peepl-small

ৰামদিয়াৰ দৈ–সৰভোগৰ ক্রীম লাড়ু–পিঠা–হুৰুমেৰে ভৰিছে বিহুৰ বজাৰ

PUBLISHED:

গুৱাহাটীঃ ক’ভিড মহামাৰীৰ বাবে বিগত বর্ষত ৰঙালী বিহু উদযাপনৰ পৰা বঞ্চিত হোৱা ৰাজ্যবাসীয়ে এইবাৰ দুগুণ উৎসাহেৰে সাজু হৈছে ৰঙালীক আদৰিবলৈ৷ ক’ভিড আক্রান্তৰ সংখ্যা ৰাজ্যত পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিলেও ৰাজ্যবাসীয়ে ৰঙালীক আদৰৰ প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে৷

আপোনজনক বিহুৰ দিনা পুৱা মৰমৰ গামোচা উপহাৰ দিবলৈ আহৰি নাইকিয়া হৈছে শিপিনীৰ৷ সমান্তৰালভাৱে বিহুৰ দিনা পুৱা আত্মীয়–স্বজনৰ সৈতে এসাঁজ আনন্দেৰে খাবলৈ ঘৰে ঘৰে এতিয়া খাদ্য–সামগ্রী প্রস্তুতৰ একপ্রকাৰ প্রতিযোগিতা চলিছে৷

ইয়াৰ মাজতে আগতীয়াকৈ বজাৰত উপলব্ধ হৈছে নানা খাদ্য–সম্ভাৰ৷ ৰামদিয়াৰ দৈ, সৰভোগৰ ক্রীম, শিৱসাগৰৰ হুৰুমৰ পৰা আৰম্ভ কৰি নাৰিকলৰ লাড়ু–পিঠা, চিৰা, কোমল চাউল, গুৰ আদিৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ৷ মহানগৰীৰ বিভিন্ন পদপথৰ লগতে ঠায়ে ঠায়ে আয়োজন কৰা বিহু মেলাত এই সামগ্রীসমূহ উপলব্ধ হৈ পৰিছে৷

কিছু সামগ্রীৰ মূল্য বিগত বর্ষসমূহৰ তুলনাত সামান্য পৰিমাণে বৃদ্ধি পাইছে যদিও বজাৰত সকলো সামগ্রী উভৈনদী হৈ পৰিছে৷ মহানগৰীৰ বজাৰত ১০খন নাৰিকলৰ পিঠাৰ দাম হৈছে ৫৫ৰ পৰা ৬০ টকা৷ পূর্বে ইয়াৰ দাম ৫০ টকা আছিল৷ সেইদৰে ১০টা নাৰিকলৰ লাড়ুৰ ৫৫ৰ পৰা ৬০ টকা, তিলৰ লাড়ু ৫০ টকা, তেলপিঠা ৫০ টকাত বিক্রী হৈছে মহানগৰীৰ বজাৰত৷

আনহাতে, জহা চিৰা প্রতিকিলোগ্রামত ১০০ টকা, বৰা চিৰা প্রতি কিলোগ্রামত ৮০ টকা, মালভোগ চিৰা প্রতি কিলোগ্রামত ১০০ টকা, আসৈ প্রতি কিলোগ্রামত ২০০ টকা, মুড়ি প্রতি কিলোগ্রামত ১০০ টকা, হুৰুম প্রতি কিলোগ্রাম ৬০০ টকাত উপলব্ধ হৈছে৷ সেইদৰে প্রতি কিলোগ্রাম গুৰ ১০০ টকা, প্রতি কিলোগ্রাম দৈ ১৫০ টকা আৰু ক্রীম প্রতি কিলোগ্রামত ৫০০ টকাত বিক্রী হৈছে মহানগৰীৰ বজাৰত৷ বৰা চাউল প্রতি কিলোগ্রামত ৮০ টকা, কোমল চাউল প্রতি কিলোগ্রামত ১০০ টকা আৰু সান্দহ প্রতি কিলোগ্রামত ১০০ টকাকৈ মহানগৰীৰ বজাৰত বিক্রী কৰিছে ৰাজ্যৰ বিভিন্ন প্রান্তৰ ব্যৱসায়ীসকলে৷

ৰঙালী বিহুলৈ মাজত মাথোঁ চাৰি দিন থকাৰ সময়তে মহানগৰীৰ বজাৰত চাহিদা বাঢ়িছে গামোচাৰ৷ পকোৱা সূতাৰ পৰা আৰম্ভ কৰি পাটসূতাৰ গামোচালৈকে বজাৰত উপলব্ধ হৈছে৷ মহানগৰীৰ বজাৰসমূহত ১৫০ টকাৰ পৰা আৰম্ভ কৰি ১,৫০০ টকা পর্যন্ত মূল্যৰ গামোচাৰে ভৰি পৰিছে৷ আর্টফেডৰ অধীনস্থ জাগৰণৰ সমান্তৰালকৈ অসম চৰকাৰৰ বেচা–কিনা নিগম লিমিটেডৰ প্রাগজ্যোতিকাই এইবাৰ ১৫ সহস্রাধিক গামোচা বিক্রীৰ বাবে সাজু কৰিছে৷ মুঠতে ৰাজ্যবাসীয়ে ৰঙালীক আদৰিবলৈ কৰা নাই কোনো কৃপণালি৷

RELATED ARTICLES