peepl-small

ক’ভিডৰ বিভীষিকা: বেলতলা ব’হাগী উৎসৱ বাতিল

PUBLISHED:

গুৱাহাটী: ক’ৰোন মহামাৰীৰ ভয়াৱহ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি যোৱাবছৰৰ দৰে এইবেলিও বেলতলা ব’হাগী উৎসৱ বাতিল কৰা হৈছে৷ সমগ্র দেশৰ লগতে ৰাজ্যত পুনৰ দ্রুত গতিত ক’ৰোনা মহামাৰীৰ সংক্রমণ বৃদ্ধি পোৱাত ইতিমধ্যে চৰকাৰে জাৰি কৰা এছ’পিক সন্মান জনাই বেলতলা ব’হাগী উৎসৱ আয়োজক সমিতিয়ে এই সিদ্ধান্ত গ্রহণ কৰিছে৷

শনিবাৰে বেলতলাত এখন সংবাদ মেল সম্বোধন কৰি বেলতলা ব’হাগী উৎসৱ আয়োজক সমিতিৰ বিষয়ববীয়াসকলে এই কথা সদৰী কৰে৷ সংবাদ মেলত বেলতলা ব’হাগী উৎসৱৰ সভাপতি ৰাতুল বৰুৱাই কয় যে অহা ২৩, ২৪ আৰু ২৫ এপ্রিলত বেলতলা ব’হাগী উৎসৱ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৰাজ্যবাসীৰ জনস্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি এইবেলি বেলতলা ব’হাগী উৎসৱৰ সকলো কার্যসূচী বাতিল কৰা হৈছে৷ কিয়নো বেলতলা ব’হাগী উৎসৱত প্রতিবছৰে প্রায় ৩০–৪০ হাজাৰ লোকৰ সমাগম হয়৷

ক’ৰোনা মহামাৰীৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা এএছঅ’পিত যিবোৰ নির্দেশনা জাৰি কৰিছে উৎসৱত সমৱেত হ’বলগীয়া ইমানসংখ্যক জনসাধাৰণৰ মাজত এনে নির্দেশনা মানি চলাটো সম্ভৱপৰ নহ’ব৷ তদুপৰি নিশা ১১.৩০ বজাৰ ভিতৰত ব’হাগী উৎসৱ সামৰণি মাৰিব পৰাটো কোনো কাৰণতে সম্ভৱ নহ’ব৷

ইপিনে, বেলতলা ব’হাগী উৎসৱত জনপ্রিয় কণ্ঠশিল্পী জুবিন গার্গ, অংগৰাগ পাপন মহন্ত আৰু শংকুৰাজৰ লগতে কেইবাগৰাকী জনপ্রিয় কণ্ঠশিল্পীয়ে সংগীত পৰিৱেশনৰ কথা আছিল৷ যিসমূহ সংগীতানুষ্ঠানত হাজাৰ হাজাৰ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে৷ গতিকে হাজাৰ হাজাৰ লোকৰ মাজত চৰকাৰৰ এছঅ’পি মানি অনুষ্ঠান পৰিৱেশন কৰা সম্ভৱ নহয়৷ সেয়েহে এইবেলি জনস্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি বেলতলা ব’হাগী উৎসৱ বাতিল কৰা বুলি তেওঁ সংবাদ মেলত সদৰী কৰে৷

সংবাদ মেলত বেলতলা ব’হাগী উৎসৱৰ সম্পাদক সঞ্জয় গোস্বামীয়ে শিল্পীসকলৰ সাহাযার্থে আয়োজক সমিতিসমূহৰ এখন উমৈহতীয়া মঞ্চৰ পোষকতা কৰে৷ উল্লেখ্য যে আজিৰ সংবাদ মেলত বেলতলা ব’হাগী উৎসৱৰ অন্যান্য বিষয়ববীয়াৰ লগতে প্রচাৰ সম্পাদক চন্দন কুমাৰ শইকীয়া উপস্থিত থাকে৷

RELATED ARTICLES