peepl-small

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ ঘোষণাঃ ১ ছেপ্টেম্বৰৰ পৰা পর্যায়ক্রমে খুলিব নৱম–দ্বাদশ শ্রেণী

PUBLISHED:

গুৱাহাটী: ৰাজ্যৰ ক’ভিড পৰিস্থিতি সামান্য উন্নত হোৱাৰ প্রতি লক্ষ্য ৰাখি অহা ১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানৰ পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে শিক্ষা বিভাগে৷ শুকুৰবাৰে এই কথা স্পষ্ট কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷মন্ত্রীগৰাকীয়ে উল্লেখ কৰা মতে, যোৱা সময়ছোৱাত ক’ভিড পৰিৱেশৰ বাবে ছাত্র–ছাত্রীসকলৰ পাঠ গ্রহণত হোৱা ক্ষতিৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ১ ছেপ্টেম্বৰৰ পৰা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান আৰম্ভ কৰাৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে৷ যিহেতু ক’ভিড পৰিস্থিতি যথেষ্ট উন্নত হৈছে, সেয়েহে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে বিষয়টো আলোচনা কৰি নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ প্রণালীবদ্ধভাৱে এছ অ’ পি তৈয়াৰ কৰা হ’ব আৰু তাৰ পাছত পাঠদান আৰম্ভ কৰা হ’ব৷ ইয়াৰ বাবে শিক্ষা বিভাগে প্রয়োজনীয় প্রস্তুতি চলাই আছে৷

ইফালে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণৰ হাৰ সর্বাধিক হোৱা হেতু একাদশ শ্রেণীত নামভর্তিক লৈ যাতে খেলিমেলি সৃষ্টি নহয়, তাৰ বাবে বিশেষ পদক্ষেপ লোৱা বুলিও  মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত তেওঁ কয় যে উত্তীর্ণৰ হাৰ বৃদ্ধি পালেও নামভর্তিৰ ক্ষেত্রত যাতে কোনোধৰণৰ অসুবিধা নহয়, তাৰ বাবে বিভাগে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিছে৷ সেই অনুসৰি ৰাজ্যখনৰ মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিকত ক’ত কিমান আসন আছে আৰু কিমান আসন বৃদ্ধি কৰিব পাৰি তাৰ এক পর্যালোচনা চলোৱা হৈছে৷

ইতিমধ্যে বিভাগৰ হাতত থকা তথ্য অনুসৰি চৰকাৰী আৰু প্রাদেশীকৃত মহাবিদ্যালয়–উচ্চতৰ মাধ্যমিকৰ ৩,৩৫,২৭২খন আসন খালী আছে৷ আনহাতে ৪৯,৬৩৯খন আসন এইবাৰ বৃদ্ধিৰ প্রস্তুতি চলোৱা হৈছে৷ ইয়াৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ আসনৰ অভাৱ নহ’ব বুলি ধাৰণা কৰা হৈছে৷

উল্লেখ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৩.১০ শতাংশৰে ৩,৯৭,১৩২গৰাকী পৰীক্ষার্থী উত্তীর্ণ হৈছে৷ সেই দিশলৈ লক্ষ্য ৰাখি নামভর্তিৰ ক্ষেত্রত কিছু সমস্যাৰ সম্ভাৱনাই দেখা দিছে৷ অৱশ্যে এইক্ষেত্রত শুকুৰবাৰে শিক্ষামন্ত্রীগৰাকীয়ে প্রায় ৫০ হাজাৰ আসন বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা বুলি কৰা ঘোষণাই যথেষ্ট আশাৰ সৃষ্টি কৰিছে৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে ইয়াকো উল্লেখ কৰে যে বর্তমানৰ আসন আৰু বৃদ্ধি কৰিবলগীয়া আসনৰ পাছতো যদি কিছু ছাত্র–ছাত্রীৰ নামভর্তি ৰৈ যায়, সেয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে পূৰণ কৰিব পাৰিব৷ মুঠতে উত্তীর্ণৰ হাৰ বৃদ্ধি পালেও নামভর্তিৰ ক্ষেত্রত কোনো সমস্যা সৃষ্টি নহয়৷

RELATED ARTICLES