peepl-small

ভাৰতৰ শ্রেষ্ঠ দহখন চিনেমাত স্থান লাভ ব্রিজৰ

PUBLISHED:

গুৱাহাটী: চলচ্চিত্র সমালোচকৰ আন্তঃৰাষ্ট্রীয় সংস্থা এফ আই পি আৰ ই এছ চি আইৰ ভাৰতৰ শাখাই প্রকাশ কৰা তালিকাত ২০২০ চনৰ নির্বাচিত শ্রেষ্ঠ ১০খন ভাৰতীয় চিনেমাৰ তালিকাত স্থান লাভ কৰিছে অসমীয়া চলচ্চিত্র ‘ব্রিজ’–এ৷

প্রসংগক্রমে উল্লেখ্য যে এফ আই পি আৰ ই এছ চি আই নামৰ সংস্থাটোৰ বিশ্ব চিনেমা জগতখনত আছে সন্মানজনক স্থান৷  সংস্থাটোৱে প্রতিবছৰে নির্মাণ হোৱা চিনেমাসমূহৰ পৰা ১০খন শ্রেষ্ঠ ছবিৰ তালিকা প্রকাশ কৰে৷ সেই ১০খনৰ মাজৰ পৰাই আকৌ পর্যায়ক্রমে সর্বশ্রেষ্ঠ ৩খন চিনেমা নির্বাচন কৰে৷ এই তালিকাত ‘ব্রিজ’ৰ অন্তর্ভুক্তিয়ে অসমৰ চলচ্চিত্র অনুৰাগীসকলৰ মাজত আনন্দৰ লহৰ তুলিছে৷ কৃপাল কলিতাৰ চিত্রনাট্য আৰু পৰিচালনাৰে নির্মিত ব্রিজে শেহতীয়াকৈ ১৯সংখ্যক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ লছ এঞ্জেলছলৈ আমন্ত্রণ লাভ কৰিছে৷

২০–২৭ মে’ত অনুষ্ঠিত হ’বলগীয়া মহোৎসৱত ব্রিজৰ লছ এঞ্জেলছত প্রিমিয়াৰ হ’ব৷ ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্রযোজিত ব্রিজে ইতিমধ্যে ২৫টাতকৈ অধিক আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত স্থান লাভ কৰিছে৷ চিনেমাখনে গ’ল্ডেন জুৰী আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ ছবি, ১৬সংখ্যক ত্রিশূৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ ছবিৰ সন্মান আৰু ৫১সংখ্যক ভাৰতীয় চলচ্চিত্র মহোৎসৱত ভাৰতৰ হৈ সন্মান লাভ কৰি কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে৷ ৰমেন ৰাভাই চিত্রগ্রহণ কৰা ব্রিজৰ সম্পাদনা কিশোৰ ডেকাৰ৷

ব্রিজৰ ছিংক ছাউণ্ড মাধৱ দাস আৰু গুণজিৎ শর্মাৰ৷ ছাউণ্ড ডিজাইন আৰু মিক্সিং অমৃত প্রীতমৰ৷ ডি আই ৰাজেশ যাদৱ৷ কলা নির্দেশনা দ্বিপেন চুতীয়াৰ৷ ব্রিজৰ মূল চৰিত্রটোত অভিনয় কৰিছে শিৱাৰাণী কলিতাই৷ আনহাতে, অনিন্দিতা দাস, গোপমণি গগৈ, অনিন্দিতা দাস, পার্থপ্রতিম বৰা, স্বপ্ণীল নাথ, ভূপেন শর্মা, ৰোহিণী কুমাৰ ডেকা, ধনজিৎ শর্মা, শচীন্দ্র ভূঞা আদি শিল্পীয়ে কেইটামান গুৰুত্বপূর্ণ ভূমিকাত অভিনয় কৰিছে৷

RELATED ARTICLES