চাঞ্চল্য সৃষ্টি কৰি অহাৰ সময়তে শিৱসাগৰ আৰক্ষীয়েও এইবাৰ অবৈধ চোৰাং চক্রৰ বিৰুদ্ধে বজালে ৰণডংকা৷ বিগত তিনিটা দিনত সদৰ আৰক্ষীয়ে কুখ্যাত চক্রসমূহৰ বিৰুদ্ধে ইটোৰ পাছত সিটো সফল অভিযান চলাই অহাৰ সময়তে এইবাৰ জয়সাগৰ আৰক্ষীও নামিল চোৰাং ব্যৱসায়ী চক্রৰ বিৰুদ্ধে অভিযানত৷ শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনৰ নির্দেশত জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া জ্যোতিষ ফুকনৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে এক গোপন সূত্রৰ পম খেদি ভটীয়াপাৰ অঞ্চলত অভিযান চলায়৷ নিশাৰ ভাগত চলোৱা অভিযানকালত দীর্ঘদিন ধৰি অঞ্চলটোত গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা পীতাম্বৰ দাস নামৰ চোৰাং ব্যৱসায়ীজনক নিষিদ্ধ গাঞ্জাসহ কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

অভিযানকাৰী আৰক্ষীয়ে পীতাম্বৰ দাসৰ গৃহত অভিযান চলাই ১.৪৫০ কিলোগ্রাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়৷ মণিপুৰৰ পৰা সৰবৰাহ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য কেইবাহাজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰা ৬৪৫/২০২১ নম্বৰৰ গোচৰৰ ভিত্তিত পীতাম্বৰক গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে বিয়লি জে’ললৈ প্রেৰণ কৰে৷ ইফালে, দীর্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি ঐতিহাসিক জয়সাগৰৰ মান–মর্যাদা ধূলিসাৎ কৰা অবৈধ চোৰাং ব্যৱসায়ী চক্রৰ বিৰুদ্ধে যুযুধান স্থিতি গ্রহণ কৰিছে৷ অতিমাৰী ক’ৰোনা প্রতিৰোধী সান্ধ্য আইনৰ মাজত অবৈধ সুৰাৰ অবাধ প্রচলন ঘটোৱা, হোম ডেলিভাৰীৰ ব্যৱস্থা কৰা ধুৰন্ধৰ চক্রসমূহৰ বিৰুদ্ধে উৎখাতত নামি পৰিছে জয়সাগৰ আৰক্ষী৷

বিগত তিনিটা দিন ধাৰাবাহিক অভিযান চলোৱা জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া নেতৃত্বাধীন দলটোৱে কেইবাশ অবৈধ বিলাতী সুৰাৰ বটল জব্দ কৰাৰ লগতে প্রায় ৭০ লিটাৰতকৈও অধিক দেশীয় সুৰা ঠাইতে নষ্ট কৰিবলৈ সক্ষম হয়৷ জয়সাগৰ আৰক্ষী চকীৰ অন্তর্গত জয়সাগৰ, ভটীয়াপাৰ, মেটেকা, বগীদল, জি জি এছ চাৰিআলি, কালুগাঁৱকে ধৰি কেইবাটাও স্থানত সংগোপনে চলাই থকা কুৰিটাতকৈও অধিক ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয়৷ আনহাতে, জয়সাগৰ অঞ্চলৰ কেইবাটাও স্থানত চেগা–ছোৰোকাকৈ চলি থকা মাৰাত্মক ড্রাগ্ছৰ চক্রটোকো অচিৰেই পুলিয়ে–পোখাই উভালা হ’ব বুলি ভাৰপ্রাপ্ত বিষয়া জ্যোতিষ ফুকনে সাংবাদিকক জানিবলৈ দিছে৷

RELATED ARTICLES