peepl-small

১ ফেব্রুৱাৰীৰ পৰা ‘ৰং’ত নতুন ধাৰাবাহিক ‘বৰষা যেতিয়া নামে’

PUBLISHED:

গুৱাহাটী: এজনী অনাথ ছোৱালীৰ জীৱন পৰিক্রমা… য’ত তাই লাভ কৰে এটা সুন্দৰ পৰিয়াল, জীৱনলৈ আহে মৰম, স্নেহ, প্রেম৷ কিন্তু সময়ে এদিন এই সকলোবোৰেই তাইৰ ওচৰৰ পৰা কাঢ়ি লৈ যায়…৷ এনে এক মনোমোহা কাহিনীৰ ভিত্তিত অচিৰেই জনপ্রিয় ‘ৰং’ চেনেলত সম্প্রচাৰিত হ’ব এখন ধাৰাবাহিক৷

অহা পহিলা ফেব্রুৱাৰীৰ পৰা সন্ধিয়া ৬.৩০ আৰু নিশা ৯.৩০ বজাত ‘ৰং’ত সম্প্রচাৰিত হ’বলগীয়া এই নতুন ধাৰাবাহিকখন হ’ল ‘বৰষা যেতিয়া নামে’৷ সুখ–দুখ, হাঁহি–কান্দোন, ৰহস্য–ৰোমাঞ্চৰ সকলো উপজীব্য উপাদানেৰে সমৃদ্ধ, জনপ্রিয় চিত্রনাট্যকাৰ নয়ন সাউদৰ কাহিনীৰ আধাৰত নির্মিত এই ধাৰাবাহিকখনৰ মুখ্য চৰিত্র দুটিত অভিনয় কৰিছে ক্রমে ইতিমধ্যে বহুকেইখন ধাৰাবাহিকত অভিনয় কৰি দর্শকৰ মনত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অভিনেতা ঋষভ শর্মা আৰু অভিনেত্রী মধুস্মিতা দিহিঙীয়াই৷

‘বৰষা যেতিয়া নামে’ ধাৰাবাহিকখনৰ মুখ্য পৰিচালক হিচাপে দায়িত্ব পালন কৰিছে কুমাৰ চন্দ্র নাৰায়ণ দেৱ (মন)–এ৷ ধাৰাবাহিকখনৰ চিত্রনাট্য আৰু সংলাপ ক্রমে নয়ন সাউদ আৰু জাহ্ণৱী মজুমদাৰৰ৷ কামৰূপা ক্রিয়েচনৰ বেনাৰত নির্মাণ হৈ থকা ধাৰাবাহিকখনৰ চিত্রগ্রহণ কৰিছে ‘দুটি মনৰ জোনাক’ৰ জৰিয়তে জনপ্রিয় হৈ পৰা পাপু ডেকাই আৰু তেওঁৰ লগত আছে ক্রমে বিশ্বজিৎ চাংমাই আৰু অৰিন্দম৷

ধাৰাবাহিকখনৰ অন্যান্য কেইবাটাও গুৰুত্বপূর্ণ চৰিত্রত অভিনয় কৰিছে ক্রমে প্রদীপ নিশিথ, মিণ্টু বৰুৱা, নৱদ্বীপ বৰগোহাঁই, জ্যোতি নাৰায়ণ নাথ, মালা গোস্বামী, ধৰিত্রী কলিতা (জুমি) আদিয়ে৷ ‘বৰষা যেতিয়া নামে’ৰ মুখ্য সহকাৰী পৰিচালকৰ দায়িত্বত আছে কণিকা দাস, সহকাৰী পৰিচালকদ্বয় হ’ল ধীৰাজ মজুমদাৰ (বাণু) আৰু সৌৰভ চহৰীয়া৷

আৱহ সংগীত পৰাগ প্রিয়ম নাথৰ, সম্পাদনা শ্যামল দাস, পুনঃ শব্দগ্রহণ বিকাশজ্যোতি কলিতাৰ৷ উল্লেখ্য যে কামৰূপ ক্রিয়েচনৰ বেনাৰত ‘ৰং’ চেনেলত পহিলা ফেব্রুৱাৰীৰ পৰা সম্প্রচাৰ হ’বলগীয়া পৰিয়ালৰ সকলোৰে উপভোগ্য ‘বৰষা যেতিয়া নামে’ ধাৰাবাহিকখনৰ প্রযোজনাৰ দায়িত্বত আছে ভৰত কলিতা আৰু সহকাৰী প্রযোজক ৰীণা কলিতা৷

উল্লেখ্য যে যুৱ পৰিচালক কুমাৰ চন্দ্র নাৰায়ণ দেৱৰ প্রথম প্রচেষ্টাৰ এই ধাৰাবাহিকখনে এক নতুনত্বৰ সোৱাদ দিব বুলি আশা কৰা হৈছে৷

RELATED ARTICLES