peepl-small

বাতিল হ’ব জিএমচিৰ ৭১টা নলা–নর্দমা পৰিষ্কাৰৰ ঠিকাৰ কাম

PUBLISHED:

গুৱাহাটী: গুৱাহাটীৰ নলা–নর্দমা পৰিষ্কাৰৰ বাবে আবণ্টন দিয়া ৭১টা ঠিকাৰ কাম বাতিল কৰিব গুৱাহাটী পৌৰ নিগমে (জি এম চি)৷ দুই–এদিনতে এই সন্দর্ভত যাৱতীয় নির্দেশনা প্রকাশ কৰাৰ সম্ভাৱনা আছে৷ নিগমৰ এক উচ্চস্তৰীয় সূত্রই এই কথা সদৰী কৰিছে৷ উল্লেখ্য যে বাৰিষাৰ প্রাক্ক্ষণত গুৱাহাটীৰ নলা–নর্দমা পৰিষ্কাৰৰ বাবে গুৱাহাটী পৌৰ নিগমে ঠিকা আবণ্টন দিছিল৷ মুঠ ৭১টা পেকেজৰ বাবে পৌৰ নিগমে ১৩৭ কোটি টকা আবণ্টন দিছিল৷ তৎসত্ত্বেও গুৱাহাটীৰ নলা–নর্দমাসমূহৰ পৰিষ্কাৰৰ কাম–কাজ যিধৰণে আগবাঢ়িব লাগিছিল, সেয়া হৈ নুঠিল৷ বৰঞ্চ যথেষ্ট লেহেমীয়া গতিৰে কাম আগবঢ়াৰ ফলত এজাক বৰষুণত মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্রিম বানপানীত বুৰ যোৱাৰ উপক্রম ঘটিছিল৷ সেয়েহে শেহতীয়াকৈ পৌৰ নিগমে নলা–নর্দমা পৰিষ্কাৰৰ বাবে আবণ্টন কৰা পেকেজসমূহৰ দায়িত্ব লাভ কৰা ঠিকাদাৰসকলৰ বিৰুদ্ধে জাননী জাৰি কৰিছিল৷ এই জাননীৰ জৰিয়তে ঠিকাদাৰসকলক কামৰ অগ্রগতিৰ খতিয়ান দিবলৈ নির্দেশ দিছিল৷

ইতিমধ্যে ঠিকাদাৰসকলে প্রতিবেদন দাখিলো কৰিছে৷ কিন্তু তেওঁলোকে কৰা কামক লৈ সন্তুষ্ট নহয় জি এম চি৷ সেয়েহে এই কামসমূহ সম্প্রতি বাতিল কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে জি এম চি কর্তৃপক্ষই৷ অৱশ্যে নলা–নর্দমা পৰিষ্কাৰৰ কামসমূহ বাতিল কৰিলেও নলা–নর্দমাসমূহৰ পৰষ্কাৰৰ কাম জি এম চিয়ে অব্যাহত ৰাখিব বুলি সূত্রটোৱে সদৰী কৰিছে৷ তদুপৰি বাৰিষাৰ পূর্বে নলা–নর্দমাৰ পৰিষ্কাৰৰ কাম আৰম্ভ কৰিবলৈও জি এম চিয়ে সিদ্ধান্ত গ্রহণ কৰিছে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে মহানগৰীৰ নলা–নর্দমাসমূহ পৰিষ্কাৰ কৰাৰ বাবে ঠিকা আবণ্টনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ স্বজন–তোষণ আৰু কমিছনৰ অংকত একাংশ ঠিকাদাৰক এই ঠিকাসমূহ আবণ্টন দিয়া বুলি উত্থাপন হৈ আহিছে অভিযোগ৷ ইতিমধ্যে ‘নিয়মীয়া বার্তা’ত কালি জি এম চিৰ ঠিকা আবণ্টন সন্দর্ভত উত্থাপিত অভিযোগসমূহ সবিস্তাৰে প্রকাশ পাইছে৷

RELATED ARTICLES