peepl-small

যুদ্ধকালীন তৎপৰতাৰে নলা–নর্দমা নিষ্কাশন

PUBLISHED:

গুৱাহাটী: গুৱাহাটী মহানগৰীক বানমুক্ত কৰি তুলিবলৈ গুৱাহাটী পৌৰ নিগমে যুদ্ধকালীন তৎপৰতাৰে চলাইছে নলা–নর্দমা নিষ্কাশনৰ কাম৷ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহালৰ নির্দেশৰ পিছত পৌৰ নিগমে মহানগৰবাসীক কৃত্রিম বানৰ পৰা সকাহ দিয়াৰ বাবে জি এম চিৰ অধীনস্থ এলেকাৰ প্রতিটো নলা–নর্দমা নিষ্কাশনৰ কাম হাতত লৈছে৷ তদুপৰি দীর্ঘদিন ধৰি আৱর্জনাৰে পোত যোৱা বশিষ্ঠ, বাহিনী, ভৰলু, মৰাভৰলু আৰু বোন্দাজান পৰিষ্কাৰৰ বাবে পৌৰ নিগমে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ একেদৰে মহানগৰীৰ বিভিন্ন প্রান্তৰ প্রায় ৯০০ কিলোমিটাৰ দৈর্ঘ্যৰ নলাৰ বোকা–আৱর্জনা নিষ্কাশনৰ বাবে ৭৫গৰাকী ঠিকাদাৰক দায়িত্ব অর্পণ কৰিছে৷

নৱনিযুক্ত পৌৰপতি দেৱাশিষ শর্মাৰ তত্ত্বাৱধানত ইতিমধ্যে কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰসকলে যুদ্ধকালীন তৎপৰতাৰে নলা–নর্দমা নিষ্কাশনৰ কাম আৰম্ভ কৰিছে৷ পৌৰ নিগমৰ এক সূত্রই সদৰী কৰা মতে প্রথম পর্যায়ত বি এন শইকীয়া পথ, জি এছ ৰোড, শ্রীনগৰ পথ, আৰ জি বৰুৱা ৰোড, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদৰ নলা–নর্দমাৰ লগতে ভৰলু, বশিষ্ঠ, বাহিনী আৰু মৰা ভৰলুৰ আৱর্জনা নিষ্কাশনৰ সিদ্ধান্ত লৈছে৷ ইতিমধ্যে যোৱা ৫ মে’ৰ পৰা নলা–নর্দমা নিষ্কাশনৰ কাম দিনে–নিশাই চলি আছে৷ পৌৰ নিগমে তিনিটা শাখাত বিভক্ত কৰা শ্রমিকসকলে দিনে–নিশাই কৰা কামৰ সঘন বুজ লৈ আছে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংঘাল আৰু পৌৰপতি দেৱাশিস শর্মাই৷

RELATED ARTICLES