peepl-small

শিক্ষাৰ নামত ব্যক্তিগত খণ্ডৰ ব্যৱসায়ঃ মেট্রিকৰ পূর্বেই একাদশ শ্রেণীত নামভর্তি অভিজাত বিদ্যালয়ত

PUBLISHED:

গুৱাহাটী: ক’ৰোনা মহামাৰীৰ পৰিপ্রেক্ষিতত সমগ্র দেশৰ শিক্ষা ব্যৱস্থাত একপ্রকাৰ অচলাৱস্থা বিৰাজ কৰিছে৷ অতি গুৰুত্বপূর্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দর্ভতো এতিয়ালৈ কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই ৰাজ্য চৰকাৰ৷ 

শুকুৰবাৰে ছেবা কর্তৃপক্ষই সদৰী কৰা মতে, অহা ৫ জুনৰ পিছত ৰাজ্যৰ আন্তঃজিলা যাতায়াত মুকলি হ’লেহে পৰীক্ষাৰ সময় নির্ধাৰণ কৰা হ’ব৷ তদুপৰি ক’ৰোনাসৃষ্ট পৰিস্থিতিত পৰীক্ষাৰ মডেলিটী কি হ’ব, তাক লৈও অনিশ্চয়তা আঁতৰা নাই৷ শিক্ষার্থী, অভিভাৱক সমাজৰ উদ্বিগ্নতাৰ সুযোগ লৈ শিক্ষাৰ ব্যৱসায়ত নামি পৰিছে ৰাজ্যৰ একাংশ অভিজাত বিদ্যালয়৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা বা দশম শ্রেণীৰ পৰীক্ষা অনুষ্ঠিত নৌহওঁতেই একাদশ শ্রেণীৰ নামভর্তি আৰম্ভ কৰিছে বহুকেইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে৷

যিহেতু উচ্চতৰ মাধ্যমিক বা একাদশ শ্রেণীৰ নামভর্তিৰ সময়ত সদায়ে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়, গতিকে অভিভাৱকসকলেও সন্তানৰ আগতীয়া নামভর্তি কৰাবলৈ উঠি–পৰি লাগিছে৷ এই বিষয়টো শিক্ষা বিভাগৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ৷ শিক্ষা বিভাগৰ প্রধান সচিবে তৎকালীনভাৱে বলৱৎ হোৱাকৈ নামভর্তি বন্ধ কৰিবলৈ নির্দেশনা জাৰি কৰিছে৷ এই সন্দর্ভত শুকুৰবাৰে বিভাগটোৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তীয়ে মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ প্রেৰণ কৰা এএছই ১৬৬/২০২১/পিটি/৪ নং পত্রখনত উল্লেখ কৰে যে ক’ভিড–১৯ মহামাৰীৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদে এতিয়ালৈকে দশম শ্রেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱা নাই৷ গতিকে ছেবা আৰু অন্যান্য ব’ডৰ দশম শ্রেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা নোহোৱা পর্যন্ত সকলো মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ শ্রেণীৰ নামভর্তি প্রক্রিয়া বন্ধ কৰিব লাগে৷

প্রধান সচিবৰ এই নির্দেশনাৰ পিছতে মাধ্যমিক শিক্ষা বিভাগেও যথোচিত ব্যৱস্থা গ্রহণ কৰিছে৷ ইয়াৰ পিছতেই ইতিমধ্যে নিজৰ সন্তানৰ একাদশ শ্রেণীত নামভর্তি কৰোৱা অভিভাৱকসকল দুশ্চিন্তাত পৰিছে৷ ফলাফল ঘোষণা হোৱাৰ পূর্বে নামভর্তি সম্পন্ন হোৱা বিদ্যালয়সমূহত আসন সুৰক্ষিত হৈ থাকিব নে নাই, সেয়া এতিয়া অনিশ্চয়তাৰ মাজত সোমাই পৰিছে৷

RELATED ARTICLES