peepl-small

বিধানসভা নিৰ্বাচনতো থাকিব ইউ পি পি এলৰে মিত্ৰতাঃ ৰঞ্জিত দাস

PUBLISHED:

গুৱাহাটীঃ বিটিচিত ইউ পি পি এলৰ সৈতে হোৱা মিত্ৰতা অক্ষুণ্ণ থাকিব বিধানসভা নিৰ্বাচনতো। আজি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে উল্লেখ কৰে এই কথা। ইয়াৰ লগতে সভাপতি ৰঞ্জিত দাসে আগন্তুক বিটিচি নিৰ্বাচনত বি পি এফৰ সৈতে মিত্ৰতা হোৱাৰ এক শতাংশও সম্ভাৱনা নাই বুলি উল্লেখ কৰে।

ৰঞ্জিত দাসে কয়- ‘ইউ পি পি এলৰ সৈতে আমাৰ সম্প্ৰতি মিত্ৰতা হৈছে, কিন্তু বিপিএফৰ লগত মিত্ৰতা হোৱাৰ ১ শতাংশও সম্ভৱনা নাই। বিটিচিৰ স্বাভামানী অসমীয়া বা ভাৰতীয় মানুহ সকলো ইউ পি পি এল আৰু বিজেপিৰ ফালে আছে।’

আনহাতে সভাপতিগৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনতো ১০৩খন আসন দখল কৰিব বুলি নিশ্চিতি দিয়ে। সভাপতিগৰাকীয়ে বিজেপিৰ হাতত থকা ৮৭খন আসনৰ লগত আন ১৭খন আসন যোগ হ’ব বুলি দাবী কৰে। কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাৰ বাবে বিজেপিয়ে উজনি অসমৰ গোলাঘাট, নাজিৰা, শিৱসাগৰ, তিতাবৰ, ডুমডুমা, নাওবৈচা সমষ্টিত জয়লাভৰ আশা ব্যক্ত কৰে। সভাপতি দাসে আগন্তুক বিধানসভা নিৰ্বাচনত মুঠতে ১০০ প্লাছত বিজেপি জয়ী হ’ব বুলি সদৰী কৰে।

RELATED ARTICLES