peepl-small

হয় বিহু বাতিল কৰক নহয় ‘এছ অ’ পি’ শিথিল কৰক

PUBLISHED:

গুৱাহাটীঃ চৰকাৰে হয় এছ অ’ পি বিধি উঠাই লওক নহ’লে বিহু বন্ধ কৰক৷ –এই দাবীৰে আজি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনৰ সমন্বয়ৰক্ষী সমিতি৷ গুৱাহাটীৰ লতাশিল খেলপথাৰত চৰকাৰে জাৰি কৰা এছ অ’ পিৰ বিৰোধিতা কৰি সমন্বয়ৰক্ষী সমিতিৰ প্রতিনিধিসকলে আজি ধর্ণা কার্যসূচী গ্রহণ কৰে৷ এই কার্যসূচীৰ জৰিয়তে সমিতিৰ প্রতিনিধিসকলে বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনৰ সমন্বয়ৰক্ষী সমিতি জিন্দাবাদ, অসম চৰকাৰ হায় হায়, হয় এছ অ’ পি সলনি কৰক নহ’লে বিহু বন্ধ কৰক আদি শ্লোগান দি প্রতিবাদ সাব্যস্ত কৰে৷ ধর্ণাস্থলীত সমিতিৰ উপদেষ্টা কৈলাস শর্মাই কয়– ‘চৰকাৰে হয় এছ অ’ পি শিথিল কৰক, বাতিল কৰক অন্যথা নতুনকৈ এছ অ’ পি তৈয়াৰ কৰক৷ আমি এতিয়া ক’ভিড টেষ্ট কৰিম নে পেণ্ডেলৰ কাম কৰিম নে শিল্পীসকলৰ সৈতে যোগাযোগ কৰিম৷ যিহেতু আমাৰ ইয়াত নৈশ সান্ধ্য আইন দিয়া নাই, গতিকে এনে এছ অ’ পিৰ প্রয়োজন নাই৷ বিগত বছৰতো শিল্পীসকলৰ যথেষ্ট ক্ষতি হৈছে৷ শিল্পীসকলৰ কার্যসূচী বাতিল হ’লে তেওঁলোকৰ লগতে তেওঁলোকৰ সৈতে জডিত সহযোগীসকলৰো যথেষ্ট লোকচান হ’ব৷ তদুপৰি বিহু কমিটীসমূহৰো বিত্তীয় অৱস্থা ভাল নহয়৷ চৰকাৰে নিজে বিহুৰ মঞ্চ তথা খেলপথাৰ ছেনিটাইজ কৰা উচিত৷ চৰকাৰে বিহু কমিটীসমূহক কিছু সকাহ দিয়া উচিত৷ লগতে কেন্দ্রীয় চৰকাৰৰ চাকৰিয়ালৰ বিহুৰ বন্ধ প্রত্যাহাৰ কৰা কার্যক আমি গৰিহণা দিছোঁ৷’

সমিতিৰ সভাপতি প্রণৱজ্যোতি গোস্বামীয়ে কয়– ‘চৰকাৰক এছ অ’ পি সলনি কৰিবলৈ আমি দাবী জনালোঁ৷ নির্বাচনৰ সময়ত কোনো ধৰণৰ ক’ভিড প্রট’কল নাছিল৷ এতিয়া জাতীয় উৎসৱৰ সময়ত ক’ৰ পৰা ক’ভিড প্রট’কল আহি পালে৷ চৰকাৰে বিহু আয়োজন কৰা প্রতিখন খেলপথাৰ ছেনিটাইজ কৰক৷ প্রশাসনৰ দায়িত্ব আমি কেনেকৈ পালন কৰিম৷ চৰকাৰী এজেন্সীবোৰে ছেনিটাইজৰ ব্যৱস্থা কৰক৷লাখটকীয়া শিল্পীক কোটিপতি হ’বলৈ আমি বিহুৰ আয়োজন নকৰোঁ৷ যিয়ে প্রকৃতার্থত সংস্কৃতি চর্চা কৰে, তেওঁলোকক লৈ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰোঁ৷ চৰকাৰী এই হঠকাৰী সিদ্ধান্তৰ আমি বিৰোধিতা কৰোঁ৷ সেয়ে হয় এছ অ’ পি শিথিল কৰক নহ’লে বিহু পাতিব নোৱাৰে বুলি চৰকাৰে ঘোষণা কৰক৷ সেয়ে ২৪ ঘণ্টাৰ ভিতৰত এই বিষয়ত চৰকাৰক সিদ্ধান্ত ল’বলৈ আমি দাবী জনালোঁ৷’ সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক প্রিন্স ফাইজুল হকে কয়– ‘আমাৰ ৮০ শতাংশ কাম সম্পূর্ণ হৈ উঠাৰ পাছত চৰকাৰে যি এছ অ’ পি বিধি আমাৰ ওপৰত জাপি দিলে, সেয়া পালন কৰা আমাৰ পক্ষে সম্ভৱ নহয়৷ গতিকে আমি চৰকাৰক এই বিষয়ত উচিত সিদ্ধান্ত ল’বলৈ দাবী জনালোঁ৷’ এই কার্যসূচীৰ জৰিয়তে অসম জাতীয় পৰিষদৰ পূব গুৱাহাটী সমষ্টিৰ প্রার্থী অদীপ কুমাৰ ফুকনে কয়– ‘জাতীয় উৎসৱৰ ওপৰত চৰকাৰী হস্তক্ষেপ গ্রহণযোগ্য নহয়৷ জাতীয় উৎসৱত চৰকাৰে সহযোগ কৰিব লাগে৷’ এই ধর্ণাস্থলীত বলেন ভৰালী, অৰূপজ্যোতি চৌধুৰী আদি সমিতিৰ বিষয়ববীয়াসকলকে ধৰি ২৮টা সংগঠনৰ প্রতিনিধি উপস্থিত থাকে৷

RELATED ARTICLES