peepl-small

গৃহ মন্ত্রালয়ৰ অধিসূচনাৰে কোনো সম্পর্ক নাই ‘কা’ৰ

PUBLISHED:

গুৱাহাটী:  পাকিস্তান–বাংলাদেশ সংখ্যালঘু শৰণার্থীসকলক লৈ শেহতীয়াভাৱে জাৰি কৰা অধিসূচনাৰে নাগৰিকত্ব সংশোধনী আইন (কা)ৰ কোনো সম্পর্ক নাই বুলি স্পষ্ট কৰি দিছে কেন্দ্রীয় চৰকাৰে৷ ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে দাখিল কৰা এখন হস্তক্ষেপকাৰী আবেদনৰ বিপৰীতে কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত স্পষ্টভাৱে কোৱা হৈছে যে যোৱা ২৮ মে’ত গৃহ মন্ত্রালয়ে জাৰি কৰা অধিসূচনাৰ সৈতে ‘কা’ৰ কোনোধৰণৰ সম্পর্ক নাই৷

উল্লেখ্য যে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অধিসূচনাখনৰ জৰিয়তে গুজৰাটৰ ম’র্বি, ৰাজকোট, পাটান, বদোদৰা, ছত্তিশগড়ৰ দুর্গ, বলোদাবাজাৰ, ৰাজস্থানৰ জাল’ৰ, উদয়পুৰ, পালি, বাৰমেৰ, ছিৰ’হী হাৰিয়ানাৰ ফৰিদাবাদ আৰু পঞ্জাবৰ জলন্ধৰ জিলাৰ উপায়ুক্তসকলক চুবুৰীয়া তিনি ৰাষ্ট্র ক্রমে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ হিন্দু, খ্রীষ্টান, জৈন, বৌদ্ধ, পার্চী সম্প্রদায়ৰ লোকসকলক ভাৰতীয় নাগৰিকত্ব প্রদানৰ কর্তৃত্ব প্রদান কৰা হৈছিল৷ এই অধিসূচনাখন জাৰি হোৱাৰ পাছতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে উচ্চতম ন্যায়ালয়ত এখন হস্তক্ষেপকাৰী আবেদন দাখিল কৰে৷

কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দিয়া শপতনামাত স্পষ্টভাৱে কোৱা হৈছে যে অধিসূচনাখনৰ জৰিয়তে বিদেশী নাগৰিকক কোনো ধৰণৰ সকাহ দিয়া হোৱা নাই৷ কেৱল দেশত বৈধভাৱে প্রৱেশ কৰা বিদেশীসকলকহে নাগৰিকত্ব আইনৰ ১৬নং ধাৰাৰ অধীনত পঞ্জীয়নৰ জৰিয়তে নাগৰিকত্ব প্রদানৰ বাবে জিলা উপায়ুক্তসকলক কর্তৃত্ব প্রদান কৰা হৈছে৷

RELATED ARTICLES