peepl-small

মন্ত্রীসভা সম্প্রসাৰণৰ প্রয়োজন বুলি মই ভবা নাই, দলৰ সাংগঠনিক সালসলনিৰ প্রয়োজন আছে: মুখ্যমন্ত্রী

PUBLISHED:

মন্ত্রীসভাৰ সম্প্রসাৰণক লৈ শেহতীয়াকৈ অসমত চলি থকা জল্পনা–কল্পনাত চেঁচাপানী ঢালিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ নতুন দিল্লীৰ আছাম হাউছত সম্বোধন কৰা এখন সংবাদ মেলত মুখ্যমন্ত্রীৰ বক্তব্য– এতিয়াই মন্ত্রীসভাৰ সালসলনি কিম্বা সম্প্রসাৰণৰ কোনো প্রয়োজন আছে বুলি মই নাভাবোঁ৷ এতিয়া অসমত দলৰ সাংগঠনিক সালসলনিৰ প্রয়োজন আছে৷ প্রথমতে ৰাজ্যিক তথা জিলা পর্যায়ত সাংগঠনিক সালসলনি হ’ব৷ তাৰ পিছত উপ–নির্বাচনো আছে৷ উপ–নির্বাচনৰ পিছত লাহে–ধীৰে মন্ত্রীসভাৰ সালসলনিৰ কথা ভাবিবও পাৰো বুলি মুখ্যমন্ত্রীগৰাকীয়ে এই সংবাদ মেলত স্পষ্ট কৰি দিয়ে৷

উল্লেখ্য যে মুখ্যমন্ত্রী হিচাপে শপত গ্রহণৰ তিনি মাহ নৌহওঁতেই একাংশ সংবাদ মাধ্যমত শেহতীয়াকৈ ড০ হিমন্ত বিশ্ব শর্মা মন্ত্রীসভাৰ সম্প্রসাৰণক লৈ জল্পনা–কল্পনা চলি আছিল৷ পিছে এই মুখ্যমন্ত্রীগৰাকীয়ে নিজে ইয়াৰ কোনো সম্ভাৱনা নাই বুলি স্পষ্ট কৰি দিয়াৰ পিছত অন্ত পৰিল সকলো জল্পনা–কল্পনাৰ৷ আনহাতে ৰাষ্ট্রীয় নাগৰিকপঞ্জী সংক্রান্ত সকলো কাম–কাজ ক’ভিড–১৯ অতিমাৰীৰ পৰা পৰিত্রাণ পোৱাৰ পিছতেই আৰম্ভ কৰা হ’ব বুলি ড০ শর্মাই এই সাংবাদিকৰ প্রশ্নৰ উত্তৰত স্পষ্ট কৰি দিয়ে৷ এই সন্দর্ভত ৰাজ্য চৰকাৰৰ পৰা উচ্চতম ন্যায়ালয়কো অৱগত কৰা হৈছে৷ নাগৰিকপঞ্জীৰ পুনৰীক্ষণেই হওক কিম্বা ‘ৰিজেকচন শ্লিপ’ জাৰি কৰা প্রক্রিয়া ক’ভিড–১৯ অতিমাৰীৰ পৰা পৰিত্রাণ লাভ কৰাৰ পিছতেই পুনৰ আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে এই সংবাদ মেলত জনাই দিয়ে৷

ইপিনে, মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণৰ পিছত যোৱা প্রায় তিনি মাহত অসমত ১৮৩ কোটি টকাৰ ড্রাগ্ছ জব্দ কৰা হৈছে বুলি মুখ্যমন্ত্রীগৰাকীয়ে এই সংবাদ মেলত সদৰী কৰে৷ ড্রাগ্ছ আসক্ত লোকসকলৰ পুনর্বাসনৰ বাবে অনাগত দহ দিনৰ ভিতৰত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি তেওঁ লগতে জানিবলৈ দি কয় যে ইতিমধ্যে ৰাজ্য চৰকাৰে ‘ড্রাগ্ছ পুনর্বাসন পলিচী’ৰ খচৰা এখনো প্রস্তুত কৰিছে৷ ড্রাগ্ছৰ নেটৱর্ক যে কেৱল অসম কিম্বা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহত আছে সেয়া নহয়, মুখ্যমন্ত্রীগৰাকীৰ মতে, সমগ্র দেশত বিয়পি পৰিছে ড্রাগ্ছৰ নেটৱর্ক৷ দুই–তিনি দিন পূর্বে দিল্লীত জব্দ হোৱা ২০ কোটি টকাৰ ড্রাগ্ছ অসমৰ পৰা অহা বুলিও মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে৷ ড্রাগ্ছৰ নেটৱর্ক আন্তঃৰাজ্যিক চক্রৰ হাতত থকা বুলি তেওঁ আশংকা ব্যক্ত কৰে৷

RELATED ARTICLES