peepl-small

ৰাজ্যজুৰি গীতে–মাতে বিষ্ণু ৰাভা দিৱস উদযাপন

PUBLISHED:

গুৱাহাটী:  সুন্দৰৰ পূজাৰী গণশিল্পী কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ ৫২সংখ্যক স্মৃতি দিৱসত গীতে–মাতে স্মৰণ কৰিলে ৰাজ্যবাসীয়ে৷ ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে চৰকাৰী নীতি–নির্দেশনা পালন কৰি অনুষ্টুপীয়াকৈ ঠায়ে ঠায়ে ৰাভা দিৱস উদযাপন কৰা হয়৷ গুৱাহাটীৰ বিভিন্ন স্থানত ৰাভা দিৱস উপলক্ষে আয়োজন কৰা হয় কেইবাটাও অনুষ্ঠান৷ বহু স্থানত চিত্রাংকন, কবিতা আবৃত্তি, ৰাভা সংগীত প্রতিযোগিতা আদিৰো আয়োজন কৰা হয়৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্টুপীয়াকৈ ৰবীন্দ্র ভৱনৰ মুকলি চোতালৰ বকুলতলত ৰাভা দিৱস পালন কৰা হয়৷

অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্রজ্বলন কৰাৰ লগতে কলাগুৰুৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি অর্পণ কৰে সাংস্কৃতিক বিভাগৰ সচিব মাধুৰিমা বৰুৱা সেন আৰু সঞ্চালক কিশোৰ ঠাকুৰীয়াই৷ এই অনুষ্ঠানত সাংস্কৃতিক সঞ্চালকালয়ৰ কর্মচাৰীসকলে ৰাভা সংগীত পৰিৱেশন কৰে৷ এইবাৰ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে সদ্যঘোষিত বিষ্ণুপ্রসাদৰ বঁটা প্রদান কার্যসূচী স্থগিত ৰাখিছে অসম চৰকাৰে৷ সদৌ গুৱাহাটী ছাত্র সন্থাৰ উদ্যোগত উজানবজাৰস্থিত শ্বহীদ ভৱনত কেন্দ্রীয়ভাৱে আছুৱে আয়োজন কৰে ৰাভা দিৱস৷ দিনজোৰা বিস্তৃত কার্যসূচীৰে অনুষ্ঠিত ৰাভা দিৱসত কলাগুৰুৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন আৰু মাল্যার্পণ কৰে বিশিষ্ট আবৃত্তিকাৰ ভূপেন চক্রৱর্তীয়ে৷

সদৌ গুৱাহাটী ছাত্র সন্থাৰ সাংস্কৃতিক সম্পাদক নয়নজ্যোতি নাথে আঁত ধৰা অনুষ্ঠানত আছুৰ কেন্দ্রীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰইফউদ্দিন আহমেদ, সদৌ গুৱাহাটী ছাত্র সন্থাৰ সভাপতি আনোৱাৰ হুছেইনকে ধৰি বিষয়ববীয়া আৰু কেইবাখনো মহাবিদ্যালয়ৰ আছু গোটৰ প্রতিনিধি উপস্থিত থাকে৷ সদৌ গুৱাহাটী ছাত্র সন্থাৰ সভাপতি আনোৱাৰ হুছেইন আৰু ভাৰপ্রাপ্ত সাধাৰণ সম্পাদক অলকেশ নাথে কয়– ‘এইগৰাকী মহান শিল্পীৰ সৃষ্টিৰাজি ৰাজ্য চৰকাৰে যথোপযুক্তভাৱে সংৰক্ষণ কৰি অসমৰ নৱপ্রজন্ম তথা ছাত্র সমাজক সঠিক পথত আগবঢ়াই নিয়াৰ পদক্ষেপ গ্রহণ কৰিব লাগে৷’

ইপিনে মহান শিল্পীগৰাকীৰ সংস্কৃতিৰ সাধনাৰ পীঠস্থান তেজপুৰত গীতে–মাতে স্মৰণ কৰিলে তেওঁৰ গুণমুগ্ধই৷ তেজপুৰৰ সমন্বয় ক্ষেত্র অর্থাৎ কলাগুৰু বিষুপ্রসাদ ৰাভাৰ সমাধিস্থলত বিভিন্ন অনুষ্ঠানে আৰু গুণমুগ্ধই মহান মনীষীগৰাকীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ কলাগুৰুৰ গীতৰ তালে তালে সমাধিতে নৃত্য প্রদর্শন কৰিলে তেজপুৰৰ নৃত্য শিল্পীয়ে৷ ইয়াৰ মাজতে সমাধি ক্ষেত্র পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক পংকজ বৰুৱাই আঁত ধৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানত সমাধিত গামোচা, ফুলৰ মালাৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিলে জ্যেষ্ঠ পুত্র তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰৰ ডপায়ুক্ত ভূপেশ চন্দ্র দাসে৷ শ্রদ্ধাঞ্জলি জনালে শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া দিগন্ত বৈশ্য, জিলা ডন্নয়ন আয়ুক্ত শোভন গোৱালা, সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক নিতুল বৰা, জিলা ছাত্র সন্থাৰ সভাপতি অভিজিৎ নাথ, তেজপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অৰূপ তালুকদাৰ, সাধাৰণ সম্পাদক দেৱাঞ্জন পাঠকসহ আছুৰ বিষয়ববীয়া আৰু সংকল্প অসম, ভাৰত বিকাশ পৰিষদকে ধৰি বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া শিল্পী কলা–কুশলীয়ে৷

তেজপুৰ সাহিত্য সভা ভৱন প্রাংগণত পুৱা কলাগুৰুৰ ৫২সংখ্যক স্মৃতি দিৱস পালন কৰা হয়৷ আবক্ষ মূর্তিত বন্তি প্রজ্বলন আৰু মাল্যার্পণেৰে কার্যসূচীৰ শুভাৰম্ভ কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া আৰু শোণিতপুৰৰ ডপায়ুক্ত ভূপেশ চন্দ্র দাসে৷ উদীয়মান বাঁহীবাদক ৰুদ্রাক্ষ বিভূষণে বিষুপ্রসাদ ৰাভাৰ গীতৰ সুৰ বাঁহীৰে পৰিৱেশন কৰে৷ ইয়াৰ পাছতেই পংকজ বৰুৱাই আঁত ধৰা আৰু সম্পাদক দেৱব্রত শর্মাই আদৰণী ভাষণ দিয়া অনুষ্ঠানটোত ডপায়ুক্ত ভূপেশ চন্দ্র দাসে কলাগুৰুৰ সান্নিধ্য লাভ কৰা বিশিষ্ট নাট্যকাৰ, লেখক প্রিয়েন্দ্র তামুলীৰ গ্রন্থ ‘সুন্দৰৰ সাধনা’ উন্মোচন কৰে৷ উন্মোচনী ভাষণত ডপায়ুক্তগৰাকীয়ে কলাগুৰুৰ স্মৃতি বিজডিত তেজপুৰত এনে অনুষ্ঠানত অংশ লৈ গৌৰৱ অনুভৱ কৰা বুলি মন্তব্য কৰি অতি সুন্দৰকৈ কলাগুৰুৰ কালজয়ী গীত ‘পৰ জনমৰ শুভ লগনত…’ পৰিৱেশন কৰি ডপস্থিত ৰাইজক আপ্লুত কৰে৷ তেজপুৰ সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত অন্বেষা কাঞ্চন বৰা, প্রাঞ্জল শইকীয়াই বিষুপ্রসাদ ৰাভাৰ গীত পৰিৱেশন কৰাৰ লগতে বিশিষ্ট কণ্ঠশিল্পী কামাল ৰছিদ আহমেদে কলাগুৰুৰ গীত উর্দু আৰু হিন্দী ভাষাত পৰিৱেশন কৰে৷

আনহাতে, কলাগুৰু বিষুপ্রসাদ ৰাভাৰ ৫২সংখ্যক স্মৃতি দিৱসৰ প্রাক্ক্ষণত কালি বিশিষ্ট গীতিকাৰ–সুৰকাৰ বংকিম শর্মাই ৰচনা কৰি উলিওৱা বিষুপ্রসাদ ৰাভাৰ জীৱন দর্শন সংপৃক্ত নতুন এটি গীত দেওবাৰে এই অনুষ্ঠানতে প্রথমবাৰৰ বাবে পৰিৱেশন কৰিলে সীমান্ত কাকতিয়ে৷ তেজপুৰ সাহিত্য সভাৰ ডপদেষ্টা, অধ্যাপক হেমন্ত কুমাৰ বৰুৱায়ো স্মৃতিচাৰণ কৰা এই অনুষ্ঠানতে দেৱব্রত শর্মাই ৰচনা কৰা আৰু দিগন্ত কুমাৰ ভূঞাই পৰিচালনা কৰা সাংসৃকতিক অনুষ্ঠান ‘সুন্দৰম’ প্রযোজিত ‘ৰাভাৰ আভা’ শীর্ষক দৃশ্য–শ্রাব্যৰ সংগীতালেখ্য উন্মোচন কৰে কলাগুৰুৰ জ্যেষ্ঠ পুত্র, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই৷

উন্মোচনী ভাষণত পৃথ্বিৰাজ ৰাভাই কলাগুৰুৰ জীৱন দর্শন আলোকপাত কৰি তেজপুৰ সাহিত্য সভা ভৱনৰ আধাৰশিলা স্থাপনৰ পিতৃৰ যি লিখিত ভাষণ আছিল, সেই ভাষণ তেজপুৰ সাহিত্য সভাৰ দ্বাৰা সম্পাদিত বিশেষ গ্রন্থত পুনৰ মুদ্রিত কৰি সকলো পাঠকৰ বাবে সুলভ কৰিবলৈ আহ্বান জনায়৷

আনহাতে, ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত পুত্র পৃথ্বিৰাজ ৰাভাই পিতৃৰ গীতেৰে জীপাল কৰিলে বাণৰ মজিয়া৷ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রীস সমৱেত বিষুপ্রসাদ ৰাভাৰ গীতেৰে আৰম্ভ হোৱা আৰু পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে কলাগুৰুৰ প্রতিচ্ছবিত বন্তি প্রজ্বলনেৰে শ্রদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে বাণ থিয়েটাৰৰ আজীৱন সদস্য, বিধায়ক পৃথ্বিৰাজ ৰাভাই৷ একেদৰে ডত্তৰ–পশ্চিম শাখা সাহিত্য সভাই বালিপুখুৰী তিনিআলিত, ঐতিহ্য সুৰক্ষা সমিতিয়েও জয়মতী পথাৰৰ সমীপত, টীম তেজপুৰৰ উদ্যোগত তেজপুৰ কলেজিয়েট বিদ্যালয়ৰ খেলপথাৰৰ আবক্ষ মূর্তিত আয়োজন কৰা হয় ৰাভা দিৱসৰ কার্যসূচী৷

RELATED ARTICLES