peepl-small

৬ সমষ্টিৰ উপ–নির্বাচনত বিজেপিয়েই হ’ব জয়ী: ভৱেশ কলিতা

PUBLISHED:

সকলো বিৰোধী ঐক্যবদ্ধ হ’লেও আসন্ন উপ–নির্বাচনত ৬টা সমষ্টিতে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে জয়লাভ কৰিব৷ –এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷

সভাপতি কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে ইউ পি পি এল, অগপ আৰু বিজেপিৰ মাজত এতিয়াও মিত্রতা আছে৷ মিত্রতাৰ ধর্ম পালন কৰি তিনিওটা দলে ঐক্যবদ্ধভাৱে আসন্ন উপ–নির্বাচনত অৱতীর্ণ হ’ব৷ দেশৰ নির্বাচনত আয়োগে উপ–নির্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই তেওঁলোক ক’ভিড প্রট’কল অনুসৰি নির্বাচনী যুঁজত অৱতীর্ণ হ’ব আৰু উপ–নির্বাচন হ’বলগীয়া ৬টা সমষ্টিতে জয়ী হ’ব৷

সেই জয় ১০০ শতাংশ নিশ্চিত৷ বিৰোধী যিমানেই ঐক্যবদ্ধ নহওক কিয়, বিজেপিৰ জয় হ’বই৷ সেইদৰে ৰাইজৰ দল কংগ্রেছৰ কাষ চপাৰ প্রসংগত সভাপতি কলিতাই কয় যে যোৱা বিধানসভা নির্বাচনতো ৰাইজৰ দল কংগ্রেছৰ লগ লাগিছিল৷ সেই সময়ত তেওঁলোকে ৰিজ’টলৈ গৈ কোনে কি মন্ত্রীৰ দায়িত্ব ল’ব, সেই কথাও পাতিছিল৷

ইপিনে, এ আই ইউ ডি এফ দলৰ ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰৰ বিজেপিত যোগদানৰ প্রসংগত সভাপতি কলিতাই কয় যে বর্তমান বিধানসভাৰ অধিৱেশন চলি আছে৷ বিধানসভাৰ অধিৱেশন শেষ হোৱাৰ পাছতেই চলিত মাহৰ শেষ ভাগত বিধায়ক তালুকদাৰে বিজেপিত যোগদান কৰিব৷ সেইদৰে ওদালগুৰি সমষ্টিৰ বিধায়ক গোবিন্দ বসুমতাৰীৰ প্রসংগত কয় যে বসুমতাৰী বর্তমান বিটিচিৰ উপ–মুখ্য কার্যবাহী সদস্য আৰু বিধায়ক হৈ আছে৷ তেওঁ বিটিচিৰ উপ–মুখ্য কার্যবাহী হৈ থাকে নে বিধায়ক হৈ থাকে, সেয়া সম্পূর্ণৰূপে তেওঁৰ ওপৰত নির্ভৰ কৰিব৷

মন কৰিবলগীয়া এয়ে যে বিধায়ক ফণী তালুকদাৰে বিজেপিত যোগদান কৰাৰ লগতে গোবিন্দ বসুমতাৰীয়ে বিটিচিৰ উপ–মুখ্য কার্যবাহী হৈ থাকিব বিচাৰি যদিহে বিধায়ক পদ ত্যাগ কৰে, তেতিয়াহ’লে ৰাজ্যখনত উপ–নির্বাচন হ’বলগীয়া সমষ্টিৰ সংখ্যা ৭টালৈ বৃদ্ধি পাব৷

RELATED ARTICLES