peepl-small

অসমৰ কমাৰগাঁৱত সৰি পৰা উল্কাপিণ্ডত নিহিত হৈ আছে পৃথিৱী সৃষ্টিৰ ৰহস্য

PUBLISHED:

গুৱাহাটী: ৰহস্যময় বিশ্বব্রহ্মাণ্ড, ৰহস্যময় আমি বাস কৰা গ্রহ পৃথিৱী৷ জীৱশ্রেষ্ঠ মানৱে বাস কৰা গ্রহটোৰ সৃষ্টি–গঠনৰ ৰহস্য উদ্ঘাটনৰ বাবে অহোপুৰুষার্থ কৰি আহিছে৷ সৌৰজগতৰ এটা গ্রহ পৃথিৱীৰ সৃষ্টি–গঠনৰ ৰহস্যৰ নতুন নতুন উদ্ঘাটন কৰি আহিছে যদিও এতিয়ালৈকে এই পৃথিৱীৰ সৃষ্টিক লৈ চূড়ান্ত মতত গৱেষক–বিজ্ঞানীসক উপনীত হ’ব পৰা নাই৷ বিশ্বব্রহ্মাণ্ডৰ ৰহস্যৰ সমান্তৰালকৈ পৃথিৱী সৃষ্টিৰ ৰহস্য উদ্ঘাটনৰ বাবে গৱেষক–বিজ্ঞানীয়ে অধ্যয়ন–গৱেষণা চলাই আহিছে৷ পৃথিৱী সৃষ্টিৰ ৰহস্যক লৈ এইবাৰ গৱেষণাত স্থান পাইছে অসম৷ ভাৰতৰ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অসম পৃথিৱী সৃষ্টিৰ ৰহস্যৰ ধাৰণাত সাঙোৰ খাই পৰিছে৷ দেশৰ প্রখ্যাত শৈক্ষিক আৰু গৱেষণা প্রতিষ্ঠান ভাৰতীয় প্রযুক্তি বিদ্যা প্রতিষ্ঠান, চমুকৈ আই আই টি, খড়গপুৰৰ শিক্ষার্থী আৰু গৱেষকৰ এটা দলে অসমৰ এখন গাঁও কমাৰগাঁৱত আকাশৰ পৰা খহি পৰা উল্কাপিণ্ডক লৈ চলোৱা গৱেষণাত পৃথিৱী সৃষ্টিৰ ৰহস্য নিহিত হৈ থাকিব পাৰে বুলি মত প্রকাশ কৰিছে৷

জি’ফিজিকেল ৰিছার্চ লেটার্ছত প্রকাশিত আই আই টি, খড়গপুৰৰ গৱেষণাৰ প্রতিবেদনত প্রকাশ পোৱা মতে, ২০১৫ চনৰ ১৩ নৱেম্বৰত অসমৰ কমাৰগাঁৱত আকাশৰ পৰা খহি পৰিছিল এটা উল্কাপিণ্ড৷ এই আশ্চর্য উল্কাপিণ্ডটোক পুংখানুপুংখ ৰূপে অধ্যয়ন আৰু গৱেষণা চলোৱাত পৃথিৱীৰ পৃষ্ঠ গঠনৰ ধাৰণা এটা ধৰা পেলাইছে৷ অসমত খহি পৰা উল্কাপিণ্ডটো যি খনিজ পদার্থৰ দ্বাৰা গঠিত, সেই একেই খনিজ পদার্থ থকা পৃথিৱীৰ মেণ্টল (আচ্ছাদন) গঠিত৷ এই উল্কাপিণ্ডটো গঠন হোৱা খনিজ পদার্থটো হৈছে‘অলিভিন’৷ এই অলিভিন হৈছে শিল সৃষ্টি কৰা খনিজ পদার্থ৷

ক’লাবৰণীয়া এই খনিজ পদার্থটো আন খনিজৰ তুলনাত অতি উচ্চ তাপমাত্রাইহে গলাব পাৰি৷ উল্কাপিণ্ডটো গঠন হোৱা সংমিশ্রণৰ ভিতৰত প্রথমবাৰৰ গৱেষকসকলে অলিভিন খনিজ পদার্থ লাভ কৰিছে৷ এই অলিভিন অতি উচ্চ তাপমাত্রা আৰু উচ্চ চাপৰ জৰিয়তে গলাব পাৰি৷ এই খনিজ পদার্থটো পৃথিৱীৰ পৃষ্ঠ গঠনৰ বাবে অতি গুৰুত্বপূর্ণ৷ গৱেষকৰ দলটোৰ অন্যতম ড০ সুজয় ঘোষে প্রকাশ কৰা মতে, পৃথিৱীৰ আচ্ছাদনত থকা ৰাসায়নিক পদার্থ গ্রহাণুৰ বেল্টটো আছে৷ গৱেষণাৰ প্রতিবেদনত প্রকাশ পোৱা মতে, ২০১৫ চনৰ ১৩ নৱেম্বৰত অসমৰ কমাৰগাঁৱত আকাশৰ পৰা খহি পৰা উল্কাপিণ্ডটো মঙল আৰু বৃহস্পতি গ্রহৰ মাজৰ গ্রহাণু বেল্টৰ পৰা আহিছে৷

মঙল আৰু বৃহস্পতি গ্রহৰ মাজত হোৱা মহাজাগতিক পৰিঘটনাত সৃষ্ট উল্কাপিণ্ডটো মধ্যাকর্ষণ শক্তিৰ বাবে পৃথিৱীলৈ সৰি পৰিছে৷ এই উল্কাপিণ্ডটোক এল–৬ ছোনড্রাইট শ্রেণীভুক্ত৷ উল্লেখ্য যে পৃথিৱীৰ পৃষ্ঠ তিনিটা তৰফৰ দ্বাৰা গঠিত৷ তৰফকেইটা হৈছে ক্রাষ্ট, মেণ্টল আৰু ক’ৰ৷ পৃথিৱীপৃষ্ঠৰ দ্বিতীয় তৰফ মেণ্টল পৃষ্ঠৰ পৰা ৬৬০ কিলোমিটাৰ গভীৰতাৰ পৰা আৰম্ভ হৈ ২,৭০০ কিলোমিটাৰলৈ প্রসাৰিত হয়৷ পৃষ্ঠৰ পৰা পৃথিৱীৰ কেন্দ্র প্রায় ৬,৩৬০ কিলোমিটাৰ৷ গতিকে উল্কাপিণ্ডটোত থকা খনিজ পদার্থৰ অধ্যয়ন আগ্ণিয়গিৰি উদ্গীৰণ আৰু মেগমা নমুনাৰ দ্বাৰাহে অধ্যয়ন কৰিব পাৰি৷ পৃথিৱী গঠনৰ সম্ভেদ লাভ কৰাৰ লগতে ভূমিকম্প আৰু আগ্ণেয়গিৰি কার্যকলাপো অসমৰ উল্কাপিণ্ডটোৰ পৰা গৱেষণা চলাব পাৰিব বুলি প্রতিবেদনত প্রকাশ পাইছে৷

RELATED ARTICLES