গুৱাহাটীঃ শুকুৰবাৰে সন্ধিয়া ১২৪নং মার্ঘেৰিটা বিধানসভা সমষ্টিৰ বুঢ়ীদিহিং গাঁও পঞ্চায়ত তথা বৰডুমচা থানাৰ অন্তর্গত ডুমডুমা– নগাঁৱত ৰাজনৈতিক সংঘাতৰ বলি হৈ প্রাণ বিসর্জন দিব লগা হয় বিজেপিৰ বুথ সভাপতিয়ে৷ ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে সন্ধিয়া দলীয় সভা সামৰি আহি বাৰীত কর্মৰত অৱস্থাত বিজেপিৰ ডুমডুমা–নগাঁও বুথ সমিতিৰ সভাপতি দেৱানন্দ গগৈক পূর্বৰে পৰা চোপ লৈ থকা স্থানীয় এজন যুৱকে পিছফালৰ পৰা চোকা অস্ত্রৰে আঘাত কৰে৷ গুৰুতৰভাৱে আহত দেৱানন্দ গগৈক (৪৮) নিকটৱর্তী অৰুণাচল প্রদেশৰ বৰডুমচা চৰকাৰী চিকিৎসালয়লৈ নিয়া হৈছিল যদিও আদবাটতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ জনা মতে স্থানীয় জয়চন্দ্র গগৈ নামৰ নৱগঠিত অসম জাতীয় পৰিষদৰ সদস্যজনে বিৰোধী দলৰ বিষয়ববীয়াজনক ৰাজনৈতিক বিৰোধিতাৰ বাবেই আক্রমণৰ লক্ষ্য কৰি লয় বুলি সন্দেহ কৰা হৈছে৷ গাঁওবুঢ়া কেশৱ ভক্তিয়াৰীৰ পৰা জানিব পৰা মতে, দিনৰ ভাগতো জয়চন্দ্রই দাৰে আঘাত হনাৰ চেষ্টা কৰিছিল দেৱানন্দক৷ আনহাতে, হত্যাকাৰী জয়চন্দ্র মানসিকভাৱে বিকাৰগ্রস্ত বুলি জানিব পৰা গৈছে৷ এই ঘটনাক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গৰিহণা দিয়াৰ লগতে দোষীক শীঘ্রে কৰায়ত্ত কৰিবলৈ অসম আৰক্ষীক নির্দেশ দিছে৷
তিনিচুকীয়া জিলাৰ বুঢ়ীদিহিং গাওঁ পঞ্চায়তৰ বিজেপিৰ বুথ সভাপতি দেৱানন্দ গগৈ ডাঙৰীয়াক দুষ্কৃতিকাৰীয়ে অতি নৃশংসভাৱে হত্যা কৰা ঘটনাত মৰ্মাহত হৈছোঁ।এই ঘটনাৰ কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ।তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনালোঁ। ঔঁ শান্তি।
— Himanta Biswa Sarma (@himantabiswa) March 13, 2021
মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ বুথ সভাপতি দেৱা গগৈক দুষ্কৃতিকাৰীয়ে অতি নৃশংসভাৱে হত্যা কৰা ঘটনাক কঠোৰ…
Posted by Sarbananda Sonowal on Friday, 12 March 2021