peepl-small

১ জানুৱাৰীৰ পৰা চানডুবি মহোৎসৱ

PUBLISHED:

গুৱাহাটীঃ অসমৰ ৯ খন প্রধান বিল তথা উল্লেখনীয় পর্যটন ক্ষেত্রসমূহৰ ভিতৰত ঐতিহাসিক চানডুবি বিল অন্যতম৷ তথ্য অনুসৰি, ১৮৯৭ চনৰ প্রবল ভূঁইকঁপৰ ফলত এই মনোমোহা বিলখনৰ সৃষ্টি হৈছিল৷ কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্রৰ ৰাভাং হাছং এলেকাৰ অন্তর্গত অসম–মেঘালয় সীমান্তৱর্তী ৰাজাপাৰাত অৱস্থিত বিলখনৰ জৈৱ–বৈচিত্র্যৰ অপূর্ব স্বকীয়তা বাৰুকৈয়ে মন কৰিবলগীয়া৷ কিয়নো পাহাৰৰ আৱেষ্টনীৰ মাজত অৱস্থিত অগভীৰ বিলখনৰ জলভাগত সাধাৰণ মাছ– কাছৰ উপৰি কেতবোৰ বিৰল তথা দুষ্প্রাপ্য প্রজাতিৰ জলজ প্রাণী আৰু কীট–পতংগৰ অৱস্থিতিৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে জীৱ বিজ্ঞানীসকলে৷

আনহাতে, বিলখনৰ পাৰৰ চৌদিশৰ সেউজীয়া ঘন অৰণ্যখনো অনেক আপুৰুগীয়া গছ–বিৰিখ আৰু তৰুলতাৰে পৰিপূর্ণ৷ অৰণ্যৰ বুকুতো বিভিন্ন সৰীসৃপকে ধৰি অনেকবনৰীয়া জীৱ–জন্তুই মুক্ত বিচৰণ কৰে৷ ঠিক তেনেদৰেই অনেক ৰং–বিৰঙৰ আলহী পক্ষীৰ সুমধুৰ গুঞ্জনত মুখৰ বিলখনৰ পাৰৰ সেউজ কোমল উপত্যকা৷ আনহাতে, শীতৰ আগমনৰ লগে লগেই অজস্র প্রাকৃতিক উপাদানেৰে পৰিপুষ্ট মনোৰম ক্ষেত্রখনৰ নৈসর্গিক শোভা উপভোগৰ বাবেও পৃথিৱীৰ ভিন্ন প্রান্তৰ লগতে ৰাজ্যৰ প্রকৃতিপ্রেমী পর্যটকৰ আগমন ঘটে৷

ইফালে, ২০২১ বর্ষৰ পহিলা জানুৱাৰীৰ পৰা ৪ জানুৱাৰীলৈ বর্ণাঢ়্য কার্যসূচীৰে অনুপম বিলখনৰ সেউজ উপত্যকাত একাদশ বার্ষিক চানডুবি মহোৎসৱ উদযাপনৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে৷ বিলখনৰ সেউজীয়া বাকৰিত বাঁহ, বেত, খেৰ, নৰা আদিৰ উপৰি বিভিন্ন শিল্পকর্মৰে গৃহ তথা মঞ্চ আদিও দৃষ্টিনন্দন ৰূপত সাজি উলিয়াইছে আয়োজকসকলে৷

উল্লেখ্য যে প্রকৃতিপ্রদত্ত ক্ষেত্রখনৰ উচিত সংৰক্ষণৰ জৰিয়তে এক উল্লেখনীয় পর্যটন ক্ষেত্র হিচাপে গঢ়ি তোলাৰ প্রয়াসেৰে অনুষ্ঠিত কৰি অহা উক্ত উৎসৱত অঞ্চলটোৰ থলুৱা লোকসকলৰ চহা জীৱনৰ অনবদ্য বর্ণিল জীৱনশৈলী, খাদ্যাভাস তথা থলুৱা পৰম্পৰাগত খেল–ধেমালিৰ উপৰি অসমীয়া জাতীয় জীৱনৰ স’তে সংপৃক্ত সকলো লোককৃষ্টিৰ সমাহাৰ ঘটে৷

বিশেষকৈ এইবেলিও উক্ত উৎসৱৰ বাৰেৰহণীয়া কার্যসূচীত পূর্বৰ দৰেই মনোমুগ্ধ লোককৃষ্টি, খাদ্য ব্যঞ্জনকে ধৰি থলুৱা জাতীয় পৰম্পৰাৰ লগতে পৰিৱেশ সুৰক্ষা সম্পর্কীয় সজাগতামূলক অনুষ্ঠান আদিও অনুষ্ঠিত কৰা হ’ব৷ গতিকে তেনে এক উল্লেখনীয় ইতিবাচক চিন্তা–চেতনাৰে প্রকৃতি সুৰক্ষাৰ হেতু জাগৰণ সৃষ্টিৰ প্রয়াসেৰে পহিলা জানুৱাৰীৰ পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ হ’বলগীয়া উৎসৱটিৰ বিশ্বমুখী যাত্রাত প্রকৃতিপ্রেমী ৰাইজৰ সহায়–সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উৎসৱ উদযাপন সমিতিয়ে৷

RELATED ARTICLES