peepl-small

এবিপি নিউজ–চি ভোটাৰৰ অপিনিয়ন পলঃ ৬৮–৭৬ আসন লাভেৰে ৰাজ্যত পুনৰ বিজেপি চৰকাৰ

PUBLISHED:

গুৱাহাটীঃ দেশৰ নির্বাচন আয়োগে অসমসহ পাঁচ ৰাজ্য–কেন্দ্রীয়শাসিত অঞ্চলৰ বিধানসভা নির্বাচন ঘোষণা কৰাৰ পাছতেই শনিবাৰে ‘এ বি পি নিউজ–চি ভোটাৰ’–এ অপিনিয়ন পল প্রকাশ কৰিছে৷ এই অপিনিয়ন পল অনুসৰি মুঠ ১২৬খন আসনবিশিষ্ট অসম বিধানসভাৰ ৬৮–৭৬ আসন লাভ কৰি ৰাজ্যত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব৷ ইয়াৰ বিপৰীতে ক্ষমতা দখলৰ সপোন দেখা কংগ্রেছ ৪৩–৫১খন আসনতে ক্ষান্ত থাকিব লাগিব৷

অপিনিয়ন পলটোত বিজেপিয়ে ৪২ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৩১ শতাংশ ভোটহে পোৱাৰ সম্ভাৱনীয়তা ব্যক্ত কৰা হৈছে৷ সেইদৰে আন দল আৰু নির্দলীয় প্রার্থীসকলে লাভ কৰিব পাৰে ২৭ শতাংশ ভোট৷ এ বি পি নিউজ–চি ভোটাৰৰ এই অপিনিয়ন পলটো ৰাজ্যত সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপটত যথেষ্ট তাৎপর্যপূর্ণ ৰূপে বিবেচিত হৈছে৷ কিয়নো বিজেপিয়ে অগপ আৰু ইউ পি পি এলক লৈ গঠন কৰা মিত্রজোঁটে দ্বিতীয়বাৰৰ বাবে দিছপুৰত চৰকাৰ গঠনৰ লক্ষ্যৰে নির্বাচনী ৰণডংকা অব্যাহত ৰাখিছে৷

ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাকে ধৰি কেইবাজনো শীর্ষ নেতাই উজনি–নামনি অসমৰ উপৰি বৰাক উপত্যকাত চলাইছে প্রাক্ নির্বাচনী প্রচাৰ অভিযান৷ সেইদৰে কংগ্রেছেও অসমৰ শাসনৰ বাঘজৰী কুক্ষিগত কৰাৰ উদ্দেশ্যে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ আঞ্চলিক গণ মর্চা আৰু বাঁও শিবিৰক লৈ মহাজোঁট গঠন কৰিছে৷

শনিবাৰৰ দিনটোত এই মহাজোঁটত চামিল হৈছে বিহাৰৰ প্রধান বিৰোধী দল আৰ জে ডি আৰু হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ৷ পিছে এ বি পি নিউজ–চি ভোটাৰৰ অপিনিয়ন পলে কার্যতঃ নিৰাশ কৰিলে মহাজোঁটক৷

উল্লেখ্য যে নির্বাচন আয়োগে কালি জাৰি কৰা অধিসূচনা অনুসৰি অসমত অহা ২৭ মার্চ, ১ এপ্রিল আৰু ৬ এপ্রিলত তিনিটা পর্যায়ত বিধানসভা নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ প্রথম পর্যায়ত ৪৭টা, দ্বিতীয় পর্যায়ত ৩৯টা আৰু তৃতীয় পর্যায়ত ৪০টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত কৰাৰ সূচী নির্ধাৰণ কৰা হৈছে৷ ইফালে এ বি পি নিউজ–চি ভোটাৰে বিধানসভা নির্বাচন অনুষ্ঠিতব্য পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীক লৈও প্রকাশ কৰিছে অপিনিয়ন পল৷ এই অপনিয়ন পলত পশ্চিমবংগত পুনৰ তৃণমূল কংগ্রেছেই চৰকাৰ গঠন কৰাৰ ইংগিত দিয়া হৈছে৷ ৰাজ্যখনত তৃণমূল কংগ্রেছে ১৪৮–১৬৪ আসন লাভ কৰাৰ সম্ভাৱনীয়তা ব্যক্ত কৰাৰ বিপৰীতে বিজেপিয়ে ৯২–১০৮টা সমষ্টিত জয়ী হ’ব বুলি কোৱা হৈছে৷

লক্ষণীয়ভাৱে ৰাজ্যখনত বাঁওপন্থী–কংগ্রেছ মিত্রজোঁট মাত্র ৩১–৩৯টা সমষ্টিতহে জয়ী হোৱাৰ ইংগিত দিয়া হৈছে অপিনিয়ন পলটোত৷ তামিলনাডুৰ ক্ষেত্রত ইউ পি এ (ডি এম কে, কংগ্রেছ আৰু অন্য দল) ৪১ শতাংশ ভোট লাভেৰে ক্ষমতালৈ অহাৰ সম্ভাৱনা প্রকাশ কৰা হৈছে৷ অপিনিয়ন পলটোত দাবী কৰা অনুসৰি ৰাজ্যখনত ইউ পি এই ১৫৪–১৬২খন আসন লাভ কৰিব৷ ইয়াৰ বিপৰীতে এন ডি এ (এ আই ডি এম কে, বিজেপি আৰু অন্যান্য) ৫৮–৬৬ আসনতে ক্ষান্ত থকাৰ ইংগিত দিয়া হৈছে৷

অপিনিয়ন পলটোত উল্লেখ কৰা অনুসৰি তামিলনাডুত এম এন এমে ২–৬টা আৰু এম এম কেই ১–৫টা সমষ্টিহে নিজৰ দখললৈ নিয়াৰ বাবে সক্ষম হ’ব পাৰে৷ কেৰালাৰ শাসকীয় চি পি আই (এম) নেতৃত্বাধীন লেফট ডেম’ক্রেটিভ ফ্রণ্ট ৮৩–৯১টা সমষ্টিত জয়ী হৈ পুনৰ ক্ষমতালৈ অহাৰ ইংগিত দিয়া হৈছে৷ ইয়াৰ বিপৰীতে ৰাজ্যখনত কংগ্রেছ নেতৃত্বাধীন ইউ ডি এফে ৪৭–৫৫খন আসন লাভেৰে দ্বিতীয় স্থানতে ক্ষান্ত থাকিব৷ অপিনিয়ন পলটোত কেন্দ্রীয়শাসিত অঞ্চল পুডুচেৰীত প্রথমবাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰা হৈছে৷ এইক্ষেত্রত কৰা পূর্বানুমান অনুসৰি বিজেপি নেতৃত্বাধীন শিবিৰে ১৭–২১খন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছ মিত্রজোঁটে পাব পাৰে মাত্র ৮–১২খনহে৷

RELATED ARTICLES