peepl-small

হেডফোনযোগে তৰুণ গগৈক শুনোৱা হৈছে সুধাকণ্ঠৰ গীত

PUBLISHED:

গুৱাহাটীঃ ৰোগশয্যাত থকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক হেডফোনযোগে শুনোৱা হৈছে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীত, নাম আৰু বৰগীত। জুবিন গাৰ্গৰ পৰামৰ্শ আৰু চিকিৎসকৰ অনুমতি অনুসৰি আজি হেডফোনযোগে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শুনাই থকা হৈছে গীত। এই কথা জনালে প্ৰতিনিয়ত পিতৃৰ কাষত থকা পুত্ৰ গৌৰৱ গগৈয়ে।

জুবিনদাৰ পৰামৰ্শমতে আৰু চিকিৎসকৰ অনুমতি অনুসৰি তেওঁক গোটেই দিনটো হেডফোনযোগে ড০ ভূপেন হাজৰিকাৰ গীত, বৰগীত নাম শুনাই থকা হৈছে। তেওঁক যুৱকালত অনুপ্ৰাণিত কৰা ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ ভাষণো শুনোৱা হৈছে।-এনেদৰে জানিবলৈ দিয়ে গৌৰৱ গগৈয়ে।

RELATED ARTICLES