peepl-small

দ্বিতীয় পর্যায়ত মিত্রজোঁটে জয়লাভ কৰিব ২৫–২৭খন আসনত

PUBLISHED:

গুৱাহাটী: বৃহস্পতিবাৰে ভোটগ্রহণ অনুষ্ঠিত হোৱা দ্বিতীয় পর্যায়ৰ নির্বাচনত শাসক–বিৰোধী উভয় পক্ষই সর্বাধিক আসন লাভ কৰাৰ দাবী কৰিছে৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁট আৰু কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ অংক অনুসৰি দ্বিতীয় পর্যায়ত প্রত্যেকেই অধিকসংখ্যক আসন লাভ কৰিব৷

‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে ভোটগ্রহণ হোৱা ৩৯টা সমষ্টিৰ ভিতৰত ২৫ৰ পৰা ২৭টা সমষ্টিত বিজেপি মিত্রজোঁটে জয়লাভ কৰিব৷ ওদালগুৰি জিলাৰ চাৰিওটা সমষ্টিতে মিত্রজোঁটৰ প্রার্থীয়ে বিজয় সাব্যস্ত কৰিব৷ সেইদৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে দ্বিতীয় পর্যায়ৰ নির্বাচনত বিজেপি মিত্রজোঁটে ৩১খন আসনত জয়লাভ কৰিব বুলি দাবী কৰে৷

ইপিনে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ মতে, দ্বিতীয় পর্যায়ৰ নির্বাচনত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে ২৮খন আসনত জয়লাভ কৰিব৷ বৰাৰ মতে, দ্বিতীয় পর্যায়ৰ নির্বাচনত মহাজোঁটৰ ফলাফল অতি ভাল হ’ব৷ তেওঁ ইতিমধ্যে মহাজোঁটৰ প্রার্থীসকলৰ লগত দুপৰীয়া পর্যন্ত কথা–বতৰা পাতি নিশ্চিত হৈছে তেওঁলোকৰ পক্ষত ৰাইজে ভোটদান কৰিছে৷ চি পি আয়ে এখন, চি পি আই (এম)–এ এখনকে ধৰি এ আই ইউ ডি এফ আৰু কংগ্রেছে ২৮খন আসনত জয়লাভ কৰিব৷ দুই–এখন আসন আৰু বাঢ়িবও পাৰে৷

 

 

RELATED ARTICLES