peepl-small

বিধানসভাত প্রথমবাৰৰ বাবে বড়ো জনগোষ্ঠীৰ অধ্যক্ষ

PUBLISHED:

গুৱাহাটী: পঞ্চদশ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী বিনাপ্রতিদ্বন্দ্বিতাৰে সর্বসন্মতক্রমে নির্বাচিত হয়৷ শুকুৰবাৰে সদনত নৱনির্বাচিত বিধায়কসকলৰ শপতগ্রহণ   অনুষ্ঠান সম্পন্ন হোৱাৰ পাছতেই বিধানসভাৰ প্র’টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে সদনৰ নতুন অধ্যক্ষ হিচাপে বিশ্বজিৎ দৈমাৰী বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱা বুলি ঘোষণা কৰে৷

সদনত চৌধুৰীয়ে কয় যে বিধানসভাৰ অধ্যক্ষ পদৰ বাবে বিশ্বজিৎ দৈমাৰীৰ সমর্থনত তিনিখন মনোনয়ন দাখিল হৈছে৷ প্রথমখন মনোনয়ন ৰঞ্জিত কুমাৰ দাসে প্রস্তাৱক আৰু অশোক সিংঘলে সমর্থক হিচাপে দিছে৷ দ্বিতীয়খন মনোনয়ন অতুল বৰাই প্রস্তাৱক আৰু কেশৱ মহন্তই সমর্থক হিচাপে দিছে৷ তৃতীয়খন মনোনয়ন উর্খাও গৌৰা ব্রহ্মই প্রস্তাৱক আৰু লৰেঞ্চ ইছলাৰীয়ে সমর্থক হিচাপে দিছে৷ অধ্যক্ষ পদৰ বাবে আন কাৰো নামত যিহেতু কোনো মনোনয়ন দাখিল হোৱা নাই, সেয়ে তেওঁ বিশ্বজিৎ দৈমাৰীক বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱা বুলি ঘোষণা কৰে৷

মন কৰিবলগীয়া এয়ে যে অসম বিধানসভাৰ ইতিহাসত বিশ্বজিৎ দৈমাৰীয়ে হৈছে বড়ো জনগোষ্ঠীৰ প্রথমগৰাকী অধ্যক্ষ৷ পূর্বতে বিধানসভাত জনজাতীয় সম্প্রদায়ৰ পৰা অধ্যক্ষ নির্বাচিত হৈছিল যদিও বড়ো জনগোষ্ঠীৰ পৰা কোনো অধ্যক্ষ হোৱা নাছিল৷

ইপিনে বিশ্বজিৎ দৈমাৰী অধ্যক্ষ নির্বাচিত হোৱাৰ লগে লগে শাসক–বিৰোধী উভয়ে তেওঁক আদৰণি জনোৱাৰ লগতে তেওঁক লৈ আশাবাদী বুলি ব্যক্ত কৰে৷ প্র’টেম অধ্যক্ষ চৌধুৰীয়ে নৱনির্বাচিত অধ্যক্ষ দৈমাৰীক হিয়াভৰা ওলগ–শুভেচ্ছা জ্ঞাপন কৰি কয় যে সংসদীয় অভিজ্ঞতাৰে পৰিপুষ্ট দৈমাৰীয়ে সুকলমে নিৰপেক্ষভাৱে সদন চলোৱাৰ লগতে সদনৰ মর্যাদা আৰু সন্মান বজাই ৰাখি সকলোকে ন্যায় আৰু সুবিধা প্রদান কৰিব বুলি তেওঁ আশাবাদী৷

সদনৰ নেতা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিধানসভাৰ সকলো সদস্যৰ হৈ অধ্যক্ষ দৈমাৰীক অভিনন্দন, ধন্যবাদ জ্ঞাপন কৰি কয় যে কোনো প্রতিদ্বন্দ্বিতা নোহোৱাকৈ দৈমাৰীক পৱিত্র অধ্যক্ষৰ আসনত সদনৰ সদস্যসকলে অধিষ্ঠিত কৰিছে৷ বর্ণিল ৰাজনৈতিক আৰু সামাজিক পৰিক্রমাৰ সফলতাৰ পাছত অধ্যক্ষৰ পদ অলংকৃত কৰি দৈমাৰীয়ে আন এক সফল অধ্যায় সূচনা কৰিলে৷ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অধ্যক্ষ দৈমাৰীক অত্যন্ত স্পষ্টবাদী আৰু প্রতিটো বিভাগৰ ওপৰত সূক্ষ্মভাৱে অধ্যয়ন কৰা ব্যক্তি বুলি অভিহিত কৰি কয় যে অধ্যক্ষ হিচাপেও দৈমাৰী সফল হ’ব৷ শাসক–বিৰোধীৰ প্রতি সমদৃষ্টি দিব৷ বিৰোধী দলপতি দেৱব্রত শইকীয়ায়ো সদনৰ অধ্যক্ষৰ প্রতি আশা ব্যক্ত কৰি কয়– সদনত তেওঁ আমাক ন্যায় দিব বুলি আশা কৰিছোঁ৷ অগপ বিধায়িনী দলৰ নেতা তথা মন্ত্রী অতুল বৰাই বিধানসভাৰ অধ্যক্ষক অভিনন্দন জ্ঞাপন কৰি কয় যে সংসদীয় গণতন্ত্রৰ ৰুল্ছ আৰু প্রচিডি’ৰৰ বিষয়ে দৈমাৰীয়ে ভালদৰে জানে৷ বিগত সময়ছোৱাত তেওঁ সংসদৰ মজিয়াত অসম আৰু উত্তৰ–পূবৰ সমস্যা উত্থাপনতো সফলতা প্রদর্শন কৰিছে৷

বিধানসভাৰ প্রাক্তন অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামীয়ে নৱনির্বাচিত অধ্যক্ষ দৈমাৰীয়ে সদনৰ গৰিমা অক্ষুণ্ণ ৰখাৰ লগতে নিৰপেক্ষতা বাহাল ৰাখি সদনত বিৰোধীক সময় দিয়াৰ সমান্তৰালভাৱে চৰকাৰখনকো সুচাৰুৰূপে কাম কৰাত আশা ব্যক্ত কৰে৷ এ আই ইউ ডি এফ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমীয়ে বিধানসভাৰ অধ্যক্ষৰ প্রতি তেওঁলোকৰ পূর্ণ সহযোগিতা থাকিব বুলি প্রকাশ কৰে৷ ইউ পি পি এলৰ বিধায়িনী নেতা তথা মন্ত্রী উর্খাও গৌৰা ব্রহ্মই অধ্যক্ষ দৈমাৰীক উষ্ম আদৰণি জনাই কয় যে বড়ো সমাজে আজি গৌৰৱ অনুভৱ কৰিছে৷ কাৰণ বড়ো জনগোষ্ঠীৰ পৰা বিধানসভাৰ অধ্যক্ষ প্রথমবাৰৰ বাবে হৈছে৷ বিটিচি চুক্তি স্বাক্ষৰৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা লোৱা দৈমাৰীৰ সংগ্রামী জীৱন, বুদ্ধিমত্তা, স্পষ্টবাদিতাৰ উল্লেখ কৰি তেওঁ অধ্যক্ষ হিচাপে দৈমাৰীৰ সফলতা কামনা কৰে৷

বিধানসভাৰ প্রাক্তন অধ্যক্ষ তথা বর্তমানৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে দৈমাৰীৰ প্রসংগত কয় যে তেওঁৰ সকলোকে আঁকোৱালি ল’ব পৰাৰ ক্ষমতা আছে৷ বি পি এফ বিধায়িনী দলৰ নেতা ৰবিৰাম নার্জাৰীয়েও অধ্যক্ষ দৈমাৰীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে এসময়ত বড়ো জনগোষ্ঠীৰ সংগ্রামত দৈমাৰী জড়িত আছিল৷ বিটিচি চুক্তি স্বাক্ষৰৰ ক্ষেত্রতো দৈমাৰীৰ ভূমিকা আছিল অনবদ্য৷ এতিয়া বড়ো ভাষা যিহেতু সংবিধানৰ অষ্টম অনুসূচিত সন্নিৱিষ্ট হৈছে, সেয়ে বিধানসভাৰ মজিয়াত তেওঁলোকে যাতে বড়ো ভাষাত কথা ক’ব পাৰে, তাৰ বাবে মানৱ সম্পদ সৃষ্টিকে ধৰি যাৱতীয় কাম অধ্যক্ষ দৈমাৰীয়ে সম্পন্ন কৰিব বুলি আশা ব্যক্ত কৰে৷ কংগ্রেছৰ ৰকিবুল হুছেইন, ভৰত নৰহ, চি পি আই (এম)ৰ মনোৰঞ্জন তালুকদাৰ, নির্দলীয় অখিল গগৈয়েও নৱনির্বাচিত অধ্যক্ষ দৈমাৰীক ধন্যবাদ জ্ঞাপন কৰি তেওঁৰ প্রতি সহযোগিতা আগবঢ়াব বুলি প্রকাশ কৰে৷

ইয়াৰ পাছতেই সদনক উদ্দেশ্যি অধ্যক্ষ দৈমাৰীয়ে কয় যে অসমত দৈনন্দিন সামাজিক জীৱনত চলি থকা সমস্যাসমূহ পাঁচ বছৰত সমাধান কৰিব লাগিব৷ এইক্ষেত্রত বিধানসভাত চৰকাৰক বিৰোধীয়ে পথ প্রদর্শন কৰিব লাগিব৷ বিধানসভাৰ প্রতিজন সদস্যৰে সম–ধিকাৰ থাকিব৷ এই বিষয়ে মুখ্যমন্ত্রীয়ে ইতিমধ্যে সেই কথা স্পষ্টভাৱে কৈছে৷ চৰকাৰৰ কিবা ভুল দেখিলে সেয়া আঙুলিয়াই দি যোগাত্মকভাৱে লোৱা হ’ব৷ যিবোৰ দলৰ দুই–তিনিজন বা পাঁচজন বিধায়ক আছে বা নির্দলীয় আছে, তেওঁলোকেও ডাঙৰ দলৰ দৰেই কথা ক’ব পাৰিব৷ এই সদনে অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ বাবে কাম কৰিব লাগিব৷

অধ্যক্ষ দৈমাৰীয়ে ক’ভিডৰ দৰে বানপানীৰ সমস্যাৰ ক্ষেত্রতো সমানে ব্যৱস্থা লোৱাৰ বাবে চৰকাৰক আহ্বান জনাই কয় যে ক’ভিডৰ ক্ষেত্রত স্বাস্থ্য বিভাগৰ সাধাৰণ কর্মচাৰী এজনকো কর্তৃত্ব দিয়া হৈছে৷ স্বাস্থ্য বিভাগৰ সাধাৰণ কর্মচাৰী এজনে গাঁৱৰ কিবা এটা খবৰ দিলেই বিভাগটোৱে তৎপৰতাৰে কার্য সম্পাদন কৰি আহিছে৷ সেই একেই ব্যৱস্থা বানপানীৰ ক্ষেত্রতো ল’ব লাগে৷ জলসম্পদ বিভাগৰ সাধাৰণ কর্মচাৰী এজনে কিবা এটা খবৰ দিলেই লগে লগে বিষয়াসকলে চৰকাৰক অৱগত কৰোৱাৰ ব্যৱস্থা কৰক৷ ইয়াৰ বাবে বিভাগটোৰ তলতীয়া কর্মচাৰীকো স্বাস্থ্য বিভাগৰ কর্মচাৰীৰ দৰে কর্তৃত্ব প্রদান কৰা উচিত৷

RELATED ARTICLES