peepl-small

২০৩০ চনৰ পাছত অচল বিএড ডিগ্রী, দুবছৰৰ ভিতৰত নাথাকিব ডিএলএড

PUBLISHED:

চলিত বিত্তীয় বর্ষৰ বাজেটত শিক্ষা শিতানৰ পাতে পাতে নতুন শিক্ষা নীতি প্রতিফলিত হৈছে৷ এই নতুন শিক্ষা নীতি আমি ২৫ বছৰৰ পাছত পাইছোঁ৷ ইয়াৰ সম্পূর্ণ ৰূপায়ণ কৰোঁতে সময় লাগিব৷ কিন্তু আমাৰ চৰকাৰে ইতিমধ্যে অসমত নতুন শিক্ষা নীতি ৰূপায়ণ আৰম্ভ কৰি দিছে৷ –এই মন্তব্য শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ৷ শিক্ষা বিভাগৰ ২৬ আৰু ৭১নং দাবী মঞ্জুৰীৰ বিপৰীতে বিৰোধীয়ে উত্থাপন কৰা কর্তন প্রস্তাৱৰ উত্তৰ দি শিক্ষামন্ত্রী ডাঃ পেগুৱে আজি সদনৰ মজিয়াত বিভাগটোৱে গ্রহণ কৰা গুৰুত্বপূর্ণ পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে৷ বাজেটত ৫খন বিশ্ববিদ্যালয়ক ৫০ কোটি টকাকৈ আবণ্টন দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে মহিলা বিশ্ববিদ্যালয়ক গতি দিয়াৰ বাবে পদক্ষেপ লোৱা হৈছে৷ ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয় কোনোকালে কোনো গতি নল’লে৷

কিন্তু আমি শিক্ষা বিভাগৰ অধীনলৈ আনি এই বিশ্ববিদ্যালয়খনক গতি দিয়াৰ ব্যৱস্থা কৰিছোঁ৷ ৫০০খন বিদ্যালয়ত উৎকর্ষতাৰ কেন্দ্র আৰু ২৬খন পলিটেকনিক ঘোষণা কৰা হৈছে৷ এইবোৰ কোন নীতিৰ আধাৰত হৈছে বুলি ক’লে নতুন শিক্ষা নীতিৰ আধাৰতে হোৱাৰ কথা ক’ব লাগিব৷ আমি নতুন শিক্ষা নীতি ৰূপায়ণ আৰম্ভ কৰি দিছোঁ৷ কর্তন প্রস্তাৱৰ সপক্ষত বক্তব্য আগবঢ়াই কেইবাজনো বিৰোধী বিধায়কে শিক্ষকৰ পদ প্রাদেশিকীকৰণ কৰা সন্দর্ভত তোলা প্রশ্ণ সম্পর্কতো তেওঁ গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়৷

এই সম্পর্কত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে শিক্ষা সম্পর্কে আলোচনা হ’লে সেয়া শিক্ষকৰ চাকৰিকেন্দ্রিকহে হয়৷ পূর্বৰে পৰা শিক্ষা ব্যৱস্থাত এনে এটা পয়া লগা ব্যৱস্থা গঢ়ি উঠিল, শিক্ষক–শিক্ষয়িত্রীৰ বিষয়টোৱেহে আগস্থান লাভ কৰে৷ শিক্ষা আৰু ছাত্র–ছাত্রীৰ সমস্যাক গুৰুত্ব দিব পৰা নাই৷ এয়া দুর্ভাগ্যজনক৷ ২০০৯ চনত শিক্ষাৰ অধিকাৰ আইন গৃহীত হৈছিল৷ ২০১৭ চনত প্রাদেশিকীকৰণ আইন গৃহীত হোৱাৰ পাছত ২০১৮ চনত ইয়াৰ সংশোধনী হয়৷ শিক্ষাৰ অধিকাৰ আইন আৰু প্রাদেশিকীকৰণ আইন একেলগে পঢ়িলেহে ইয়াৰ গুৰুত্ব বুজিব পাৰি৷ তথ্যপাতি আৰু গাইড লাইন নোহোৱাকৈ প্রাদেশিকীকৰণ সম্ভৱ নহয়৷ প্রাদেশিকীকৰণৰ বাবে গাইড লাইন, নীতি–নিয়ম ঠিক কৰি ল’ব লাগিব৷ তথ্য নাথাকিলে আমি প্রাদেশিকীকৰণ কৰিব নোৱাৰোঁ৷ শিক্ষানুষ্ঠান সম্পর্কীয় এনে প্রয়োজনীয় তথ্য আমি কেন্দ্রীয় মানৱ সম্পদ মন্ত্রালয়ৰ অধীনস্থ ইউডাইছত উপলব্ধ৷ শিক্ষক–শিক্ষয়িত্রীস ২০১০ চনৰ ১ ডিচেম্বৰৰ পূর্বে নিযুক্তি পোৱা হ’ব লাগে৷ প্রাদেশিকীকৰণ আইনখন যথেষ্ট শিথিল৷ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক–শিক্ষয়িত্রীস উপকৃত কৰিব পৰাকৈ বহু মহানুভৱতাৰে এই আইনখন প্রস্তুত কৰা হৈছে৷ প্রাদেশিকীকৰণৰ ক্ষেত্রত একোখন প্রাথমিক বিদ্যালয়ত ছাত্র–ছাত্রী আৰু শিক্ষক–শিক্ষয়িত্রীৰ নূ্যনতম সংখ্যা ক্রমে ৩০ আৰু দুজন হ’ব লাগিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ অৱশ্যে শিক্ষার্থীৰ সংখ্যা অধিক হ’লে শিক্ষক–শিক্ষয়িত্রীৰ সংখ্যাও বেছি হ’ব পাৰিব বুলি তেওঁ উল্লেখ কৰে৷

শিক্ষামন্ত্রী ডাঃ পেগুৰ মতে, প্রাদেশিকীকৰণত এই সমস্যাটো সমাধান কৰিবলৈ এখন আইন আৰু এটা আহিলাৰ প্রয়োজন৷ সেই আহিলাটোৱে হ’ল প্রাদেশিকীকৰণ আইন ২০১৭৷ ‘টিউটৰ’ৰ প্রসংগত তেওঁ কয় যে প্রাদেশিকীকৰণ আইন মতে শিক্ষকসকল প্রশিক্ষিত হ’ব লাগিব৷ অর্থাৎ তেওঁলোক টেট উত্তীর্ণ আৰু বি–এড বা ডি এল এড উত্তীর্ণ হ’ব লাগিব৷ কিন্তু প্রাক্তন শিক্ষামন্ত্রী তথা বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টিউটৰ শব্দটো উলিয়াই এনেধৰণৰ অর্হতা নথকা শিক্ষক–শিক্ষয়িত্রীস পদ প্রাদেশিকীকৰণৰ ব্যৱস্থা গ্রহণ কৰিছে৷ পিছে নতুন শিক্ষক নিযুক্তিত আমি ‘টিউটৰ’ শব্দটো ব্যৱহাৰ কৰিব নোৱাৰোঁ৷ প্রয়োজনীয় অর্হতা সম্পূর্ণ কৰিব পাৰিলে ‘টিউটৰ’সকলো শিক্ষক হ’ব পাৰিব বুলি স্পষ্ট কৰি দি তেওঁ কয় যে আইনৰ আওতাত থকা তথা ইয়াৰ চর্তসমূহ পূৰণ কৰা কোনো শিক্ষানুষ্ঠানে যদি ‘ক্লাৰিকেল মিছটেক’ৰ বাবে বঞ্চিত হৈছে, তেন্তে নিশ্চিতভাৱে শুধৰণি কৰা হ’ব৷ কিন্তু আইনখনৰ দফা বিধানসভাত সংশোধন নকৰালৈকে ইয়াত শিথিলতা অনাৰ অধিকাৰ মোৰ হাতত নাই৷ নতুন শিক্ষা নীতিৰ আধাৰত বর্তমানৰ বি–এড ডিগ্রী ২০৩০ চনৰ পাছত অচল হৈ পৰিব বুলি তেওঁ উল্লেখ কৰে৷

শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে আহি থকা দিনবোৰত কিছু পৰিৱর্তন হ’বলৈ গৈ আছে৷ ২০৩০ চনৰ পাছত বর্তমানৰ বি–এড ডিগ্রী কামত নাহিব৷ তাৰ ঠাইত ইণ্টিগ্রেটেড বি–এড ডিগ্রীৰ প্রয়োজন হ’ব৷ অর্থাৎ বিএ–বি–এড বা বিএছচি–বি–এড বা বিকম–বি–এড চাৰিবছৰীয়া এক পাঠ্যক্রম উত্তীর্ণ হ’ব লাগিব৷ সেইদৰে দুবছৰৰ ভিতৰত ডিএলএড ডিপ্লমাও উঠি যাব৷ আমি ইতিমধ্যে ৭১খন মহাবিদ্যালয়ত ইণ্টিগ্রেটেড বি–এড পাঠ্যক্রম প্রৱর্তনৰ বাবে অনুমোদন জনাইছোঁ৷ ইয়াৰে তিনিখন মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীত হ’ল৷ সেয়েহে এতিয়া ৬৮খন মহাবিদ্যালয়ত ইণ্টগ্রেটেড বি–এড পাঠ্যক্রম প্রৱর্তনৰ অনুমোদন জনোৱা হৈছে৷ বহু ক্ষেত্রত ৰাষ্ট্রীয় পর্যায়ৰ সূচাংকতকৈ অসম পিছপৰি থকাৰ অন্যতম মূল কাৰণ প্রশিক্ষিত শিক্ষকৰ অভাৱ বুলি তেওঁ এক তাৎপর্যপূর্ণ মন্তব্য কৰে৷

শিক্ষামন্ত্রী ডাঃ পেগুৱে সদৰী কৰা অনুসৰি অসমৰ মাধ্যমিক পর্যায়ত ৩৮ শতাংশ শিক্ষকহে প্রশিক্ষিত৷ বাকী ৬৮ শতাংশই প্রশিক্ষিত নহয়৷ অর্থাৎ তেওঁলোকৰ বি–এড ডিগ্রী নাই৷ ইয়াৰ প্রতি লক্ষ্য ৰাখি শেহতীয়া নতুন দিল্লী ভ্রমণকালত কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানক সাক্ষাৎ কৰি এইসকল অপ্রশিক্ষিত শিক্ষকক মুকলি বিশ্ববিদ্যালয়ৰ জৰিয়তে অনলাইনযোগে বি–এড পাঠ্যক্রম অধ্যয়নৰ সুযোগ দিয়াৰ বাবে অনুৰোধ জনোৱা কথাও তেওঁ সদৰী কৰে৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে পুনৰ কয় যে বর্তমান ১৫খন ডায়েটত বি–এড পাঠ্যক্রম আছে৷ আমি আটাইকেইখন ডায়েটতে বি–এড আৰু ভৱিষ্যতে ইণ্টিগ্রেটেড বি–এড পাঠ্যক্রম আৰম্ভ কৰাৰ ব্যৱস্থা কৰিছোঁ৷ তদুপৰি এই ডায়েটসমূহত অনলাইন শিক্ষাৰ বাবে ইণ্টাৰনেট সংযোগৰ পদক্ষেপো গ্রহণ কৰা হৈছে৷ ‘শিক্ষকবিহীন’ আৰু ‘এজনীয়া শিক্ষক’ বিদ্যালয় সন্দর্ভত বিৰোধীয়ে উত্থাপন কৰা প্রশ্ণ তেওঁ কার্যতঃ নস্যাৎ কৰে৷ এই সম্পর্কত তেওঁ কয় যে শিক্ষক নোহোৱাকৈ কোনো বিদ্যালয় থাকিব নোৱাৰে৷

বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শিক্ষামন্ত্রী হৈ থাকোঁতে যোৱা বছৰ এটা নির্দেশনা জাৰি কৰিছিল৷ এই নির্দেশনা অনুসৰি নূ্যনতম দুজন শিক্ষক নাথাকিলে তাত সর্বশিক্ষা অভিযানৰ তৰফৰ পৰা ঠিকাভিত্তিক শিক্ষক নিয়োগ কৰা হয়৷ সাধাৰণতে অনুমোদিত দুজন শিক্ষকৰ পদেই খালী থাকিলে চৰকাৰীভাৱে সেই বিদ্যালয়খন ‘শিক্ষকবিহীন’ হিচাপে চিহ্ণিত কৰা হয়৷ কিন্তু তাত সর্বশিক্ষা অভিযানৰ ঠিকাভিত্তিক শিক্ষক থাকে৷ একাংশ বিদ্যালয়ত ছাত্র–ছাত্রী অনুপাতে শিক্ষকৰ সংখ্যা অধিক থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে অত্যধিক বা প্রয়োজনতকৈ বেছি শিক্ষক থকা বহু বিদ্যালয় আছে৷ ইয়াৰ প্রতি লক্ষ্য ৰাখি আমি ‘ৰেচনেলাইজ’ কৰাৰ ব্যৱস্থা গ্রহণ কৰিছোঁ৷ এতিয়াৰে পৰা অনলাইন প’র্টেলযোগে শিক্ষকৰ বদলি কৰা হ’ব৷ কোনো মন্ত্রী, বিধায়ক বা বিষয়াই ইচ্ছা অনুসৰি শিক্ষকৰ বদলি কৰিব নোৱাৰিব৷ এক–ডেৰ মাহৰ ভিতৰত আমি এই অনলাইন প’র্টেলটো মুকলি কৰাৰ ব্যৱস্থা গ্রহণ কৰিম৷ ইয়াৰ জৰিয়তে ছাত্র–ছাত্রী আৰু শিক্ষকৰ অনুপাতত ভাৰসাম্য ৰক্ষাৰ চেষ্টাও কৰা হ’ব৷ বিদ্যালয় একত্রীকৰণৰ বিষয়টোও নিজ ভাষ্যত উল্লেখ কৰে শিক্ষামন্ত্রী ডাঃ পেগুৱে৷

বিগত চৰকাৰৰ কার্যকালত ‘শিক্ষাক্ষেত্র’ শীর্ষক আঁচনিৰ জৰিয়তে শিক্ষাৰ অধিকাৰ আইনৰ আধাৰত প্রায় ৬ হাজাৰ শিক্ষানুষ্ঠান একত্রীকৰণ কৰা বুলি মন্তব্য কৰি তেওঁ কয় যে এতিয়া অকল এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ–দ্বাদশ শ্রেণী নাথাকিব৷ তাত স্নাতকোত্তৰ শিক্ষকসকলে মাত্র দুটা শ্রেণীতেই পাঠদান কৰে৷ সেয়েহে আমি তেনেধৰণৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে একত্রীকৰণ কৰিম৷ তেতিয়া স্নাতকোত্তৰ শিক্ষকসকলে নৱমৰ পৰা দ্বাদশ শ্রেণীলৈ পাঠদান কৰিব লাগিব৷ একেদৰে উচ্চ প্রাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় একত্রীকৰণ কৰাৰো ব্যৱস্থা গ্রহণ কৰা হ’ব৷ আমি য’ত সুবিধা আছে আৰু পৰিৱেশ অনুসৰি প্রথমৰ পৰা দ্বাদশ শ্রেণীলৈ একোখন সংহত শিক্ষানুষ্ঠান বনাব বিচাৰিছোঁ৷ তদুপৰি প্রায় ২১ হাজাৰ বিদ্যালয়ত প্রাক্ প্রাথমিক শিক্ষা আৰম্ভ কৰাৰ পৰিকল্পনা গ্রহণ কৰাৰ কথাও তেওঁ সদৰী কৰে৷ জনগোষ্ঠীয় সাহিত্য সভাসমূহৰে এছ চি আৰ টিৰ বৈঠকত ভাষাৰ মাধ্যমক লৈ নহয়, প্রাক্ প্রাথমিক শিক্ষাৰ বিষয়তহে আলোচনা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে মিচিং, ৰাভা আৰু কার্বি ভাষাক সুবিধা অনুসৰি শিক্ষাৰ মাধ্যম কৰাৰ বাবে চৰকাৰ প্রস্তুত৷

ইফালে ৰাজ্য চৰকাৰে বিশেষ উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে লোৱা সিদ্ধান্তক উচ্চতম ন্যায়ালয়ে মান্যতা দিয়া বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্রী পেগুৱে৷ এই সম্পর্কত তেওঁ কয় যে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল বিকল্প মূল্যায়ন পদ্ধতিৰে দিব ওলাওতেই আমি এটা ব্যৱস্থা ৰাখিছিলোঁ৷ য’ত কোৱা হৈছিল– টেটত অৱতীর্ণ বা চাকৰিৰ বাবে আবেদন কৰিব বিচৰাসকলৰ বাবে বিশেষ উচ্চতৰ মাধ্যমিক বা তাৰ সমপর্যায়ৰ পৰীক্ষা পতা হ’ব৷ কিন্তু বহুতে আপত্তি কৰিলে৷ আমি এই সন্দর্ভত আছু, এবছু আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ লগত আলোচনা কৰিছিলোঁ৷ তাৰ পিছতো আমি এটা ব্যৱস্থা ৰাখিলোঁ– অদূৰ ভৱিষ্যতে ৰাজ্য চৰকাৰে যদি অনুভৱ কৰে বা প্রয়োজন হয় তেন্তে এটা সমপর্যায়ৰ পৰীক্ষা হ’ব৷ এই পৰীক্ষা সম্পর্কত উত্তৰ প্রদেশৰ এটা সংগঠনে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল৷ অসমৰ বিষয়টোকো সাঙুৰি প্রত্যাহ্বান জনোৱা হৈছিল৷ কিন্তু কালি শুনানীৰ অন্তত অসম চৰকাৰৰ সিদ্ধান্তক উচ্চতম ন্যায়ালয়ে ভূয়সী প্রশংসা কৰিছে৷ উচ্চতম ন্যায়ালয়ে কৈছে যে কিয় বিশেষ পৰীক্ষা নাপাতিব৷ কাৰণ পূর্বে উত্তীর্ণ হৈ চাকৰি পোৱা আৰু পৰীক্ষা নপতাকৈ উত্তীর্ণ হোৱাসকলক একেখন তুলাচনী জুখিব নোৱাৰি৷ উল্লেখ্য যে আজিৰ কর্তন প্রস্তাৱক লৈ শিক্ষামন্ত্রী ডাঃ পেগুৰ পূর্বে বিধায়ক ভৰত চন্দ্র নৰহ, ৰফিকুল ইছলাম, মৃণাল শইকীয়া, অখিল গগৈ, ৰমেন্দ্র নাৰায়ণ কলিতা, ড০ অমিয় কুমাৰ ভূঞা, দিগন্ত বর্মন, দুর্গাদাস বড়ো, মনোৰঞ্জন তালুকদাৰ, দ্বীপায়ন চক্রৱর্তী, শ্বেৰমান আলী আহমেদ, ড০ পৰমানন্দ ৰাজবংশী, ভুবন পেগু, ধর্মেশ্বৰ কোঁৱৰ, ছিদ্দিক আহমেদ, গণেশ লিম্বু আদিয়ে সদনত বক্তব্য আগবঢ়ায়৷

RELATED ARTICLES