peepl-small

প্রেমিকাৰ প্রতাৰণা, নগাঁৱত বেংক বিষয়াৰ আত্মহত্যা

PUBLISHED:

গুৱাহাটীঃ এজন বেংক বিষয়াৰ আত্মহত্যাক কেন্দ্র কৰি নগাঁও চহৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বিচ্ছেদৰ বিৰহ সহ্য কৰিব নোৱাৰি আত্মহননৰ পথ বাছি লোৱা এই বেংক
বিষয়াজনৰ নাম খুন্দৰাকপম জয় কুমাৰ সিং (২৯)৷ তেওঁৰ ঘৰ মণিপুৰত৷ সিঙে ভাৰতীয় ষ্টেট বেংকৰ নগাঁৱৰ খুটিকটীয়া শাখাত প্রবেচনাৰী বিষয়া হিচাপে যোৱা এবছৰ ধৰি অতি দক্ষতাৰে কার্যনির্বাহ কৰি আছিল৷

বেংক বিষয়া খুন্দৰাকপম জয় কুমাৰ সিঙৰ মৃতদেহ পৰহি নিশা নগাঁও চহৰৰ খুটিকটীয়াৰ ভাৰাঘৰতে এখন কাপোৰেৰে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়৷ নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷

বেংক বিষয়াগৰাকীৰ মৃত্যুৰ প্রকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই যদিও প্রেমত বিফল হোৱাৰ বাবেই আত্মহত্যা কৰাৰ সন্দেহ কৰিছে বেংক কর্তৃপক্ষই৷ কিছুদিন পূর্বে বেংক বিষয়াগৰাকীয়ে তেওঁ প্রেম প্রতাৰণাৰ বলি হোৱাৰ কথা ভাৰতীয় ষ্টেট বেংকৰ নগাঁও মাণ্ডলিক কার্যালয়ৰ প্রবন্ধকৰ আগত প্রকাশ কৰিছিল৷ কালি প্রবন্ধকগৰাকীয়ে সাংবাদিকৰ আগত এই কথা সদৰী কৰিছে৷

RELATED ARTICLES