peepl-small

হাজেলাৰ বিৰুদ্ধে চি আই ডিত এপিডব্লিউৰ গোচৰ

PUBLISHED:

গুৱাহাটী: ৰাষ্ট্রীয় নাগৰিকপঞ্জীত (এন আৰ চি) সংঘটিত ব্যাপক অনিয়মৰ তদন্ত বিচাৰি চি আই ডিৰ দ্বাৰস্থ হৈছে আছাম পাব্লিক ৱর্কছ (এ পি ডব্লিউ৷ এন আৰ চিৰ প্রাক্তন ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাৰ বিৰুদ্ধে আজি চি আই ডিত এজাহাৰ দাখিল কৰে সংগঠনটোৱে৷ বিশেষকৈ এন আৰ চি উন্নীতকৰণৰ সময়ত বংশবৃক্ষ পৰীক্ষণৰ ক্ষেত্রত ব্যাপক অনিয়ম সংঘটিত কৰাৰ ক্ষেত্রত প্রতীক হাজেলা জড়িত হৈ আছিল বুলি অভিযোগ উত্থাপন কৰি ইয়াৰ পুংখাংপুংখ তদন্তৰ দাবী উত্থাপন কৰিছে এ পি ডব্লিউৱে৷

চি আই ডিত এজাহাৰ দাখিল কৰি এক বিবৃতিত এ পি ডব্লিউৰ সভাপতি অভিজিৎ শর্মাই কয় যে এন আৰ চিত বংশ পৰীক্ষণত ৪০ শতাংশ ভুল ৰৈ গৈছিল৷ এই ভুল মানৱসৃষ্ট ভুল নহয় বুলি উল্লেখ কৰি তেওঁ কয়– ‘প্রাক্তন সমন্বয়ক হাজেলাই বাংলাদেশী মূলৰ অবৈধ নাগৰিকক ডাটা এণ্ড্রী অপাৰেটৰ হিচাপে নিযুক্তি দি উচ্চপদস্থ বিষয়াই চালি–জাৰি চাব নোৱাৰা ছফ্টৱেৰৰ জৰিয়তে সমগ্র বংশবৃক্ষ পৰীক্ষণ প্রক্রিয়াটোক এখন নাটকত পৰিণত কৰিলে৷ ইয়াৰ ফলস্বৰূপে দেশ আৰু জাতিক প্রতাৰণা কৰি এখন আভুৱা ভাঁৰা এন আৰ চি প্রকাশ কৰিলে৷

বর্তমানৰ এন আৰ চিৰ সমন্বয়কজনে দাখিল কৰা শপতনামাত স্পষ্টভাৱে উল্লেখ কৰিছে যে বংশবৃক্ষ পৰীক্ষণত ৪০ শতাংশ ভুল ৰৈ গৈছে৷ এয়া এক সুপৰিকল্পিত ষড়যন্ত্র আৰু ইয়াৰ নায়ক হৈছে প্রতীক হাজেলা৷ এয়া এক দেশদ্রোহীৰ অপৰাধ৷’ সেয়েহে বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন কৰি হ’লেও নাগৰিকপঞ্জী উন্নীতকৰণত সংঘটিত অনিয়মৰ তদন্ত কৰি সমগ্র তথ্য ৰাইজৰ ওচৰলৈ লৈ আহিবলৈ এ পি ডব্লিউৱে দাবী উত্থাপন কৰিছে৷ এইক্ষেত্রত ৰাজ্যৰ নতুন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক হস্তক্ষেপ কৰি প্রয়োজনত অভিজ্ঞ আৰক্ষী বিষয়াৰ দ্বাৰা এই তদন্তকাৰী গোট গঠন কৰিবলৈ শর্মাই আহ্বান জনাইছে৷

প্রাক্তন সমন্বয়ক হাজেলাৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি শর্মাই এইবুলিও কয় যে ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াত একাংশ অবৈধ বিদেশীৰক্ষক ৰূপী পুঁজিপতি দালালৰ হৈ প্রাক্তন সমন্বয়ক হাজেলাই কাম কৰিছিল৷ এই প্রক্রিয়াৰ জৰিয়তে এটা বিশেষ ৰাজনৈতিক গোষ্ঠীয়ে ভোটবেংক হিচাপে ব্যৱহাৰ কৰি অহা অবৈধ বিদেশী নাগৰিকক চিৰদিনলৈ ৰাজ্যৰ স্থায়ী নাগৰিকৰ মর্যাদা দি এন আৰ চিৰ জৰিয়তে ভাৰতীয়কৰণৰ ষড়যন্ত্রত লিপ্ত হৈছিল হাজেলা৷

এজনো অবৈধ বিদেশীৰ নাম যাতে বাদ পৰি নাযায়, তাৰ বাবে তেওঁ সর্বোচ্চ পন্থা হাতত লৈছিল৷ এই সমগ্র পদ্ধতি ন্যস্তস্বার্থ সিদ্ধিৰ বাবে তৈয়াৰ কৰা হৈছিল৷ এই প্রক্রিয়াত তেওঁ বিভিন্ন চক্রান্তৰে যিমান প্রয়োজন হৈছিল, সিমান ধন ব্যয় কৰিছিল৷ এন আৰ চিৰ অডিত ৰিপ’টত চকু ফুৰালে ধনৰ অপব্যৱহাৰৰ তথ্য পোহৰলৈ আহিব বুলি উল্লেখ কৰি শর্মাই কয়– আমি প্রমাণ–এজাহাৰ দিয়াৰ পাছতো প্রতীক হাজেলাৰ বিৰুদ্ধে কোনো তদন্ত নহ’ল৷ হাজেলাই ৰাজ্য চৰকাৰৰ গৃহ বিভাগত এৰি যোৱা একাংশ ঘনিষ্ঠ বিষয়াৰ বাবে তেওঁৰ তদন্তৰ ফাইল দিছপুৰতে গাপ দি ৰখা হৈছিল৷ ইপিনে ৰাজ্যিক সমন্বয়ক হিচাপে কর্তব্যৰত অৱস্থাত কোন বিষয়াৰ সৈতে কথা–বতৰা পাতিছিল, তাৰ বাবে কল ৰেকর্ড পৰীক্ষাৰো আহ্বান জনাইছে এ পি ডব্লিউৱে৷

RELATED ARTICLES