peepl-small

চৰকাৰৰ নির্দেশনা উলংঘন বজাৰ–পথত মাস্ক নিপিন্ধা লোকৰ ভিৰ

PUBLISHED:

গুৱাহাটী: ৰাজ্যত দ্রুত হাৰত বৃদ্ধি হৈছে ক’ভিডৰ সংক্রমণ৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে (এন এইচ এম) প্রকাশ কৰা তথ্যত এই উদ্বেগজনক খবৰ পোহৰলৈ আহিছে৷ এন এইচ এমে প্রকাশ কৰা মতে, কালিৰ দিনটোত ৰাজ্যত নতুনকৈ ৮৭৬জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াকে ধৰি কালিলৈকে ৰাজ্যত মুঠ ৪,৭৯৪জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আনহাতে, কালিৰ দিনটোত ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা দুজন লোকৰ মৃত্যু হৈছে৷

অসমত বিপজ্জনকভাৱে ক’ৰোনাৰ দ্বিতীয় ঢ়ৌ আৰম্ভ হোৱাৰ পাছতো ৰাজ্যবাসী ইয়াক লৈ মুঠেও সচেতন হোৱা নাই৷ ক’ভিডে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতো ৰাজ্যৰ প্রান্তে প্রান্তে ৰঙালীৰ ৰঙত মতলীয়া হৈ আছে বহু লোক৷ বিহু উদ্যাপনথলী, বাছ আস্থান, ৰে’ল ষ্টেচন, বজাৰ–সমাৰ আদিত মানুহে বর্তমানো মানি চলা নাই ক’ৰোনা প্রশমনৰ উদ্দেশ্য চৰকাৰে জাৰি কৰা স্বাস্থ্য বিধি৷

উল্লিখিত স্থানসমূহত মানুহে মাস্ক পৰিধান নকৰাকৈ আৰু সামাজিক দূৰত্ব মানি নচলাকৈ মুকলিমূৰীয়াকৈ ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ ভিন্ন প্রান্তত নিশা ১১ বজাৰ পাছতো ঠেলা–হেঁচাকৈ বিহুৰ অনুষ্ঠান উপভোগ কৰিছে হাজাৰ হাজাৰ মানুহে৷ ক’ভিডৰ সংক্রমণ বৃদ্ধি হোৱাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যিক দুর্যোগ প্রশমন প্রাধিকাৰীয়ে কালি পুনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এছ অ’ পি মানি চলাটো বাধ্যতামূলক কৰিবলৈ এক নির্দেশনা জাৰি কৰে৷

বিশেষকৈ বিহু উদ্যাপন সমিতিসমূহে এছ অ’ পি মানি চলাটো বাধ্যতামূলক কৰিবলৈ ৰাজ্যিক দুর্যোগ প্রশমন প্রাধিকাৰীৰ মুখ্য কার্যবাহী বিষয়া জ্ঞানেন্দ্র ত্রিপাঠীয়ে জিলা উপায়ুক্তসকলক তাৎক্ষণিকভাৱে ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ ৰাজহুৱা স্থান, বিহুতলী আদিত এছ অ’ পি উলংঘা কৰি মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্ব মানি নচলা লোকক ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা আৰু দুর্যোগ প্রশমন আইনৰ অধীনত গোচৰ ৰুজু কৰিবলৈ জ্ঞানেন্দ্র ত্রিপাঠীয়ে নির্দেশ দিয়ে৷ আনহাতে, মাস্ক পৰিধান নকৰা লোকসকলক উক্ত ধাৰা আৰু আইনৰ অধীনত ১,০০০ টকাকৈ জৰিমনা বিহিবলৈও নির্দেশ দিয়ে৷

স্বাস্থ্য বিভাগৰ এছ অ’ পি বা স্বাস্থ্য বিধি মানি চলিবলৈ কঠোৰ নির্দেশ দিয়াৰ পাছতো ৰাজ্যবাসীয়ে নিৰুদ্বেগ হৈ এছ অ’ পি উলংঘা কৰা পৰিলক্ষিত হৈছে৷ ক’ভিডে অসমত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছতো ৰাজ্যবাসীয়ে বিহুতলীত ভিৰ কৰা পৰিলক্ষিত হৈছে৷ ইফালে মহানগৰীৰ কামাখ্যা ৰে’ল ষ্টেচনত উন্মোচিত হয় ক’ভিড কালৰ ভয়াৱহ ছবি৷

কামাখ্যা ষ্টেচনত বহিঃৰাজ্যৰ পৰা ৰে’লযোগে অহা যাত্রসকলক স্বাস্থ্যকর্মীয়ে ক’ভিড পৰীক্ষা কৰে যদিও বহুসংখ্যক যাত্রীয়ে পৰীক্ষা নকৰাকৈ ষ্টেচনৰ পৰা পলায়ন কৰে৷ এনে পৰিস্থিতিত এই যাত্রীসকলৰ মাজত ক’ভিড অক্রান্ত যাত্রী থাকিব পাৰে আৰু আক্রান্তসকলৰ পৰা আন ব্যক্তি আক্রান্ত হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷ ইয়াৰ পাছতো ৰে’ল কর্তৃপক্ষ বা প্রশাসনে ৰে’ল ষ্টেচনত ক’ভিডৰ পৰীক্ষা বাধ্যতামূলক কৰাৰ বাবে প্রয়োজনীয় ব্যৱস্থা কৰা নাই৷ এনে প্রেক্ষাপটত চৰকাৰে ক’ভিড প্রশমনৰ বাবে এছ অ’ পি মানি চলিবলৈ নির্দেশনা জাৰি কৰিয়ে দায়িত্ব সামৰিছে বুলি অভিযোগ উত্থাপন হৈছে৷

চৰকাৰৰ এছ অ’ পি মানি চলিবলৈ ৰাজ্যবাসীক আহ্বান ডিজিপিৰ ৰাজ্যত দ্রুত হাৰত ক’ভিডৰ সংক্রমণ বৃদ্ধি হোৱাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা এছ অ’ পি মানি চলিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷ আজি অসম আৰক্ষীৰ গুৱাহাটীৰ উলুবাৰীস্থিত মুখ্য কার্যালয়ত সংবাদ মেলৰ আয়োজন কৰি ৰাজ্যবাসীক এই আহ্বান জনায় ভাস্কৰজ্যোতি মহন্তই৷ এইক্ষেত্রত বিহু উদ্যাপন সমিতিসমূহক নিশা ১১ বজাৰ ভিতৰত বিহুৰ অনুষ্ঠান সামৰিবলৈ শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে আহ্বান জনায়৷ সংবাদ মেলত মহন্তই কয়– বিহু পালনৰ নামত চৰকাৰে জাৰি কৰা এছ অ’ পি মানি নচলিলে আমাৰ ডাঙৰ বিপদ হ’ব পাৰে৷ গতিকে বিহু উদ্যাপন কমিটীসমূহলৈ আমাৰ আহ্বান নিশা ১১ বজাৰ ভিতৰত বিহুৰ অনুষ্ঠান বন্ধ কৰিব৷ শিল্পী, কলা–কুশলী আৰু দর্শক ৰাইজে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলক৷ অন্যথা আৰক্ষী কঠোৰ হ’বলৈ বাধ্য হ’ব৷

আনহাতে, এছ অ’ পি মানি চলাটো বাধ্যতামূলক কৰিবলৈ জিলাই জিলাই টাস্ক ফ’চ গঠন কৰা হ’ব বুলিও ভাস্কৰজ্যোতি মহন্তই কয়৷

RELATED ARTICLES