peepl-small

তিব্বতত ৪,৯০০ ফুট উচ্চতাৰ ছুপাৰ মেগা বান্ধ নির্মাণ কৰিব চীনে

PUBLISHED:

গুৱাহাটীঃ তিব্বতত এটা ছুপাৰ মেগা বান্ধ নির্মাণৰ পৰিকল্পনা লৈছে চীনে৷ মহাবাহু ব্রহ্মপুত্রৰ ঠিক মুখনিতে ভেটি নির্মাণৰ পৰিকল্পনা কৰা এই বান্ধটোৰ উচ্চতা হ’ব ৪,৯০০ ফুট৷ প্রকাশ পোৱা মতে এই জলবিদ্যুৎ উৎপাদনক্ষম এই বান্ধটোৰ পৰা প্রতিবছৰে ৩০০ বিলিয়ন কিলোৱাট বিদ্যুৎ উৎপাদন কৰা হ’ব৷

উল্লেখ্য যে চীনৰ পাঁচ বছৰীয়া পৰিকল্পনাত অন্তর্ভুক্ত কৰা হৈছে এই ছুপাৰ মেগা বান্ধৰ আঁচনি৷ স্বাভাৱিকতে ব্রহ্মপুত্রক ভেটি চীনে নির্মাণ কৰিব খোজা এই ছুপাৰ মেগা বান্ধে ভাৰতক উদ্বিগ্ন কৰি তুলিছে৷ ‘এই বৃহদাকাৰ বান্ধ নির্মাণৰ পৰিকল্পনা নিশ্চিতভাৱে প্রাকৃতিক ভাৰসাম্যৰ বাবেই অত্যন্ত বিপজ্জনক’– মার্কিন জলশক্তি বিশেষজ্ঞ ব্রায়ান ইয়েলাৰে এইদৰে কয়৷

RELATED ARTICLES