peepl-small

পুনৰুজ্জীৱিত নহয় নগাঁও কাছাৰ কাগজ কল

PUBLISHED:

গুৱাহাটী: পুনৰুজ্জীৱিত নহয় ৰাজ্যৰ নগাঁও আৰু কাছাৰ কাগজ৷ কোনো লুক–ঢ়াক নৰখাকৈ মঙলবাৰে লোকসভাত এই কথা স্পষ্ট কৰি দিছে কেন্দ্রীয় গধুৰ উদ্যোগ বিভাগৰ ৰাজ্যমন্ত্রী কৃষাণ পাল গুৰজাৰে৷ নেচনেল কোম্পানী ল’ ড্রিবিউনেলৰ (এনচিএলটি) বাবেই হেনো কেন্দ্রীয় চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিব নোৱাৰিলে বুলি গুৰজাৰে অজুহাত দাঙি ধৰে৷

সদনৰ প্রশ্ণোত্তৰ কালত সাংসদ প্রদ্যুৎ বৰদলৈয়ে সোধা এক প্রশ্ণ উত্তৰত বিভাগীয় ৰাজ্যমন্ত্রীজনৰ বক্তব্য– হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ অধীনস্থ অসমৰ নগাঁও আৰু কাছাৰ কাগজ দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে বিবেচনা কৰি আছিল৷ পিছে ২০১৮ চনৰ ১৩ জুনত আহিল সকলো বিপত্তি৷ কাৰণ সেই দিনা এন চি এল টিয়ে ২০১৬ চনৰ ইনছলভেন্সী এণ্ড বেংকৰাপ্ঢচী কোডৰ অধীনত কাগজ কল দুটা নিলাম কৰাৰ নির্দেশ প্রদান কৰে৷ বাস্তৱত হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰে এতিয়া নিলাম প্রক্রিয়া অব্যাহত আছে বুলি বিভাগীয় ৰাজ্যমন্ত্রীজনে সদনক অৱগত কৰে৷ এইক্ষেত্রত এন চি এ টিয়ে নিযুক্তি দিয়া লিকিউডেটৰে আইন অনুসৰি নিলামী প্রক্রিয়া চলাই থকা বুলিও গুৰজাৰে জানিবলৈ দিয়ে৷

মন কৰিবলগীয়া যে সাংসদ প্রদ্যুৎ বৰদলৈয়ে উত্থাপন কৰা প্রশ্ণৰ উত্তৰত মন্ত্রী গুৰজাৰে ২০১৮ চনৰ ১৩ জুনত এন চি এল টিয়ে প্রদান কৰা নিলামৰ নির্দেশৰ কথা সদনক অৱগত কৰিলেও ইয়াৰ পিছত এন চি এল টিৰ ঊর্ধ্বতন কর্তৃপক্ষ হিচাপে নেচনেল কোম্পানী ল’ এপেলেট ড্রিবিউনেলে (এন চি এল এ টি) পৰৱর্তী সময়ত প্রদান কৰা নির্দেশনাৰ কথা গাপ দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ কাৰণ এন চি এল এ টিয়ে কাগজ কল দুটা কার্যক্ষম কৰাৰ পিছতহে বিক্রী কিম্বা নিলাম কৰাৰ নির্দেশ জাৰি কৰিছিল৷

আনকি ২০১৫ আৰু ২০১৭ চনৰ পৰা বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কলৰ সকলো কর্মচাৰীৰ বকেয়া দৰমহা প্রদান কৰাৰো নির্দেশ জাৰি কৰিছিল৷ এই সন্দর্ভত সাংসদ প্রদ্যুৎ বৰদলৈয়ে কেন্দ্রীয় গধুৰ উদ্যোগ মন্ত্রীৰ ওচৰত প্রশ্ণ উত্থাপন কৰিছিল৷ পিছে অতি আশ্চর্যজনকভাৱে বিভাগীয় ৰাজ্যমন্ত্রীজনে কর্মচাৰীসকলৰ বকেয়া দৰমহাৰ বিষয়টো সদনৰ প্রশ্ণোত্তৰ কালত সম্পূর্ণ ৰূপে এৰাই চলাহে পৰিলক্ষিত হয়৷ লিখিতভাৱে প্রদান কৰা উত্তৰত তেওঁ এই সন্দর্ভত এটা বাক্যও ব্যয় নকৰিলে৷

RELATED ARTICLES