peepl-small

ৰে’লৱে কোৱার্টাৰত দুই বন্ধুৰে মিলি খুলশালিয়েকে হত্যা কৰিছিল সন্তোষক

PUBLISHED:

গুৱাহাটীঃ সান্ধ্য আইনৰ মাজতে ট্রাংকত ভৰাই কালি নিশা ব্রহ্মপুত্রত মৃতদেহ পেলাবলৈ নিয়া চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য অৱশেষত ফাদিল হ’ল৷ নতুন শৰাইঘাট দলঙৰ পৰা মৃতদেহ পেলাবলৈ লোৱাৰ সময়তে আৰক্ষীয়ে আটক কৰা মোহন গিৰিৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে এই হত্যাকাণ্ডৰ ন ন তথ্য৷ ধৃত মোহন গিৰিৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি মহানগৰ আৰক্ষীয়ে অভিযান চলাই এই হত্যাকাণ্ডৰ লগত জড়িত দুজন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত হৈছিল এই লোমহর্ষক হত্যাকাণ্ড৷

এন এফ ৰে’লৱেৰ কর্মচাৰী সন্তোষ প্রসাদক পূব গোটানগৰস্থিত  অভিশপ্ত কোৱার্টাৰ নং ৫৫ (বি)ত চাৰিজন লোকে সুপৰিকল্পিতভাৱে হত্যা কৰিছিল৷ সন্তোষ প্রসাদক তেওঁৰ পত্নী গীতা গিৰি প্রসাদৰ জ্ঞাতসাৰে ২৫ মে’ৰ নিশা প্রায় ১ বজাত সম্বন্ধীয় খুলশালি মোহন গিৰি, সুৰজ গিৰিৰ সহযোগত দুই বন্ধুৱে লোহাৰ ৰড, চোকা অস্ত্রৰে হানি–খুঁচি হত্যা কৰিছিল৷ এন এফ ৰে’লৱেৰ কর্মচাৰী সন্তোষ প্রসাদে ৯ বছৰ পূর্বে আমিনগাঁৱৰ গীতা গিৰিৰে বিবাহপাশত আবদ্ধ হৈছিল৷ এটি ৭ বছৰীয়া সন্তান আৰু এটি ৭ মহীয়া সন্তানৰ পিতৃ সন্তোষ প্রসাদে সুখেৰে পত্নীসহ অভিশপ্ত কোৱার্টাৰ নং ৫৫ (বি)ত বসবাস কৰি আছিল৷ কিন্তু প্রায় তিনি বছৰ পূর্বৰে পৰা দুয়োৰে মাজত পাৰিবাৰিক সংঘাত সৃষ্টি হৈছিল৷ বিগত তিনি বছৰ ধৰি পাৰিবাৰিক সংঘাতৰ পৰিণতিতেই পত্নীৰ জ্ঞাতসাৰে সম্বন্ধীয় ভাতৃ মোহন গিৰি আৰু সুৰজ গিৰিয়ে দুই বন্ধুৰ সহযোগত যোৱা ২৫ মে’ৰ নিশা এই লোমহর্ষক হত্যাকাণ্ড সংঘটিত কৰিলে৷

নিশা প্রায় ১ বজাত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত সন্তোষ প্রসাদৰ পত্নী গীতা গিৰি প্রসাদ দুই সন্তানৰ সৈতে কাষৰ কোঠাতে শুই আছিল৷ গীতাৰ সম্বন্ধীয় দুই ভাতৃয়ে দুই বন্ধুৰে সৈতে নিশা প্রায় ১২.৩০ বজালৈকে সন্তোষৰ সৈতে সুৰাৰ পার্টী কৰিছিল৷ অতি পৰিকল্পিতভাৱে এই পার্টীৰ আয়োজন কৰি সন্তোষক লোহাৰ ৰড আৰু চোকা অস্ত্রৰে নিশা প্রায় ১ বজাত হানি–খুঁচি হত্যা কৰে৷ এই হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতে সন্তোষৰ ঘৰত থকা এটা ডাঙৰ ট্রাংকত সন্তোষৰ মৃতদেহ ভৰাই থয়৷ ২৬ মে’ৰ পুৱা মোহন গিৰিয়ে মালিগাঁৱৰ এখন দোকানৰ পৰা ৰঙৰ টেমা ক্রয় কৰে৷ মোহনে ৰঙৰ টেমাটো অনাৰ পাছতে অভিশপ্ত ৫৫ (বি) কোৱার্টাৰত হত্যাকাণ্ড হোৱা কোঠাটোৰ দেৱালত লাগি থকা তেজৰ চেকুৰা মচি ৰং কৰি দিয়ে৷

অতি পৰিকল্পিতভাৱে এই হত্যাকাণ্ড সংঘটিত কৰি চাৰি হত্যাকাৰীয়ে ট্রাংকত ভৰাই থোৱা সন্তোষৰ মৃতদেহটো ব্রহ্মপুত্রত পেলাই হত্যাকাণ্ডৰ তথ্য–প্রমাণ নোহোৱা কৰাৰ পৰিকল্পনা কৰে৷ হত্যাকাৰীৰ পৰিকল্পনা অনুসৰিয়ে সান্ধ্য আইনৰ মাজতো কালি নিশা প্রায় ৮ বজাত দুখন স্কুটীৰে মৃতদেহ ভৰাই থোৱা ট্রাংকটো লৈ নতুন শৰাইঘাট দলঙত উপস্থিত হয়৷ ট্রাংকটো ব্রহ্মপুত্রত পেলাই দিয়াৰ চেষ্টা চলোৱাৰ সময়তে টহলদাৰী আৰক্ষী নতুন শৰাইঘাট দলঙত উপস্থিত হোৱাত দুই সহযোগীয়ে স্কুটী লৈ পলায়ন কৰে৷ অৱশ্যে আৰক্ষীয়ে স্কুটীসহ মোহন গিৰিক আটক কৰিবলৈ সক্ষম হয়৷

বুধবাৰে নিশা আৰক্ষীয়ে চলোৱা প্রাথমিক তদন্তৰ অন্তত এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি নিশ্চিত হয়৷ ধৃত মোহন গিৰিৰ স্বীকাৰোক্তিৰ ভিত্তিত বৃহস্পতিবাৰে জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই সন্তোষৰ পত্নী গীতা গিৰি প্রসাদ, সুৰজ গিৰিক গ্রেপ্তাৰ কৰে৷ মহানগৰ আৰক্ষীয়ে উচ্চপদস্থ বিষয়াৰ লগতে ফৰেনছিকৰ দল অভিশপ্ত কোৱার্টাৰ ৫৫ (বি)ত উপস্থিত হৈ ৰঙৰ টেমাৰ লগতে অন্যান্য সা–সামগ্রী জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে৷ ইফালে, জালুকবাৰী আৰক্ষীয়ে পলাতক দুই অভিযুক্ত হত্যাকাৰীক বিচাৰি অভিযান অব্যাহত ৰাখিছে৷ ক’ৰোনাসৃষ্ট এই জটিল পৰিস্থিতি আৰু সান্ধ্য আইনৰ মাজতে মালিগাঁৱৰ ৰে’লৱে কোৱার্টাৰত পত্নীৰ জ্ঞাতসাৰে চাৰি হত্যাকাৰীয়ে সন্তোষ প্রসাদক পৰিকল্পিতভাৱে হত্যা কৰা ঘটনাক লৈ এতিয়াও তীব্র চাঞ্চল্যই বিৰাজ কৰিছে৷

RELATED ARTICLES