peepl-small

আগষ্টৰ পৰা অ’লা–উবেৰ বর্জন কৰিব কেবচালক সন্থাইঃ পে–ইণ্ডিয়াৰ অন্তর্ভুক্ত হ’ব গুৱাহাটীৰ সহস্রাধিক চালক

PUBLISHED:

গুৱাহাটীঃ   বহুজাতিক কোম্পানী অ’লা–উবেৰ কর্তৃপক্ষই বছৰৰ পাছত বছৰ ধৰি কেবচালকসকলক লুণ্ঠন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ গুৱাহাটী কেবচালক সন্থাই৷ অ’লা–উবেৰ কর্তৃপক্ষই চলাই অহা শোষণ সন্দর্ভত কেবচালক সন্থাই বহুবাৰ অ’লা–উবেৰ কর্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈছিল৷ কিন্তু কেবচালক সন্থাৰ দাবীসমূহ পূৰণৰ ক্ষেত্রত অ’লা–উবেৰ কর্তৃপক্ষই কোনো গুৰুত্ব প্রদান নকৰিলে৷ ইয়াৰ পাছতে কেবচালক সন্থাই অ’লা–উবেৰ কর্তৃপক্ষৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্রতিবাদ সাব্যস্ত কৰি আহিছে৷ চালকসকলৰ প্রতিবাদৰ পাছতো অ’লা–উবেৰ কর্তৃপক্ষই তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰাত সদৌ গুৱাহাটী কেবচালক সন্থাই অহা ১ আগষ্টৰ পৰা অ’লা–উবেৰ বর্জনৰ সিদ্ধান্ত গ্রহণ কৰে৷

লক্ষণীয় যে গুৱাহাটী মহানগৰীত অ’লা আৰু উবেৰত প্রায় ১৫ হাজাৰ শিক্ষিত নিবনুৱাই কেব চলাই পৰিয়াল পোহপাল দি আহিছিল৷ কিন্তু অ’লা–উবেৰ কর্তৃপক্ষৰ মইমতালিৰ বাবে বর্তমান ৫ হাজাৰ চালকেহে অ’লা–উবেৰত কেব চলাই আছে৷ বিগত ৩ বছৰ ধৰি বহুজাতিক কোম্পানী অ’লা–উবেৰে কেবচালকসকলক চলাই অহা শোষণৰ বাবে অহা ১ আগষ্টৰ পৰা অ’লা–উবেৰ বর্জনৰ দৰে চৰম সিদ্ধান্ত গ্রহণ কৰে বুলি সদৌ গুৱাহাটী কেবচালক সন্থাৰ সভাপতিয়ে জানিবলৈ দিছে৷ সন্থাৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়া মতে ১ আগষ্টৰ পৰা অ’লা–উবেৰ বর্জন কৰি গুৱাহাটীৰ কেবচালকসকলে পে–ইণ্ডিয়া(Peindia) নামৰ কোম্পানীটোৰ সৈতে চুক্তিবদ্ধ হ’ব৷

গুৱাহাটীৰ যুৱ ব্যৱসায়ী ৰবি চৌধুৰী মালিকাধীন পে–ইণ্ডিয়া নামৰ কোম্পানীটোৰ অধীনত কেব চলাবলৈ সিদ্ধান্ত গ্রহণ কৰিছে সদৌ গুৱাহাটী কেবচালক সন্থাই৷ পে–ইণ্ডিয়াৰ সঞ্চালক ৰবি চৌধুৰীয়ে জানিবলৈ দিয়া মতে পে–ইণ্ডিয়া কেব নামৰ এপটোৰ জৰিয়তে গ্রাহকসকলে অ’লা–উবেৰৰ দৰেই কেব বুকিং কৰিব পাৰিব৷ ইতিমধ্যে পৰিবহণ বিভাগৰ পৰাও যাৱতীয় অনুজ্ঞাপত্র পে–ইণ্ডিয়াই লাভ কৰিছে৷

পৰীক্ষামূলকভাৱে পে–ইণ্ডিয়াই গুৱাহাটীত কেব চলাই আছে৷ এতিয়ালৈকে প্রায় ২ হাজাৰ কেবচালকে পে–ইণ্ডিয়াত পঞ্জীয়ন কৰিছে৷ অহা ১০–১৫ দিনৰ ভিতৰত গুৱাহাটীত পে–ইণ্ডিয়া কেব আনুষ্ঠানিকভাৱে গ্রাহকৰ বাবে মুকলি কৰিব৷ পে–ইণ্ডিয়াত পঞ্জীয়নভুক্ত কেবচালকসকলে ৫০০ টকাৰ ওপৰত ভাৰা মাৰিলে প্রতিদিনে জিএছটিসহ ১১৮ টকা আদায় দিব লাগিব৷ ৫০০ টকাৰ তলত ভাৰা মাৰিলে চালকসকলে কোম্পানীক কোনো ধৰণৰ মাচুল আদায় দিব নালাগে৷ উদ্যমী অসমীয়া যুৱকৰ পে–ইণ্ডিয়াই বহুজাতিক কোম্পানী অ’লা–উবেৰক প্রত্যাহ্বান জনাব পাৰিব নে নোৱাৰে সেয়া সময়তহে লক্ষণীয় হ’ব৷

RELATED ARTICLES