peepl-small

অহা সপ্তাহত ৰাজ্যৰ ক’ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ আশা মুখ্যমন্ত্রী ড০ শর্মাৰ

PUBLISHED:

গুৱাহাটীঃ অহা সপ্তাহত ৰাজ্যৰ ক’ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ আশা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দেওবাৰে দিনৰ ভাগত মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে অসমত ক’ভিডৰ সংক্রমণৰ হাৰ ৫.৫ শতাংশলৈ আহিছে৷ অহা সপ্তাহত পৰিৱেশ কিছু উন্নত হ’ব বুলি আশা কৰা হৈছে৷ সেইদৰে ক’ভিড ভেকচিনৰ নাটনি থকাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে দৈনিক এক লাখ লোকক ভেকচিন দিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও বর্তমান দৈনিক ৫০ হাজাৰ লোকক ভেকচিন দিয়া হৈছে ৷

ভেকচিন যিধৰণে লাভ কৰা হৈছে তেনেদৰে দি থকা হৈছে৷ ক’ভিড ৰোগীৰ মৃত্যুৰ প্রসংগত তেওঁ কয় যে সংক্রমণৰ সংখ্যা কমি অহাৰ লগে লগে মৃত্যুৰ সংখ্যাও কমি আহিব ৷

ইফালে নিশাৰ ভাগত মুখ্যমন্ত্রী ড০ শর্মাই গুৱাহাটী মেডিকেল কলেজ হাস্পতাল পৰিদর্শন কৰি অধ্যক্ষ আৰু ক’ভিড চিকিৎসা ব্যৱস্থাপনাত নিয়োজিত আন জ্যেষ্ঠ চিকিৎসকসকলৰ সৈতে আলোচনাত মিলিত হয়৷ ক’ভিড মহামাৰীৰ ক্রমবর্ধমান সংক্রমণ ৰোধৰ বাবে অনুসৰণ কৰিবলগীয়া চিকিৎসা প্রট’কল আৰু অন্যান্য সা–সুবিধাসমূহৰ মুখ্যমন্ত্রী ড০ শর্মাই বুজ লয় ৷

RELATED ARTICLES