peepl-small

কুখ্যাত চোৰাং গো–মাফিয়া মোজ্জাম্মিলৰ আত্মসমর্পণ

PUBLISHED:

গুৱাহাটীঃ গৰুৰ চোৰাং সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কঠোৰ স্থিতি গ্রহণ কৰাৰ পিছত নামনি অসমৰ কুখ্যাত গো–মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে তৎপৰতা আৰম্ভ কৰিছে৷ বিগত সময়ত একাংশ উচ্চপদস্থ আৰক্ষী বিষয়া আৰু ৰাজনৈতিক নেতাৰ আশীর্বাদত গৰুৰ চোৰাং সৰবৰাহৰ লগতে একাধিক দুষ্কার্যত জডিত থকা বৰপেটাৰোডৰ কুখ্যাত গো–মাফিয়া তথা বিতর্কিত কংগ্রেছ নেতা মোজাম্মিল হকে কালি সন্ধিয়া বৰপেটাৰ আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰে৷ দীর্ঘদিন ধৰি পশ্চিমবংগত আত্মগোপন কৰি থকা গো–মাফিয়া মোজাম্মিল হকে আৰক্ষীৰ তীব্র হেঁচাত অৱশেষত আত্মসমর্পণ কৰিবলৈ বাধ্য হয়৷ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসমর্পণ কৰাৰ পিছতে হাউলী থানাত ৰুজু হৈ থকা গোচৰত গ্রেপ্তাৰ কৰা হয় গো–মাফিয়া মোজাম্মিল হকক৷ বৰপেটা জিলাৰ হাউলী থানাত ৰুজু হৈ থকা ২৯৮/২১নং গোচৰত আৰু ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৩৭৯/৩৬৫/৩৯৫ ধাৰা আৰু প্রিভেনচন্ অৱ ক্রুৱেল্টী টু এনিমেল আইনৰ ১১(১), (এ), (৬), (ডি), চি ধাৰাৰ অধীনত গ্রেপ্তাৰ কৰে মোজাম্মিল হক নামৰ গো–মাফিয়াজনক৷

মঙলবাৰে বৰপেটাৰ নিম্ন আদালতত হাজিৰ কৰোৱাৰ পিছত অধিক তদন্তৰ বাবে মোজাম্মিলক ১০ দিনৰ বাবে জিম্মাত লয় হাউলী আৰক্ষীয়ে৷ বিগত সময়ছোৱাত গৰু ছিণ্ডিকেটক নেতৃত্ব দিয়া মোজাম্মিলৰ বিৰুদ্ধে হাউলী থানাত ৰুজু হৈ আছে চুৰি–ডকাইতি আৰু অপহৰণৰ গোচৰ৷ গৰু ছিণ্ডি কেটৰ লগত জডিত থকাৰ অভিযোগত একেখন থানাত মোজাম্মিলৰ বিৰুদ্ধে জন্তুৰ প্রতি নিষ্ঠুৰতা প্রতিৰোধ আইন–১৯৬০ৰ অধীনতো ৰুজু হৈ আছে গোচৰ৷ গৰু ছিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড হাউলীৰ খাইৰুল ইছলামক গ্রেপ্তাৰৰ পিছত বিগত এমাহ ধৰি পলাতক অৱস্থাত বৰপেটাৰোডৰ বিতর্কিত কংগ্রেছ নেতা তথা বৰপেটা জিলা পৰিষদৰ প্রাক্তন সদস্য মোজাম্মিল হক৷

যোৱা ২৮ মে’ত খাইৰুল ইছলাম নামৰ গো–মাফিয়াজনক গ্রেপ্তাৰৰ পিছত মোজাম্মিল হকক বিচাৰি অভিযান অব্যাহত ৰাখিছিল বৰপেটা আৰক্ষীয়ে৷ বৰপেটাৰোড আৰক্ষীয়ে মোজাম্মিল হকৰ এখন ধাবাত অভিযান চলাই কেইবাখনো বিলাসী বাহন জব্দ কৰিছিল যদিও গো–মাফিয়াজনৰ সন্ধান পোৱা নাছিল৷ উল্লেখ্য যে গো–মাফিয়া মোজাম্মিল হকৰ বৰপেটাৰোড ষ্টেচন ৰোডত থকা হার্বছ এণ্ড স্পাইচ নামৰ ধাবাখনত দীর্ঘদিনৰ পৰা দেহ ব্যৱসায় চলাই আহিছিল৷ প্রতিঘণ্টাত তিনিশ টকাৰ বিনিময়ত ধাবাখনৰ সৰু সৰু একোটা ক’টেজ দেহ ব্যৱসায়ৰ বাবে ভাৰালৈ দিয়া হৈছিল৷ ধনৰ বিনিময়ত ধাবাখনত একাংশ যুৱক–যুৱতীৰ অনৈতিক কার্যৰ লগতে দেহ ব্যৱসায় চলাইছিল কুখ্যাত গো–মাফিয়াজনে৷ বৰপেটাৰোড আৰক্ষীয়ে এই ধাবাখনত অভিযান চলাই বহু আপত্তিজনক সামগ্রীও জব্দ কৰিছিল৷ এনে বহু অপৰাধজনিত কার্যত জডিত হৈ দীর্ঘদিন ধৰি পলাই থকা মোজাম্মিল হকে অৱশেষত কালি আৰক্ষীৰ হেঁচাত আত্মসমর্পণ কৰিবলৈ বাধ্য হয়৷

RELATED ARTICLES