peepl-small

স্বাস্থ্যকেন্দ্রই স্বাস্থ্যকেন্দ্রই ভেকচিন ল’বলৈ মানুহৰ লানি নিছিগা ভিৰ

PUBLISHED:

গুৱাহাটী: ৰাজ্যত দৈনিক উদ্বেজনকভাৱে ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ ঘাতক ক’ৰোনাই ইতিমধ্যে ৰাজ্যখনৰ বহুসংখ্যক লোকৰ প্রাণ অকালতে কাঢ়ি নিছে৷ প্রাণঘাতী ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ কালিৰ দিনটোতে ৰাজ্যত ১৪জন লোকৰ মৃত্যু হৈছে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ পৰা লাভ কৰা তথ্য মতে কালিৰ দিনটোত ৰাজ্যত ২,২৩৬জন লোক মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ আনহাতে, কালিৰ দিনটোলৈকে ৰাজ্যত মুঠ ১৪,১৯৪জন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ ইয়াৰ ভিতৰত ৰাজ্যৰ কামৰূপ (মহানগৰ) জিলাত সর্বাধিক লোক এই ভাইৰাছত আক্রান্ত হৈছে৷ প্রাণঘাতী ক’ৰোনাই ৰাজ্যত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰাত স্বাভাৱিকতেই ৰাজ্যবাসী শংকিত হৈ পৰিছে৷

সেয়ে ক’ভিডৰ সংক্রমণৰ পৰা পৰিত্রাণ পাবলৈ আৰু সুস্থ হৈ থাকিবলৈ জনসাধাৰণে ক’ভিড ভেকচিন লোৱাৰ বাবে আগ্রহী হৈ পৰিছে৷ ৰাজ্যৰ প্রতিখন জিলাত ক’ভিডৰ ভেকচিন উপলব্ধ হোৱা হাস্পতাল আৰু স্বাস্থ্য কেন্দ্রসমূহত ভেকচিন ল’বলৈ বহুতে হেতা–ওপৰা লগোৱা দেখা গৈছে৷

ভেকচিন দি থকা নির্দিষ্ট হাস্পতাল আৰু স্বাস্থ্য কেন্দ্রসমূহত মানুহে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে৷ বহু মানুহে আনকি ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা স্বাস্থ্য বিধি উলংঘা কৰি ভেকচিন ল’বলৈ দীঘলীয়া শাৰী পাতিছে৷ বিশেষকৈ সামাজিক দূৰত্ব মানি নচলাকৈ বহু মানুহে হাস্পতাল আৰু স্বাস্থ্য কেন্দ্রসমূহত দীঘলীয়া শাৰী পতাৰ ফলত ইয়াৰ পৰাই ক’ৰোনাত আক্রান্ত লোকৰ পৰা আন লোকৰ দেহলৈ ভাইৰাছ সংক্রমিত হোৱাৰ আশংকা বৃদ্ধি পাইছে৷

উল্লেখ্য যে মহানগৰীৰ উলুবাৰী নগৰীয়া স্বাস্থ্য কেন্দ্রত দেওবাৰে পুৱাই ক’ভিড ভেকচিন ল’বলৈ বহু মানুহে দীঘলীয়া শাৰী পাতে৷ স্বাস্থ্য কেন্দ্রটোত পুৱা ৯ বজাৰ পৰা স্বাস্থ্য কর্মীয়ে ভেকচিন দিয়াৰ ব্যৱস্থা কৰে৷ কিন্তু ৯ বজাৰ আগতে অঞ্চলটোৰ বহুসংখ্যক লোকে আজি স্বাস্থ্য কেন্দ্রটোত ভেকচিন ল’বৰ বাবে ভিৰ কৰে৷ লক্ষণীয়ভাৱে ক’ৰোনা প্রতিৰোধী ভেকচিন ল’বলৈ অহা এইসকল লোকে সামাজিক দূৰত্ব মানি চলিবলৈ কুণ্ঠাবোধ কৰে৷ এনে পৰিস্থিতিত অসচেতনতাই বহুতৰে জীৱনলৈ বিপদ কঢ়িয়াই আনিব পাৰে বুলি আশংকা প্রকাশ কৰিছে অঞ্চলটোৰ বহুকেইজন লোকে৷ তেওঁলোকে কয় যে এই স্বাস্থ্য কেন্দ্রটোত ক’ভিড ভেকচিন দিয়া আৰম্ভ কৰাৰ পিছতে প্রতিদিনে এইদৰে শাৰী পাতি ভেকচিন ল’বলৈ অঞ্চলটোৰ বহুসংখ্যক মানুহে স্বাস্থ্য বিধি উলংঘা কৰিছে৷

উল্লেখ্য যে ক’ভিডে ৰাজ্যত আতংকৰ সৃষ্টি কৰাত ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে মহানগৰীৰ অন্যান্য হাস্পতাল আৰু স্বাস্থ্য কেন্দ্রসমূহতো বহুসংখ্যক মানুহে স্বাস্থ্য বিধি উলংঘা কৰি ভেকচিন ল’বলৈ অনুৰূপ ধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ এক সূত্রই জনোৱা মতে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কামৰূপ (মহানগৰ) জিলাত মুঠ ৩০টা স্থানত ক’ভিড ভেকচিন দি থকা হৈছে৷ সূত্রটোৱে লগতে জনোৱা মতে ক’ভিডে আতংকময় পৰিস্থিতি সৃষ্টি কৰাত মানুহে ভেকচিন ল’বলৈ অন্য হাস্পতাল আৰু কেন্দ্রসমূহতো ভিৰ কৰিছে৷ ক’ভিড ভেকচিন ল’বলৈ জনসাধাৰণ সজাগ হৈছে যদিও একাংশই আকৌ চৰকাৰৰ স্বাস্থ্য বিধি মানি চলাৰ ক্ষেত্রত মুঠেও সচেতন নহয়৷

সূত্রটোৰ মতে কালিৰ দিনটোত কামৰূপ (মহানগৰ) জিলাত ৰাজ্যখনৰ ভিতৰতে সর্বাধিক ৮১৫জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ কামৰূপ (মহানগৰ) জিলাৰ পিছতে ক্রমে কামৰূপ জিলাত ১৯৬, নগাঁৱত ১২৩ আৰু ডিব্রুগড় জিলাত ১১৫জন লোক কালিৰ দিনটোত ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ ইয়াৰ পিছতে খোদ কামৰূপ (মহানগৰ) জিলাত উলুবাৰী স্বাস্থ্য কেন্দ্রৰ উপৰি পাণ্ডু এফ আৰ ইউ, খানাপাৰা ৰাজ্যিক চিকিৎসালয়, কেপিটেল ষ্টেট ডিছপেনছেৰী, লখৰা ষ্টেট ডিছপেনছেৰী, ধীৰেনপাৰা এফ আৰ ইউ আদিত বহু মানুহে ক’ভিড ভেকচিন ল’বলৈ ভিৰ কৰা বুলি জানিব পৰা গৈছে৷ সেইদৰে ৰাজ্যৰ কামৰূপ, মৰিগাঁও, দৰং, বৰপেটা, হোজাই, যোৰহাট আদিকে ধৰি প্রায়কেইখন জিলাত ভেকচিন প্রদান কৰা বহুকেইটা স্থানত আজি বহু মানুহে স্বাস্থ্য বিধি উলংঘা কৰি ভেকচিন ল’বলৈ হেতা–ওপৰা লগোৱা বুলি খবৰ পোৱা গৈছে৷

RELATED ARTICLES