peepl-small

বিশ্বজিৎ দৈমাৰীৰ বর্ণিল পৰিক্রমা

PUBLISHED:

ড০ হিমন্ত বিশ্ব শৰ্মা

২০২১ বর্ষৰ ২১ মে’ তাৰিখটো অসম বিধানসভাৰ ইতিহাসৰ এক সোণালী দিন ৰূপে খোদিত হৈ ৰ’ব৷ এই দিনটোতেই পঞ্চদশ অসম বিধানসভাই বিশিষ্ট বড়ো জনগোষ্ঠীয় নেতা, এজন পৰিপক্ব ৰাজনীতিক শ্রীবিশ্বজিৎ দৈমাৰীক অধ্যক্ষ ৰূপে নির্বাচিত কৰে৷ ইতিহাসত এগৰাকী বড়ো জনগোষ্ঠীৰ বিধায়কক অসম বিধানসভাৰ অধ্যক্ষ ৰূপে নির্বাচিত কৰাৰ ঘটনা এয়াই প্রথম৷ বিধানসভাৰ বুৰঞ্জীৰ পৃষ্ঠা লুটিয়াই চালে আমি দেখিবলৈ পাওঁ যে ১৯৩৭ চনৰ পৰা আৰম্ভ কৰি ২০২১ চন পর্যন্ত প্রায় আঠটা দশকৰ দীঘলীয়া পৰিক্রমাত ২১গৰাকী বৰেণ্য ৰাজনীতিকে অধ্যক্ষৰ আসন শুৱনি কৰিছে৷ এইসকলৰ মাজত ইতিপূর্বে দুজন জনজাতীয় বিধায়কে অধ্যক্ষৰ গুৰুদায়িত্ব বহন কৰিছিল৷ তাৰে এগৰাকী আছিল দশমগৰাকী অধ্যক্ষ শ্রীযুত যোগেন্দ্র নাথ হাজৰিকা৷ আৰু আনগৰাকী আছিল পঞ্চদশ অধ্যক্ষ শ্রীযুত গণেশ কুটুম৷ হাজৰিকাদেৱে অসমৰ এটা বিশিষ্ট জনগোষ্ঠী সোণোৱাল কছাৰী সম্প্রদায়ৰ ৰাজনীতিক আছিল৷ তেখেতে অসমৰ মুখ্যমন্ত্রীৰ আসনো অলংকৃত কৰিছিল৷ আনহাতে গণেশ কুটুম ডাঙৰীয়া আছিল অসমৰ বিশিষ্ট জনগোষ্ঠী মিচিং সম্প্রদায়ৰ লোক৷ কিন্তু সুদীর্ঘ আঠটা দশকৰ এই দীর্ঘ পৰিক্রমাত অসম বিধানসভাৰ সর্বোচ্চ আসনখনলৈ বড়ো জনগোষ্ঠীৰ লোক এজন নির্বাচিত হোৱাৰ ঘটনা এয়াই প্রথম৷ সেই অর্থত অসমে এইবাৰ তৃতীয়গৰাকী জনজাতীয় লোকক বিধানসভাৰ এগৰাকী অধ্যক্ষ ৰূপে লাভ কৰিছে৷ শ্রীযুত বিশ্বজিৎ দৈমাৰীয়ে ইতিপূর্বে ৰাজ্যসভাত অসমক প্রতিনিধিত্ব কৰিছিল৷ ৰাজ্যসভাত অসমক প্রতিনিধিত্ব কৰা দৈমাৰী ডাঙৰীয়া অসমৰ প্রথমগৰাকী বড়ো জনগোষ্ঠীৰ ৰাজনীতিক আছিল৷

বিধায়ক বিশ্বজিৎ দৈমাৰী হ’ল এক দীঘলীয়া সংগ্রামী সত্তাৰ প্রতিভূ তথা সংসদীয় গণতান্ত্রিক পৰিক্রমাৰ অভিজ্ঞতাৰে পুষ্ট এগৰাকী গুণী–জ্ঞানী ব্যক্তি৷ ১৯৭১ চনৰ ৪ ফেব্রুৱাৰীত এটা কৃষক পৰিয়ালত জন্মগ্রহণ কৰি এক সুদীর্ঘ সংগ্রামৰ যাত্রা অতিক্রমি আজি তেওঁ পুনৰ অসম বিধানসভাৰ এগৰাকী সন্মানীয় সদস্য হিচাপে নির্বাচিত হৈছে৷ জাতীয় সত্তা আৰু অসমৰ বিভিন্ন জাতি–জনগোষ্ঠীক একত্রিত কৰি ৰাষ্ট্রীয় প্রেক্ষাপটত অসমক বলিষ্ঠভাৱে  উপস্থাপন কৰাৰ বাবে এইগৰাকী সংগ্রামী নেতাই আৰম্ভণিৰে পৰা শক্তিশালী ভূমিকা লৈ আহিছে৷

শ্রীবিশ্বজিৎ দৈমাৰীৰ পিতৃ স্বর্গীয় সুৰেন্দ্র দৈমাৰী আছিল এগৰাকী কৃষক আৰু হস্তীবিদ৷ সৰুৰে পৰা বিশ্বজিৎ দৈমাৰীয়ে তেখেতৰ দেউতাকক কৃষিকর্ম তথা অন্যান্য কামত সহযোগ কৰি ঘৰখনক কিছু সকাহ প্রদান কৰাৰ যত্ন কৰিছিল৷ ককা দেউতাকৰ সচ্ছল অৱস্থাৰ পৰা দেউতাকৰ দিনত এটা সাধাৰণ অৱস্থালৈ অৱনমিত হোৱা পৰিয়ালটোৰ নৱমগৰাকী সন্তান হিচাপে বিশ্বজিৎ দৈমাৰীয়ে আনকি জীৱিকাৰ বাবে তেখেতৰ ককায়েকে আৰম্ভ কৰাৰ চাহৰ দোকানত স্কুলৰ জিৰণিৰ সময়ছোৱাত কিছু হ’লেও সকাহ প্রদানৰ চেষ্টা কৰিছিল৷ সেই সময়তে বিশ্বজিৎ দৈমাৰীয়ে দেউতাকৰ পৰা হাতীৰ মাউত এজনে কেনেকৈ হাতীক বশ কৰে, তাৰ সকলো কৌশল আয়ত্ত কৰিছিল৷ এনেকৈয়ে হাতী চলোৱা অর্থাৎ হস্তীবিদ্যাত তেখেত এগৰাকী পাকৈত ব্যক্তি হৈ পৰিছিল৷ বিদ্যালয়ত পঢ়ি থকা অৱস্থাতে বিশ্বজিৎ দৈমাৰীয়ে ফুটবলকে ধৰি অন্যান্য গ্রামীণ ক্রীড়াতো নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰিছিল৷

বাক্সা জিলাৰ ৫নং সুৱাগপুৰ প্রাথমিক বিদ্যালয়ত নিজৰ প্রাথমিক শিক্ষা আৰম্ভ কৰা এইগৰাকী বিশিষ্ট ব্যক্তিয়ে নাওকাটা মিলন এম ই বিদ্যালয়ৰ পৰা ১৯৮৮ চনত প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈ কোকৰাঝাৰ মহাবিদ্যালয়ৰ পৰা স্নাতক তথা মাডুৰাই কামৰাজ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিবলৈ সক্ষম হয়৷

পঞ্চম শ্রেণীত পঢ়ি থাকোঁতে দৈমাৰী ডাঙৰীয়া নিখিল বড়ো ছাত্র সন্থাৰ লগত জড়িত হৈ পৰে৷ সেই সময়তে ‘প্লেইনছ ট্রাইবেল কাউন্সিল অৱ আছাম’ PTCA)এ আৰম্ভ কৰা ‘উদয়াচল’ আন্দোলনত ওতপ্রোতভাৱে জড়িত হৈ তেওঁ আন্দোলনটোৰ নেতৃত্ববৃন্দৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰিছিল৷ তেতিয়াৰ পৰাই তেখেতে উপলব্ধি কৰিছিল যে বহুতো সম্ভাৱনা থকা সত্ত্বেও বৃহত্তৰ বড়ো জনগোষ্ঠীয়ে নানা সমস্যাৰ সৈতে যুঁজ দিব লগা হৈছিল৷ সেই উপলব্ধিয়ে তেওঁক এই সমস্যাসমূহৰ নিৰাময়ৰ বাবে উদ্বুদ্ধ কৰিছিল৷ ১৯৮৭ চনত তেখেতে বডোফা উপেন্দ্র নাথ ব্রহ্মই আৰম্ভ কৰা বড়োলেণ্ড আন্দোলনত জড়িত হৈ পৰিছিল৷ ইয়াৰ পৰৱর্তী সময়ছোৱাত ১৯৯৯ চনত বি এল টি, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত আৰম্ভ হোৱা শান্তি আলোচনাত এগৰাকী প্রধান হোতা হিচাপে তেখেতে কাম কৰিছিল৷ ইয়াৰ ফলত ২০০৩ চনত শান্তি চুক্তি স্বাক্ষৰিত হৈছিল আৰু সেই দিন ধৰি তেখেতে সেই চুক্তিখনৰ প্রতিটো দফা ৰূপায়ণৰ হকে অহোপুৰুষার্থ কৰি আহিছিল৷

জীৱনত এগৰাকী শিক্ষক হোৱাৰ হেঁপাহ তেওঁ সৰুৰে পৰা মনত পুহি ৰাখিছিল আৰু নৱম শ্রেণীত পঢ়ি থাকোঁতে তেখেতে ৰাষ্ট্রভাষা প্রচাৰ সমিতিৰ দ্বাৰা পৰিচালিত বিশাৰদ পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈছিল৷ বডোফা উপেন্দ্র নাথ ব্রহ্মৰ স্মৃতিত ১৯৯১ চনত স্থাপিত উপেন্দ্র নাথ ব্রহ্ম ছোৱালী এম ই স্কুলত এগৰাকী হিন্দী শিক্ষক হিচাপে তেখেতে যোগদান কৰি ১৯৯৬ চনলৈকে এই পদবীত সুখ্যাতিৰে কার্যনির্বাহ কৰিছিল৷ কিন্তু ১৯৯৬ চনত পুনৰ সংগ্রামী জীৱন আৰম্ভ হয়৷ আৰু সক্রিয়ভাৱে সংগ্রামী জীৱনত ভৰি দিয়া হেতুকে তেওঁ শিক্ষকৰ চাকৰি ইস্তফা দিয়ে৷

শ্রীদৈমাৰীৰ ৰাজনৈতিক জীৱনৰ অন্য এটা পর্যায় আৰম্ভ হ’ল ইয়াৰ পাছতেই৷ ২০০১ চনত তেখেতে এবছু আৰু বি এল টিৰ সমর্থনেৰে তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নির্বাচিত হয়৷ ২০০৬ চনৰ পৰা ২০০৮ চনলৈ তেখেতে ৰাজ্য চৰকাৰৰ অধীনস্থ আর্টফেডৰ অধ্যক্ষ হিচাপে সুখ্যাতিৰে সেৱা আগবঢ়ায়৷ ২০০৮ চনৰ পৰা ২০২০ চনলৈ তেখেতে দুটা কার্যকালৰ বাবে ৰাজ্যসভাৰ আসন শুৱনি কৰি অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন সমস্যাৰাজি সংসদৰ উচ্চ সদনত সজোৰে উত্থাপন কৰি সমগ্র দেশবাসীৰ দৃষ্টি আকর্ষিত কৰিবলৈ সক্ষম হৈছিল৷ ২০২০ চনত ৰাজ্যসভালৈ তেখেত পুনৰ নির্বাচিত হৈছিল যদিও ২০২১ বর্ষৰ বিধানসভা নির্বাচনত পানেৰী সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰি বিজয়ী হোৱাত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে৷ তেওঁ এতিয়া সন্মানীয় পানেৰী সমষ্টিৰ এগৰাকী জনপ্রতিনিধি হিচাপে পুনৰ জনসেৱাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে৷

নিজৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰ পৰাই বড়ো জাতিৰ উত্তৰণৰ বাবে সংগ্রামত অৱতীর্ণ হোৱা এইগৰাকী নেতাই সংসদত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সমস্যাৰাজি ভালদৰে তুলি ধৰাৰ প্রয়াসত অৱতীর্ণ হৈ আহিছে৷ ৰাজ্যসভাত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ভৌগোলিক, সামাজিক আৰু জনগোষ্ঠীয় চিনাকি তুলি ধৰা উত্তৰ–পূর্বাঞ্চলৰ বাট–পথ, ৰে’ল সংযোগ সবলীকৰণৰ বাবে দাবী তোলা অসমৰ বানপানীৰ সমস্যা সমাধান, উত্তৰ–পূর্বাঞ্চলৰ প্রতিৱেশী ৰাষ্ট্রসমূহৰ মাজত সু–সম্পর্ক স্থাপনেৰে পর্যটন খণ্ডৰ উন্নয়ন ঘটোৱা, তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ৰ দ্বাৰা প্রচাৰিত বিভিন্ন বিজ্ঞাপনত উত্তৰ–পূর্বাঞ্চলৰ সাজ–সজ্জা প্রদর্শনৰ জৰিয়তে ৰাষ্ট্রীয় মঞ্চত উত্তৰ–পূর্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যক প্রতিভাত কৰা, উত্তৰ–পূর্বাঞ্চলৰ বাবে ঘোষণা কৰা বিভিন্ন আঁচনি যাতে ঘোষণাতে নাথাকে, তাৰ বাবে পর্যাপ্ত পুঁজি নিশ্চিত কৰা, মাজুলীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিচয় বজাই ৰখা আদি অজস্র জনসেৱামূলক কামত দৈমাৰী ডাঙৰীয়াই গভীৰ মনোযোগ দিছিল৷

অসমত ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীত কৰাৰ প্রক্রিয়াটো যাতে সুকলমে হয়, তাৰ বাবে সদনৰ বিতর্ক অনুষ্ঠানতো তেখেতে অংশ লৈছিল৷ সেই বিতর্কত ভাগ লৈ দৈমাৰী ডাঙৰীয়াই নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ দিশত এক বলিষ্ঠ ভূমিকা পালন কৰিছিল৷ তেতিয়াই ভাৰতৰ অন্যান্য প্রান্তৰ সাংসদসকলৰ বিৰোধিতাৰ সবল প্রত্যুত্তৰেৰে এইগৰাকী নেতাই নিজৰ বাগ্মিতা, জ্ঞান, দূৰদর্শিতা, জাতি প্রেম বিষয়টোৰ গভীৰতৰ অধ্যয়ন আদিৰ পৰিচয় তুলি ধৰিব পাৰিছিল৷ জাতি প্রেম, স্বদেশ প্রেম, বৃহত্তৰ অসমীয়া সত্তাক ৰাষ্ট্রীয় প্রেক্ষাপটত উজ্জ্বল ৰূপত দাঙি ধৰাৰ তেখেতৰ এই প্রয়াস নিঃসন্দেহে প্রশংসাৰ পাত্র৷ ইতিহাসে তেখেতৰ এই ভূমিকাক চিৰদিন আগস্থান দি যাব৷

এগৰাকী ৰাজনীতিক হিচাপে নিজৰ প্রচুৰ অৰিহণাৰে আৰু ছাত্রাৱস্থাৰ পৰাই বিভিন্ন সামাজিক অনুষ্ঠান–প্রতিষ্ঠানৰ্ সৈতে জড়িত হোৱাৰ জৰিয়তে দৈমাৰী ডাঙৰীয়া এগৰাকী সঁচা জনদৰদী নেতা হিচাপে পৰিচিত হৈছে৷ ভাৰতৰ পিছপৰা জনগোষ্ঠীসমূহৰ উত্তৰণ তথা নেপাল, ভূটান, বাংলাদেশ, মংগোলীয়া আদি দেশত থকা মংগোলীয় মূলৰ জনগোষ্ঠীসমূহৰ চিন্তা, চেতনা, পৰিচয় তথা এই জনগোষ্ঠীসমূহক আত্মিকভাৱে একত্রীকৰণৰ দিশতো এইগৰাকী নেতাই শক্তিশালী অৱদান আগবঢ়াই আহিছে৷

এটা বর্ণাঢ়্য জীৱনৰ অধিকাৰী শ্রীবিশ্বজিৎ দৈমাৰীৰ সৈতে মোৰ নিবিড় সম্পর্ক গঢ়ি উঠিছিল ২০০৩ চনৰ পৰা৷ এই সুদীর্ঘ সময়ৰ অভিজ্ঞতাৰে আৰু অতি ওচৰৰ পৰা তেওঁক নিৰীক্ষণ কৰি মই এই কথাত নিশ্চিত হৈছোঁ যে অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব পালনত দৈমাৰী ডাঙৰীয়া অতিকৈ সফল বুলি পৰিগণিত হ’ব৷ ভাৰতীয় জনতা পার্টী, অসম গণ পৰিষদ আৰু ইউ পি পি এল দলে আগবঢ়োৱা শ্রীবিশ্বজিৎ দৈমাৰীৰ প্রার্থিত্বত আমি গৌৰৱ অনুভৱ কৰিছোঁ৷ গৌৰৱ অনুভৱ কৰিছোঁ এইবুলি যে অসমৰ এগৰাকী ভূমিপুত্র, এগৰাকী বড়ো জনগোষ্ঠীৰ সন্তানে আজি অসম বিধানসভাৰ অধ্যক্ষৰ দৰে এখন আসন অলংকৃত কৰিছে৷ অসমৰ সামগ্রিক জাতি গঠন প্রক্রিয়াত দৈমাৰী ডাঙৰীয়াই অহা দিনবিলাকত এক সবল আৰু দিক নির্ণায়ক ভূমিকা ল’ব বুলি মই আশা কৰোঁ৷

অধ্যক্ষ নির্বাচনৰ সমান্তৰালকৈ ভাৰতীয় জনতা পার্টী আৰু ইয়াৰ মিত্রজোঁটে বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে ডাঃ নোমল মমিনৰ নামটো প্রস্তাৱ কৰিছে৷ ডাঃ মমিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্রাক্তন সহকাৰী অধ্যাপক আৰু বোকাজান সমষ্টিৰ বিধায়ক৷ বিশ্বজিৎ দৈমাৰীৰ দৰে ডাঃ নোমল মমিনৰো আছে এক আকর্ষণীয় জীৱন পৰিক্রমা৷ কার্বি আংলঙৰ এক কৃষক পৰিয়ালত জন্মগ্রহণ কৰা নোমল মমিনে কৃষিকর্মত আত্মনিয়োগ কৰি, গাঁৱৰ বোকা–পানী গচকি শিক্ষা জীৱন অতিবাহিত কৰিছিল৷ পৰৱর্তী পর্যায়ত উচ্চ শিক্ষাৰ সপোন বুকুত বান্ধি তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ আৰু ডিব্রুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম ডি ডিগ্রী লাভ কৰে৷

২০১৬ চনৰ বিধানসভা নির্বাচনত জনপ্রতিনিধি হিচাপে বিধানসভাৰ মজিয়াত পদার্পণ কৰা ডাঃ মমিন হৈছে অসমৰ খ্রীষ্টান ধর্মাৱলম্বী লোক আৰু নিচেই কম জনসংখ্যাৰ অথচ বর্ণাঢ়্য সংস্কৃতিৰে পৰিচিত গাৰো জনগোষ্ঠীৰ যুৱক৷ অসমৰ এই বিশিষ্ট জনগোষ্ঠীৰ বিধায়ক তথা সমাজকর্মী হিচাপে ডাঃ নোমল মমিনে অসমৰ বিভিন্ন জিলাত সিঁচৰতি হৈ থকা গাৰো সম্প্রদায়ৰ লোকসকলৰ মাজত আত্মিক সম্পর্ক সুদৃঢ় কৰাৰ কামত ব্রতী হৈ থকাৰ উপৰি বৃহত্তৰ অসমৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত থকা সাতামপুৰুষীয়া সম্পর্ক আৰু অধিক মজবুত কৰাৰ দিশত আৰম্ভণিৰে পৰা অগ্রণী ভূমিকা লৈ আহিছে৷

অসম বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ– এই দুয়োখন আসনতেই একে সময়তে ৰাজ্যৰ দুটা বিশিষ্ট জনগোষ্ঠীৰ লোক অধিষ্ঠিত হোৱাৰ ঘটনা সম্ভৱতঃ ইয়াৰ পূর্বে কেতিয়াও ঘটা নাছিল৷ ই নিশ্চিতভাৱে এটা অতি তাৎপর্যপূর্ণ ঘটনা৷ দুগৰাকীকৈ জনজাতীয় নেতাৰ নেতৃত্বৰে পৰিচালিত হ’বলগীয়া অসম বিধানসভাই যে অহা পাঁচ বছৰত বৃহত্তৰ অসমীয়া জাতি নির্মাণত এক বাটকটীয়াৰ ভূমিকা পালন কৰিব, সেই বিষয়ে বিন্দুমাত্র সন্দেহ নাই৷

RELATED ARTICLES