peepl-small

শোণিতপুৰৰ উপায়ুক্ত হিচাপে ভূপেশ চন্দ্ৰ দাসৰ দায়িত্ব গ্ৰহণ

PUBLISHED:

গুৱাহাটীঃ ১৯৯২ চনৰ অসম অসামৰিক সেৱাৰ বিষয়া ভূপেশ চন্দ্ৰ দাসে শুকুৰবাৰে বিদায়ী উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ পৰা শোণিতপুৰ জিলাৰ উপায়ুক্তৰ দায়িত্ব গ্ৰহণ কৰে ৷

ইয়াৰ পূৰ্বে তেওঁ কাছাৰ জিলাৰ উন্নয়ন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷

দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলে নৱনিযুক্ত উপায়ুক্তগৰাকীক উষ্ম আদৰণি জনায় ।

উল্লেখযোগ্য যে দায়িত্বতভাৰ গ্ৰহণ কৰিয়েই দাসে জিলাখনত স্থাপন কৰা বিভিন্ন ক’ভিড কেয়াৰ চেণ্টাৰৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁৰ সৈতে অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ মিপূন আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জে আহমেদ উপস্থিত থাকে ।

RELATED ARTICLES