peepl-small

গোলাঘাটত অজন্তা নেওগ , চতিয়াত পদ্ম হাজৰিকাৰ মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ শেষ হাঁহি

PUBLISHED:

গুৱাহাটী:আজি অনুষ্ঠিত হৈছে ৰাজ্যখনত ভোট গণনা। এতিয়ালৈকে বহুকেইটা সমষ্টিত আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও ইতিমধ্য়ে কেইজনমান প্ৰাৰ্থীয়ে জয় লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ ভিতৰত চতিয়াৰ বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকা, মাঘেৰ্টিৰ বিজেপিৰ সমষ্টি ভাস্কৰ শৰ্মা, গোলাঘাটৰ বিজেপি সমষ্টিৰ প্ৰাৰ্থী অজন্তা নেওগে জয় লাভ কৰিছে। ডিব্ৰুগড়ৰ পৰা জয় লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী প্ৰশান্ত ফুকন, বৰছলাৰ পৰা বিজেপিৰ প্ৰাৰ্থী গণেশ কুমাৰ লিম্বুয়ে জয় লাভ কৰিছে। বিহালী পৰা বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত জয় লাভ কৰিছে।  আনহাতে মৰিয়নীত কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্য়োতি কুৰ্মীয়ে জয় লাভ কৰিছে।

তিনিচুকীয়াৰ পৰা বিজেপিৰ প্ৰাৰ্থী সঞ্জয় কিষাণে জয় লাভ কৰিছে।

ইফালে পূব কোকৰাঝৰ সমষ্টিত পৰাজয়বৰণ কৰিছে বিপিএফৰ জেষ্ঠ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম। ইপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছাৰীৰ জয়ী হৈছে।

অগপৰ সভাপতি বোকাখাত সমষ্টিৰ পৰা অতুল বৰা বৃহৎ সংখ্যক ভোটত আগবাঢ়ি আছে।

RELATED ARTICLES