peepl-small

পঞ্চভূতত বিলীন হ’ল সুকণ্ঠী গায়িকা ভিতালী দাস

PUBLISHED:

গুৱাহাটীঃ যৱনিকা পৰিল এটি সুৰীয়া কণ্ঠৰ। বিহুৰ বতৰতে ক’ভিড আক্ৰান্ত হৈ চিৰ বিদায় ল’লে বিহু গীতৰ চিনাকি মাত ভিতালী দাসে। আজি পঞ্চভূতত বিলীন হ’ল সুকণ্ঠী গায়িকাগৰাকী। কপালত শেষবাৰৰ বাবে সেন্দূৰ আঁকি দি স্বামীয়ে বিদায় দিলে ভিতালীক। অকালতে মাতৃহাৰা হোৱা কন্যাই মুখাগ্নি কৰে ৰাইজৰ মৰমৰ শিল্পীগৰাকীক।

চকুলোৰে গুণমুগ্ধই শেষ বিদায় জনায় কাল কৰোনাই কাঢ়ি নিয়া সুকণ্ঠী গায়িকা ভিতালী দাসক।

১৪ এপ্ৰিলত জজ খেলপথাৰত আছুৰ বিহুত অন্তিমটো গীত গাইছিল ভিতালী দাসে। ১৫ এপ্ৰিলত ক’ভিডত আক্ৰান্ত হৈ কালাপাহাৰৰ ক’ভিড হাস্পতালত ভৰ্তি হৈছিল বিহুগীতৰ জনপ্ৰিয় শিল্পীগৰাকী। কিন্তু বুধবাৰে মৃত্যুৰ ওচৰত হাৰ মানে জানমণি, অঞ্জনাকে ধৰি অসংখ্য এলবামৰ বহু জনপ্ৰিয় গীতত কণ্ঠত নিগৰোৱা শিল্পীগৰাকী।

উল্লেখ্য যে মৃত্যুৰ পূৰ্বে ভিতালী দাসৰ কভিড টেষ্টৰ ৰিজাল্ট নিগেটিভ আহিছিল। 

RELATED ARTICLES