peepl-small

প্রতিযোগিতা নহয়, আমি কৰিব বিচাৰিছোঁ সহযোগিতাৰ ৰাজনীতি

PUBLISHED:

গুৱাহাটী: নতুন চৰকাৰে দায়িত্বভাৰ গ্রহণ কৰাৰ পাছত সোমবাৰে প্রথমবাৰৰ বাবে মিত্রদল অসম গণ পৰিষদৰ আমবাৰীস্থিত কার্যালয়ত উপস্থিত হ’ল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ অগপৰ সভাপতি    তথা ৰাজ্য চৰকাৰৰ কৃষিমন্ত্রী অতুল বৰা, কার্যকৰী সভাপতি তথা স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্য, জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰীকে ধৰি দলটোৰ বিধায়ক আৰু নেতা–কর্মীসকলে মুখ্যমন্ত্রীগৰাকীক উষ্ম আদৰণি জনায়৷

সম্বর্ধনা গ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– মুখ্যমন্ত্রী হিচাপে মোক বিজেপিৰ বিধায়িনী দলে নেতা নির্বাচন কৰাৰ উপৰি মিত্রজোঁটেও নেতা হিচাপে নির্বাচন কৰিছে৷ গতিকে বিজেপিৰ লগতে অসম গণ পৰিষদ আৰু ইউ পি পি এলৰ নেতা–কর্মীসকলকো অভিনন্দন জনোৱা আৰু আটাইকেইটা দলৰ কার্যকর্তাক একেলগে লৈ আগবঢ়াটো মোৰ দায়িত্ব৷ এইখন চৰকাৰ বিজেপিৰ লগতে অসম গণ পৰিষদ আৰু ইউ পি পি এলৰো চৰকাৰ৷ আমি একেলগে হাতত হাত ধৰি আগবাঢ়ি যোৱাৰ এটা সংস্কৃতি নির্মাণ কৰিব বিচাৰিছোঁ৷ আমি প্রতিযোগিতাৰ নহয়, সহযোগিতাৰ ৰাজনীতি কৰিব বিচাৰিছোঁ৷ সেইবাবেই এইবাৰৰ পৰা তিনিওটা মিত্রদলৰ পৃথক পৃথক বিধায়িনী দলৰ বৈঠক হোৱাৰ উপৰি সদনতপ্রৱেশৰ পূর্বে আটাইকেইটা দলৰ একেলগে বিধায়িনী বৈঠক অনুষ্ঠিত হ’ব৷ বিধানসভাৰ ভিতৰত আটাইৰে পৰিচয় এটাই হ’ব, সেয়া হ’ল মিত্রজোঁটৰ পৰিচয়৷

আনহাতে, স্বাস্থ্যমন্ত্রী হিচাপে কেশৱ মহন্তই লোৱা ভূমিকাক প্রশংসা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে স্বাস্থ্যমন্ত্রী মহন্তৰ তৎপৰতাৰ বাবে অসমে ক’ভিডৰ লগত সমানে সমানে যুঁজিবলৈ সক্ষম হৈছে৷ তেওঁ দিনে–নিশাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰা বাবেই কম দিনৰ ভিতৰতে অসমে সফলতা লাভ কৰাৰ পথত আগবাঢ়িছে৷ কাইলৈ–পৰহিলৈ হয়তো ক’ভিডো পিছপৰি যাব৷ 

সোমবাৰে মুখ্যমন্ত্রীগৰাকীয়ে সহযোগী মিত্রদলসমূহক লগত লৈ অসমক দেশৰ ৫খন সর্বশ্রেষ্ঠ ৰাজ্যৰ এখন হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰি যাব বুলিও উল্লেখ কৰে৷ ইপিনে, অগপ দলৰ সভাপতি তথা মন্ত্রী অতুল বৰাই কয় যে ড০ হিমন্ত বিশ্ব শর্মাৰ দৰে এজন অভিজ্ঞ আৰু গতিশীল ব্যক্তিক মুখ্যমন্ত্রী হিচাপে পাই অসমবাসী আনন্দিত৷ তেওঁৰ ওপৰত ৰাইজৰ গভীৰ বিশ্বাস আৰু আস্থা আছে৷ অগপৰ সভাপতিগৰাকীয়ে লগতে কয় যে অগপ দলে দুবাৰকৈ ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল যদিও তাৰ পাছত কেইবাটাও নির্বাচনত বিপর্যয়ৰ সন্মুখন হয়৷ ইয়াৰ পাছত ড০ হিমন্ত বিশ্ব শর্মাৰ প্রচেষ্টাতে মিত্রজোঁটত চামিল হয় আৰু যোৱা নির্বাচনত ১৪খন আসনত জয়লাভ কৰিবলৈ সক্ষম হয়৷ এইবাৰো অসম গণ পৰিষদে মিত্রদল হিচাপে প্রথমৰে পৰা সন্মান, মর্যাদা বিচাৰিছে৷ এই কথা উপলব্ধি কৰি বিধায়িনী দলৰ বৈঠকত মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছে যে এতিয়াৰে পৰা প্রতিগৰাকী মন্ত্রীয়ে কোনোবা এখন জিলালৈ গ’লে অগপৰ সভাপতি–সম্পাদকসহ খবৰ দিব, সাক্ষাৎ কৰিব৷ একেদৰে অগপৰ মন্ত্রীসকলেও বিজেপিৰ নেতাসকলৰ সৈতে সম্পর্ক ৰক্ষা কৰিব৷ ইয়াৰ ফলত মিত্রতা অধিক মজবুত হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷

আনহাতে, মুখ্যমন্ত্রীৰ ড০ শর্মাই অগপ কার্যালয়ত পদার্পণ কৰা ঘটনাত আৱেগিক হৈ পৰা দলটোৰ কার্যকৰী সভাপতি কেশৱ মহন্তই কয় যে সুদীর্ঘ ২০ বছৰৰ পাছত অগপৰ কার্যালয়লৈ এগৰাকী মুখ্যমন্ত্রী আহিছে৷ যাক নিজৰ মুখ্যমন্ত্রী বুলি ক’ব পাৰি৷ নতুন মুখ্যমন্ত্রীগৰাকীৰ নেতৃত্বত অসমে নতুন দিগন্ত চুব পাৰিব বুলিও তেওঁ মন্তব্য কৰে৷ উল্লেখ্য যে এই অনুষ্ঠানতে অতুল বৰা আৰু কেশৱ মহন্তই মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ২ লাখকৈ টকাৰ অনুদান প্রদান কৰে৷

RELATED ARTICLES