peepl-small

মই মোৰ ভৰিৰ তলৰ মাটি এৰি নিদিওঁ

PUBLISHED:

গুৱাহাটী:  নির্বাচনৰ সময়ত অসমৰ জনসাধাৰণক দিয়া প্রতিশ্রুতিৰ লগতে অনাগত পাঁচটা বছৰত চৰকাৰখনে অসমৰ জনসাধাৰণৰ আশা–আকাংক্ষাৰ বাস্তৱ ৰূপ দিয়াৰ বাবে প্রতিদিনে ২৪ ঘণ্টাই নিৰন্তৰভাৱে কাম কৰি যাব৷ সোমবাৰে সদনত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্রস্তাৱৰ বিতর্কৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই ঘোষণা কৰে৷ এন আৰ চিৰ পুনৰীক্ষণৰ প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এন আৰ চি পুনৰীক্ষণ হ’ব লাগে৷ অসম–বাংলাদেশ সীমান্তৱর্তী জিলাসমূহত ২০ শতাংশ আৰু আন জিলাসমূহত ১০ শতাংশ পুনৰীক্ষণৰ প্রতিশ্রুতি দিয়া হৈছিল৷ নির্বাচনত জনসাধাৰণে আমাক জনাদেশ দিছে৷ এতিয়া আমি আমাৰ প্রতিশ্রুতি পালন কৰিম৷ সেইদৰে বন্ধ কৰা মাদ্রাছাসমূহ খুলি নিদিয়াৰো প্রতিশ্রুতি দিয়া হৈছিল৷ সেই প্রতিশ্রুতিও পালন কৰিম৷

মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট কথা– ‘মই মোৰ ভৰিৰ তলৰ মাটি এৰি নিদিওঁ৷ বিৰোধীয়েও ভৰিৰ তলৰ মাটি এৰি নিদিব৷’ সেইদৰে নির্বাচনৰ সময়ত প্রতিশ্রুতি দিয়াৰ দৰে মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই দিব বুলি সদনক স্পষ্টভাৱে মত ব্যক্ত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রয়োজনত আমি দৰমহা নলওঁ৷ তথাপি প্রতিশ্রুতি পালন কৰি মাইক্র’ ফাইনেঞ্চৰ ঋণ মাফ কৰিম৷ একেদৰে নির্বাচনী প্রতিশ্রুতি পালন কৰি এক লাখ নিবনুৱাক চাকৰি দিয়া হ’ব বুলি সদনত ঘোষণা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এক লাখ ল’ৰা–ছোৱালীক গণি গণি চাকৰি দিম৷ ক’ৰবাত এজন বেছি হ’ব তথাপি কম নহয়৷ সেই অনুষ্ঠানত বিৰোধী দলপতি দেৱব্রত শইকীয়াক বিশিষ্ট অতিথি হিচাপে মাতি আনিব৷ বানমুক্ত অসমৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বানমুক্ত অসম নির্মাণৰ বাবে জলসম্পদ বিভাগে কাম কৰিব৷ কিন্তু মথাউৰি নির্মাণৰ কাৰণে আই আই টি ইঞ্জিনীয়াৰক লৈ বেলেগ এটা এজেন্সী গঠন কৰা হ’ব৷ সেই মথাউৰিৰ ওপৰত লোকনির্মাণ বিভাগে পকী পথ নির্মাণ কৰিব৷ বৰাকৰ খনন ইতিমধ্যে হৈ গৈছে৷ ব্রহ্মপুত্র খনন সম্ভৱ নহ’লেও উপনৈসমূহ খননৰ ব্যৱস্থা কৰা হ’ব৷ একেদৰে বর্তমান চৰকাৰৰ দিনত কোনো ছিণ্ডিকেট নহয় বুলি সদনত স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গৰুৰ ব্যৱসায়ো চলিবলৈ দিয়া নহ’ব৷ ভাৰতীয় সংবিধানে গো–হত্যা কৰিব নালাগে বুলি কোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ফাঁচীবজাৰ, শান্তিপুৰ, গান্ধীবস্তি আদি ঠাইত হোটেল মদিনা হোৱাৰ প্রয়োজন নাই৷ কোনোবাই সত্রৰ মাটি দখল কৰা, কোনোবাই মছজিদৰ মাটি দখল কৰা সমাজ আমি বিচৰা নাই৷ যেতিয়া এ আই ইউ ডি এফে ক’ব– কোনেও সত্রৰ মাটি দখল কৰিব নালাগে, তেতিয়া নতুন সমাজ সৃষ্টি হ’ব৷ ব্রহ্মপুত্রৰ দুয়োপাৰে এক্সপ্রেছ হাইৱে’ নির্মাণৰ কথা নির্বাচনী ইস্তাহাৰত উল্লেখ নথকাৰ বিষয়ে উনুকিয়াই তেওঁ কয় যে সেই কল্পনাও অসাধ্য সাধন এদিন কৰিম৷ তিনি বছৰত সেই কাম হ’ব বুলি ক’তো কোৱা নাই৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই প্রাক্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ আৰু সর্বানন্দ সোণোৱালৰ অৱদান স্মৰণ কৰি কয় যে হিতেশ্বৰ শইকীয়াৰ আশীর্বাদত তেওঁ ৰাজনৈতিক জীৱন আৰম্ভ কৰে৷

তৰুণ গগৈৰ মন্ত্রীসভাত দীর্ঘদিন ধৰি কাম কৰাৰ সৌভাগ্য হয়৷ সর্বানন্দ সোণোৱালৰ মন্ত্রীসভাত পাঁচ বছৰ কাম কৰাৰ সুযোগ লাভ কৰে৷ তেওঁলোকে দেখুৱাই যোৱা আদর্শৰে অসমবাসীৰ সেৱা আগবঢ়াই যাব৷ মহাপুৰুষ শংকৰদেৱে জাতিৰ প্রাণ–ঐতিহ্যক একতাৰ ডোলেৰে বান্ধিছিল৷ সেই প্রৱহমান ঐতিহ্যই অসমক সদায় চহকী কৰি ৰাখিছিল৷ নতুন চৰকাৰত তেওঁ মুখ্যমন্ত্রীৰ দায়িত্ব পাইছে যদিও সর্বানন্দ সোণোৱালে আৰম্ভ কৰা উন্নয়নৰ যাত্রাক খৰস্রোতা কৰিব৷ সোণোৱাল চৰকাৰৰ উন্নয়নৰ ধাৰাবাহিকতা আগত ৰাখি কাম কৰি যাব৷ বিজেপি মিত্রজোঁটৰ পূর্বে অসমত গোলাপ বৰবৰা আৰু প্রফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অকংগ্রেছী চৰকাৰ গঠন হৈছিল৷ কিন্তু তেওঁলোক ধাৰাবাহিকভাৱে বিজয়ী হোৱা নাছিল৷ বিজেপিয়েহে ধাৰাবাহিকভাৱে দুবাৰ বিজয়ী হৈ অসমৰ ৰাজনীতিত নতুন অধ্যায় আৰম্ভ কৰে৷

সোণোৱাল চৰকাৰ অসমীয়া জাতীয় জীৱনৰ সফল চৰকাৰ বুলি উল্লেখ কৰি তেওঁ কয় যে সোণোৱালে মূল্যবোধৰ ৰাজনীতি কৰিলে৷ তেওঁ আৰু কয় যে কল্যাণমুখী ৰাষ্ট্রৰ ধর্ম হৈছে যিসকল যুগে যুগে পিছপৰি আছে, তেওঁলোকৰ উন্নতিৰ বাট দেখুওৱা৷ চাহ জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে চৰকাৰখনে নিৰন্তৰ কাম কৰি অহাৰ কথা উল্লেখ কৰি যোৱা পাঁচটা বছৰে বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ যি উন্নয়নৰ কথা কোৱা হৈছিল সেই উন্নয়নৰ গতি আৰু অধিক খৰতকীয়া কৰা হ’ব৷ চাহ জনগোষ্ঠী–নুসূচিত জাতি জনজাতি–সংখ্যালঘু সম্প্রদায়ৰ মহিলাসকলৰ জনমুখী যাত্রা আমাৰ চৰকাৰৰ প্রাণ হ’ব, আত্মা হ’ব৷ তেওঁলোকক কেন্দ্র কৰি পাঁচটা বছৰ নিৰন্তৰ যাত্রা কৰা হ’ব৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই ভৰত নৰহ, ৰকিবুল হুছেইনকে ধৰি কংগ্রেছৰ একাংশক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁলোকক তাত্ত্বিক কথা কোৱাৰ আহ্বান জনায়৷ এই সম্পর্কত তেওঁ কয় যে বিৰোধীৰ সেয়া দায়িত্ব৷ কিন্তু ২০১৬ চনত কংগ্রেছৰ পৰা যেতিয়া বিজেপিয়ে শাসনভাৰ লৈছিল, তেতিয়া ৰাজ্যখনত বছৰি খৰচ হৈছিল ৪২ হাজাৰ কোটি টকা৷ এতিয়া সেই খৰচৰ পৰিমাণ ৮৪ হাজাৰ কোটি টকা হৈছে৷ ৰাজহুৱা ব্যয় দুগুণলৈ বৃদ্ধি হৈছে৷ সোণোৱাল চৰকাৰৰ পূর্বে কোনো চৰকাৰে ইমান বৃহৎ পৰিমাণৰ ব্যয় কৰিবলৈ সমর্থ হোৱা নাছিল৷ যোৱা পাঁচটা বছৰত ৰাজ্যখনত ৪০ হাজাৰ কিলোমিটাৰ বাট–পথ নির্মাণৰ লগতে ২১ লাখ পৰিয়ালক অৰুণোদয় আঁচনিয়ে সামৰি লৈছে৷

গতিশীল আৰু প্রাণৱন্ত এখন বিধানসভা অসমৰ ৰাইজৰ অধিকাৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰখন যদি ৰে’লপথৰ পৰা আঁতৰি গৈছে, তেতিয়াহ’লে চৰকাৰখনক পথলৈ ওভতাই অনাৰ দায়িত্ব বিৰোধীৰ৷ লবীত আমাৰ কথা নহয়, বিধানসভাত কথা হ’ব৷ ৰাইজৰ আশা–আকাংক্ষা আমি পূৰণ কৰিম৷ ৯০ শতাংশ বিষয়বস্তুতে শাসক–বিৰোধী বিধায়কৰ সহমত আছে৷ ১০ শতাংশ বিষয়তহে মতবিৰোধ আছে৷ প্রথমতে সহমত থকা বিষয়সমূহত একেলগে কাম কৰি এই সদনে নতুন অসম নির্মাণ কৰিব লাগিব৷ আমি সংকল্প লৈছোঁ, বেয়া কাম নকৰোঁ৷ বেয়া কাম হ’লে আপোনালোকে দেখুৱাই দিব৷ অসমৰ যদি অর্থনৈতিক বুনিয়াদ গঢ়িব লাগে, তেতিয়াহ’লে কৃষিখণ্ডত গুৰুত্ব দিব লাগিব৷ আমি এটা এটাকৈ সকলো কাম কৰিম৷ মন্ত্রীসভাৰ সদস্যসকলকো বিৰোধীৰ প্রতি গঠনমূলক ভূমিকা গ্রহণৰ আহ্বান জনোৱা হৈছে৷ এখন গতিশীল, প্রাণৱন্ত, জীৱন্ত বিধানসভা অসমবাসীৰ অধিকাৰ৷ আমি পাঁচ বছৰত তেনে এখন বিধানসভা অসমবাসীক দিয়াৰ চেষ্টা কৰিম৷ বিৰোধীয়ে সদনৰ সময় অধিক বৃদ্ধিৰ কথা কৈছে৷ ইয়াত চৰকাৰৰ কোনো আপত্তি নাই৷ বিৰোধীয়ে সংসদীয় ব্যৱস্থাৰ মাজেৰে সভা স্থগিত প্রস্তাৱ আনিলে, তেওঁলোকক আধা ঘণ্টা বেছিকৈ ক’বলৈ দিয়াত চৰকাৰৰ কোনো আপত্তি নাই৷ কেৱল বিৰোধীয়ে বাতৰিকাকতৰ শিৰোনামৰ কথা কোৱাতকৈ তাত্ত্বিক কথা সদনত ক’বলৈ তেওঁ আহ্বান জনায়৷ এনেদৰে সকলোৱে অগ্রসৰ হ’লে অহা পাঁচ বছৰত দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ ভিতৰত অসমে স্থান পাব বুলি আশা ব্যক্ত কৰে৷

RELATED ARTICLES