peepl-small

পশ্চিমবংগত ২০০ আসন পাব বিজেপিয়েঃ গৃহমন্ত্রী শ্বাহ

PUBLISHED:

গুৱাহাটীঃ দুদিনীয়া কার্যসূচীৰে পশ্চিমবংগ ভ্রমণৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিজেপিৰ সভাত অংশ লোৱাৰ সমান্তৰালকৈ গৃহমন্ত্রী হিচাপে শনিবাৰে পুৱা ৰাষ্ট্রীয় অনুসন্ধান সংস্থা, চমুকৈ ‘নিয়া’ৰ সৈতেও ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ অহা বর্ষত অনুষ্ঠিত হ’বলগীয়া পশ্চিমবংগ বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যখন ভ্রমণৰত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে মেদিনীপুৰৰ দলীয় সমাৱেশত অংশগ্রহণ কৰি তৃণমূল কংগ্রেছৰ নেত্রী তথা মুখ্যমন্ত্রী মমতা বেনার্জীক প্রত্যাহ্বান জনায়৷ পৰৱর্তী বর্ষত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনত বিজেপিয়ে ২০০তকৈ অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি মুখ্যমন্ত্রী বেনার্জীক প্রত্যাহ্বান জনায়৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে বিজেপিক পাঁচ বছৰ সময় দিয়াৰ আহ্বান জনাই ৫ বছৰৰ ভিতৰতে সোণাৰ বাংলাত পৰিণত কৰিব বুলিও কয়৷

ইপিনে কেইবাগৰাকীও বিধায়কে দলত্যাগ কৰি মুখ্যমন্ত্রী বেনার্জীক সংকটত পেলাই আজি গৃহমন্ত্রী শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰে৷ তৃণমূল কংগ্রেছকে ধৰি বিভিন্ন দলৰ জনপ্রতিনিধিয়ে অংশগ্রহণ কৰা সমাৱেশত গৃহমন্ত্রী শ্বাহে কয় যে নির্বাচনলৈ মুখ্যমন্ত্রী বেনার্জী অকলশৰীয়া হৈ পৰিব৷ তেওঁ মুখ্যমন্ত্রীক এই কথা সুধিব বিচাৰে যে তৃণমূল কংগ্রেছ গঠন কৰাৰ পূর্বে বেনার্জী কংগ্রেছৰ সদস্য আছিল৷ আজি কংগ্রেছ, চি পি আই এম আৰু তৃণমূল কংগ্রেছৰ কেইবাগৰাকী নেতাই বিজেপিত যোগদান কৰিছে৷ তেওঁলোকে বিশ্বাস কৰে বিজেপিৰ উন্নয়নমূলক কাম আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বক৷ এয়া আৰম্ভণিহে৷ ৰাজ্যখনত নির্বাচন অহালৈকে বেনার্জীয়ে ভাৰতীয় জনতা পার্টীৰ বিৰুদ্ধে অকলেই যুঁজিব লাগিব৷

উল্লেখ্য যে শনিবাৰে বিজেপিত যোগদান কৰাসকলৰ ভিতৰত তৃণমূল কংগ্রেছ চৰকাৰৰ পদত্যাগী মন্ত্রী শুভেন্দু অধিকাৰীসহ ১০জন বিধায়ক, এজন সাংসদ আৰু এজন প্রাক্তন সাংসদ, এজন প্রাক্তন মন্ত্রী আছে৷ শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰা সাংসদগৰাকী হৈছে সুনীল মণ্ডল, প্রাক্তন সাংসদ দশৰথ তির্কী, বিধায়ক শুভেন্দু অধিকাৰী, তাপসী মণ্ডল, অশোক ডিণ্ডা, সুদীপ মুখার্জী, চাইকাট পাঞ্জা, শীলভদ্র দত্ত, দীপালী বিশ্বাস, শুক্র মুন্দ্রা, বিশ্বজিৎ কুণ্ডু আৰু বনশ্রী মাইতী৷ এই সভাতেই প্রাক্তন মন্ত্রী শ্যামাপ্রসাদ মুখার্জীয়েও গেৰুৱা দলত যোগদান কৰে৷

ইপিনে আজি পুৱা কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে ‘নিয়া’ৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ নৱেম্বৰত মুর্চিদাবাদত আল–কায়দা সন্ত্রাসবাদী চক্র উৎখাত কৰাৰ লগতে কেইবাটাও সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰা বিষয়টো বৈঠকত চর্চিত হয়৷ পশ্চিমবংগৰ নিষিদ্ধ সন্ত্রাসবাদী সংগঠন আল–কায়দাৰ নেটৱর্ক সম্পর্কত ‘নিয়া’ৰ সৈতে আলোচনা কৰে গৃহমন্ত্রীগৰাকীয়ে৷

উল্লেখ্য যে নৱেম্বৰত ৰাজ্যখনৰ মুর্চিদাবাদৰ পৰা ‘নিয়া’ই আব্দুল মমিন মণ্ডল নামৰ আল–কায়দাৰ সন্ত্রাসবাদী এটাক গ্রেপ্তাৰ কৰিছিল৷ ইয়াৰ পূর্বেও ‘নিয়া’ই ছামিম আনছাৰি নামৰ সন্ত্রাসবাদী এটাক গ্রেপ্তাৰ কৰিছিল৷ ‘নিয়া’ই পশ্চিমবংগত আল–কায়দাৰ নেটৱর্ক সন্দর্ভত বিতং তথা লাভ কৰিবলৈ সক্ষম হৈছে৷ এনে সময়তে গৃহমন্ত্রী শ্বাহে ‘নিয়া’ৰ সৈতে নিষিদ্ধ সংগঠনটোক কিদৰে প্রতিহত কৰিব পাৰি, সেই সন্দর্ভত আলাচনা কৰে৷

RELATED ARTICLES